সৃষ্টিকর্তাৰ অনন্য সৃষ্টি নাৰী৷ নাৰীক কেন্দ্র কৰিয়েই ব্রহ্মাণ্ডখন চলি আহিছে৷ নাৰীৰ হাতত ধৰিয়ে সলনি হৈছে বহু সভ্যতা, ইতিহাসৰ পৃষ্ঠা আৰু সংযোজিত হৈছে অনেক বর্ণিল অধ্যায়ৰ৷ আজিৰ নাৰী আধুনিক, শিক্ষিত, জ্ঞানী, বৰং পুৰুষতকৈ এঢ়াপ ওপৰত৷ শাৰীৰিকভাৱে পুৰুষতকৈ দুর্বল হ’লেও মানসিকভাৱে বহু সবল৷ ঘোঁৰাত উঠি যুদ্ধ কৰাৰ পৰা আৰম্ভ কৰি মহাকাশলৈ যোৱালৈকে নাৰীয়ে নিজৰ এখন ছবি সমাজত প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ তথাপিওচোন প্রতিদিনে নাৰী অপৰাধজনিত বিভিন্ন ঘটনা হত্যা, ধর্ষণ, যৌন উৎপীড়ন, যৌতুকৰ বাবে নাৰী হত্যা আদিয়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে৷ ৰাজহুৱা স্থান বা ঘৰতেই হওক প্রতিদিনেই পুৰুষৰ কামনাৰ বলি হ’ব লগা হয় নাৰী৷ এজনী ফুলকুমলীয়া কণমানিৰ পৰা বৃদ্ধালৈকে নির্যাতনৰ ঘটনা প্রতিদিনেই ক’ৰবাত নহয় ক’ৰবাত দেখা যায়৷ ধর্ষণৰ দৰে মহাব্যাধিয়ে কাকো সাৰি যাবলৈ দিয়া নাই৷
কল্যাণকামী দেশ এখনৰ সভ্যতা–সংস্কৃতিৰ মাপকাঠী নির্ণয় হয় সেই দেশ–সমাজৰ ধৰণী স্বৰূপ মহিলা আৰু উন্নয়নৰ ওপৰত৷ দুখৰ বিষয়, যিখন দেশত নাৰীক দেৱী বুলি পূজা কৰা হয়, সেইখন দেশতে নাৰীৰ আত্মসন্মান আৰু স্বাভিমানক এচাম পুৰুষে ভৰিৰে মোহাৰি পেলায়৷ শেহতীয়া এটা বাতৰিয়ে আমাৰো ঘৃণাত নাক কোঁচাইছে৷ ১৬ ফেব্রুৱাৰীত ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তর্গত নাহৰবাৰী গাঁৱত এখন শিক্ষানুষ্ঠানত অতি উলহ–মালহেৰে সৰস্বতী পূজা চলি থকাৰ মাজতে বিদ্যালয়খনৰ লম্পট চৰিত্রৰ এজন শিক্ষকে সুযোগ বুজি দশম শ্রেণীৰ ছাত্রী এগৰাকীৰ শালীনতা হানি কৰে৷ ১৮ ফেব্রুৱাৰীত বৈদ্যুতিন মাধ্যমৰ তিনিজন সাংবাদিকে ছাত্রীগৰাকীক সেই সন্দর্ভত প্রশ্ণৰ ওপৰত প্রশ্ণ সুধি ব্যতিব্যস্ত কৰিলে৷ সাংবাদিকৰ অত্যুৎসাহৰ বলি হৈ সেই ছাত্রীগৰাকীৰ নিৰীহ কৃষক পিতৃ মৃত্যুমুখত পৰে৷
যিখন দেশৰ প্রধানমন্ত্রীৰ পৰা ৰাষ্ট্রপতিৰ আসন নাৰীয়ে অলংকৃত কৰিছে, যিখন দেশৰ প্রধানমন্ত্রীয়ে ‘বেটী বচাও, বেটী পঢ়াও’ বুলি ভাষণ দিয়ে সেইখন দেশতে এচাম পুৰুষৰ বাবেই নাৰী সুৰক্ষিত নহয়৷ কেৱল ধ্বনিৰে কাম নিসিজে৷ তাৰ বাবে গভীৰভাৱে চিন্তা কৰি দৃষ্টান্তমূলক শাস্তি দিয়ক৷ শিক্ষা–স্বাস্থ্য, পৰিপুষ্টি, নিৰাপত্তা, গণতান্ত্রিক অধিকাৰ তথা মানৱীয় আচাৰ–নীতিৰ ক্ষেত্রত নাৰীৰ প্রতি সমাজ–ৰাষ্ট্রৰ কৰণীয় ভূমিকাই সেই দেশৰ সভ্যতাৰ মান নির্ণায়ক হৈ পৰে৷ কিন্তু সম্প্রতি দেখা গৈছে উন্নত দেশবোৰতকৈ উন্নয়নশীল দেশবোৰত কি ঘৰ, কি বাহিৰ, কি আত্মীয়–স্বজন, কি চাকৰিক্ষেত্র, কি বিনোদন৷ সকলো ক্ষেত্রতে নাৰী যৌন হাৰাশাস্তিৰ চিকাৰ হোৱাৰ নিৰাশজনক ছবি৷ দেশত নাৰী নির্যাতনৰ মাত্রাই ভাৰতৰ ঐতিহ্যত কালিমা সানিছে৷ এগৰাকী নাৰী যিয়ে সুন্দৰভাৱে এখন ঘৰ পৰিচালনা কৰে, পৰিয়ালৰ দায়িত্ব চম্ভালিবলৈ, ধন ঘটিবলৈ লোৱা পুৰুষজনক জীৱনটো সুন্দৰভাৱে আগুৱাই নিয়াৰ বাবে প্রেৰণা দিয়ে, সেইগৰাকী নাৰীক যেতিয়ালৈকে ঘৰৰ দাসীৰ দৰে ব্যৱহাৰ কৰিব নতুবা তেওঁৰ আৱেগ–নুভূতিক গুৰুত্ব নিদি গালি–গালাজ পাৰি নতুবা চৰ শোধাই নাৰীৰ ওপৰত পুৰুষত্ব দেখুওৱা হ’ব তেতিয়ালৈকে আমাৰ সমাজত কি ধৰণৰ উন্নতি হ’ব পাৰে?
যি নাৰীৰ গর্ভত সৃষ্টি ৰক্ষাৰ উত্তৰাধিকাৰীয়ে স্থিতি লয়, তেনেহেন নাৰী দেহৰ ওপৰতেই এচাম পুৰুষৰ লোলুপদৃষ্টি৷ আচলতে এচাম পুৰুষৰ এয়া এক মানসিক ৰোগ৷ সেয়ে আইন প্রণয়ন কৰিও যৌন হাৰাশাস্তিৰ ঘটনা ৰোধ কৰিব পৰা নাই৷ যি সময়ত জগতৰ মানুহ জ্ঞান–বিজ্ঞানক লৈ ব্যস্ত, ঠিক সেই সময়তে এচাম মানুহে সময় ব্যয় কৰি আছে নাৰীৰ অধিকাৰ খর্ব কৰি ৰখাৰ কুচকাৱাজত৷ যেতিয়ালৈকে পুৰুষৰ মানসিকতাৰ পৰিৱর্তন নহয়, তেতিয়ালৈকে নাৰী নির্যাতন হৈয়ে থাকিব৷ যিমানে নাৰী সবলীকৰণৰ আঁচনি বা নাৰী সুৰক্ষাৰ আইন–প্রণয়ন নকৰক কিয়, সেইবোৰ কার্যকৰী নহ’ব৷