নিউজডেস্ক, ২৬ ডিচেম্বৰঃ বৃহস্পতিবাৰে আহমেদাবাদ-কলকাতা অভিমুখী এখন স্পাইছজেট বিমানৰ এজন যাত্ৰী হঠাৎ অসুস্থ হৈ পৰাত মধ্য প্ৰদেশৰ ইন্দোৰত জৰুৰী অৱতৰণ কৰিবলগীয়া হয় ।
উল্লেখ্য যে স্পাইছজেটৰ SG-402 নম্বৰৰ বিমানখনত যাত্ৰা কৰা জয়বিজয় বাঘু নামৰ যাত্ৰীজন অসুস্থ হৈ পৰাত বিমানখনে স্বাস্থ্যজনীত কাৰণত জৰুৰী অৱতৰণ কৰা হয় ।
ইপিনে বিমানখন ইন্দোৰ বিমান বন্দৰত অবতৰণৰ লগে লগে বিমানবন্দৰৰ পৰিচালক আৰু ভাৰতীয় বিমানবন্দৰ কর্তৃপক্ষৰ এম্বুলেন্স উপস্থিত হৈ লোকজনক বানথিয়া হাস্পতাললৈ প্ৰেৰণ কৰে । অৱশ্যে পিছত লোকজনৰ মৃত্যু ঘটে ।