চর্দি হ’লেই ঔষধ নাখাব…
চর্দি এটা ভাইৰাছজনিত ৰোগ৷ অৱশ্যে কেতিয়াবা এলার্জীৰ বাবেও চর্দি হ’ব পাৰে৷ সাধাৰণতে চর্দিৰ লক্ষণসমূহৰ বিষয়ে আমি জ্ঞাত৷ চর্দি ডাঙৰ ৰোগ নহ’লেও আক্রান্ত হ’লে সোনকালেই দৰবৰ প্রয়োজন আহি পৰে৷ কিন্তু চর্দি স্বনিয়ন্ত্রিত ৰোগ৷ সামান্য ধৈর্য ধৰিলেই ৰোগী নিজে নিজেই আৰোগ্য হয়৷ বজাৰত চর্দিৰ ঔষধ সহজলভ্য বাবেই ৰোগীসকলে এই অস্বস্তিৰ পৰা পৰিত্রাণ বিচাৰি ঔষধৰ আশ্রয় লয়৷ চর্দিত মানুহৰ মূৰ বিষায়৷
সম্প্রতি বজাৰত মূৰৰ বিষৰ পৰা পৰিত্রাণ পাবলৈ মালিচ কৰা বিভিন্ন মলম ওলাইছে৷ এইবোৰ কিনিবলৈ চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্রয়োজন নাই৷ বিজ্ঞাপনত এই ঔষধবোৰে দাবী কৰে যে বিভিন্ন বিষৰ এইবোৰ মহৌষধ আৰু আনি দিয়াৰ লগে লগে নিমিষতে বিষ নোহোৱা হয়৷ ৰোগীয়েও এই বিজ্ঞাপনত ভোল গৈ এই ঔষধবোৰ কিনে৷
প্রকৃততে মালিচ কৰিলে সেই নির্দিষ্ট ঠাইৰ ৰক্ত সঞ্চাৰণ আৰু তাপ বৃদ্ধি হয় বাবে বিষ তুলনামূলকভাৱে কমে৷ তেনে কৰিবলৈ কোনো মলমৰ প্রয়োজন নাই৷ গৰম পানীৰ ভাপ শুঙিলেও চর্দিৰ পৰা কিছু আৰাম পোৱা যায়৷ পৰাপক্ষত চর্দিত ঔষধ ব্যৱহাৰ কৰিব নালাগে৷ অৱশ্যে দীঘলীয়াকৈ চর্দি লাগি থাকিলে চিকিৎসকৰ পৰামর্শ ল’ব লাগে৷