বজাৰৰ পৰা অনা মাছকেইটা অলপ লৰিল৷ এনে মঙহাৰ দিনত লোকেল মাছকেইটা পেলাই দিবও নোৱাৰি৷ কি কৰা যায়৷ বাৰীত থকা নৰসিংহ (বৈজ্ঞানিক নামMurraya koenigii) গছজোপাৰ পৰা এমুঠি কোমল পাত আনি মাছকেইটা ৰন্ধা হ’ল৷ আহ সেই আঞ্জাখনৰ সোৱাদেই বেলেগ হৈ পৰিল৷ মৰা শিঙি বা মাগুৰ মাছৰ আঞ্জাত কেইটিমান নৰসিংহৰ পাত পেলাই দিলে তাৰ স্বাদেই সলনি হৈ যায়৷ জীয়া মাছৰ কথা নক’লোঁৱেইবা৷ তৰকাৰিৰ স্বাদ সলনি কৰিব পৰা আৰু মঙহাজাতীয় খাদ্য সম্ভাৰৰ পচন ভাব দূৰ কৰিব পৰা ক্ষমতাৰ বাবে নৰসিংহ আজিও আমাৰ মাজত অদ্বিতীয়৷
মছলাজাতীয় উদ্ভিদ হিচাপে জনাজাত এইবিধ গুল্মজাতীয় বৃক্ষ হিমালয়ৰ নামনি অঞ্চলত, শ্রীলংকা, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, ছিকিম, পশ্চিমবংগ, মধ্যপ্রদেশ, মহাৰাষ্ট্র, তামিলনাডু, কেৰালা, কর্ণাটক, অন্ধ্রপ্রদেশ আদিৰ লগতে অসমতো যথেষ্ট পৰিমাণে পোৱা যায়৷ এইবিধ মছলাজাতীয় উদ্ভিদৰ পাত খাদ্যপ্রাণ, খনিজ লৱণ তথা পুষ্টিমানত বাৰুকৈয়ে চহকী৷ ১০০ গ্রাম নৰসিংহৰ পাতত ৬.১ শতাংশ প্র’টিন, চর্বি ১ শতাংশ, শর্কৰা ১৬ শতাংশ, আঁহ ৬.৪ শতাংশ, তৰল ৬৬.৩ শতাংশ, লৌহ ৩.১ শতাংশ, খনিজ দ্রব্য ৪.২ শতাংশ, ৮১০ মিলিগ্রাম কেলচিয়াম, ৬০০ মিলিগ্রাম ফছফৰাছ, ১২.৬০০ আই ইউ কেৰ’টিন বা খাদ্যপ্রাণ ‘ক’, ২.৩ মিলিগ্রাম নিয়াচিন, ৪০ মিলিগ্রাম খাদ্যপ্রাণ ‘গ’ পোৱা যায়৷ নৰসিংহৰ কোমল, অল্প পৈণত আৰু পৈণত এই তিনিধৰণৰ পাত আমি ব্যৱহাৰ কৰোঁ৷ এই তিনিও ধৰণৰ পাতত থকা প্র’টিন, চর্বি বা স্নেহজাত পদার্থৰ পৰিমাণ ভিন্ন হোৱা দেখা যায়৷
তদুপৰি নৰসিংহৰ পাতত ৰাসায়নিক বিশ্লেষণ কৰিলে এছপাৰজিন, চেৰিন, এছপাৰটিক এচিড, গ্লোটামিক এচিড, থ্রেউলিন, এলানিন, প্র’লিন, টায়ৰ’চিন, টিপ্ঢফেন, আলফা এমাইন’বিউটাইৰিক এচিড, ফিনাইল এলানিন, লিউচিন, আইচলিউচিন, লাইচিন, আৰজিনিন আদিকে ধৰি বিভিন্ন ধৰণৰ এমাইন’ এচিড আৰু কোৱানিজিন নামৰ গ্রোকচাইড পোৱা যায়৷
নৰসিংহৰ কেৱল পাততেই নহয়, ইয়াৰ ছাল, মূল আৰু ফলতো আছে ৰোগ আৰোগ্যকাৰী গুণ৷
১৷ তেল, চর্বিজাতীয় খাদ্য সেৱনৰ ফলত বমি ভাব, অৰুচি আদি হ’লে–
– ৭–৮টা নৰসিংহৰ পাত থেতেলিয়াই পোৱা ৰসাখিনি ৪–৫ টোপাল নেমুৰ ৰস আৰু সামান্য বিট লৱণৰ সৈতে মিহলাই খালে উপকাৰ পোৱা যায়৷
২৷ অর্শ ৰোগ
– নৰসিংহৰ পাত ৰদত শুকাই ভাজি গুড়ি কৰি বটলত ভৰাই থ’ব৷ প্রতিদিনে এচামুচ মৌৰ সৈতে আধা চামুচ এই গুড়ি মিহলাই গৰম ভাতেৰে খাব লাগে৷
৩৷ বংশগত মধুমেহ হ’লে
– বংশগত মধুমেহত নৰসিংহৰ পাত মহৌষধ৷ প্রতিদিনে পুৱা ১০টামান সম্পূর্ণ পৈণত নোহোৱা পাত সেকি লৈ ঘোলেৰে মিহলাই খালে যথেষ্ট উপকাৰ পোৱা যায়৷
৪৷ কীট–পতংগই কামুৰিলে
– সৰু সৰু কীট–পতংগই কামুৰিলে নৰসিংহৰ পাত বটি কামোৰা ঠাইত লগাই দিব লাগে৷ ই বিষত প্রতিষেধক হিচাপে কাম কৰে৷
৫৷ বিভিন্ন ধৰণৰ উদাৰাময়ত
– পাতল শৌচ, শৌচৰ সৈতে তেজ ওলালে, পেটত বায়ু জমা হ’লে শৌচৰ সৈতে শাও পৰিলে নৰসিংহৰ পাট বটি ৰস খাব লাগে৷ ইয়াৰ পাতেৰে চুৰুহা কৰি খালেও উপকাৰ পোৱা যায়৷ কাঁচকলৰ সৈতে নৰসিংহৰ পাতৰ জোল ৰান্ধি খালেও উপকাৰ পোৱা যায়৷
নৰসিংহৰ ৭–৮টা পাত তেলত ভাজি দৈৰ ঘোলত দুঘণ্টা তিয়াই থৈ বিট লৱণেৰে খাব লাগে৷
৬৷ মেদ কমাবলৈ বা মেদবহুল নহ’বলৈ
পুৱা ১০টামান কেঁচা বা সম্পূর্ণ পৈণত নোহোৱা পাত সেকি লৈ ভাতেৰে মিহলাই খালে যথেষ্ট উপকাৰ পোৱা যায়৷
৭৷ মূত্র কৃচ্ছ্র ৰোগত
নৰসিংহৰ পাত ভালদৰে বটি তলপেটত লেপ দিব থ’ব লাগে৷
৮৷ কোষ্ঠবদ্ধতা হ’লে
কোষ্ঠকাঠিন্য হৈ তলপেটত বিষ হ’লে নৰসিংহৰ পাতৰ ৰস এবাৰত ২ চামুচকৈ দিনত ৩–৪ বাৰ খালে শৌচ খোলা হয় আৰু বিষ কমে৷
৯৷ নাভিৰ বিষ আৰু পেটত কামোৰণি হ’লে
নৰসিংহৰ পাতৰ ৰস এবাৰত দুই চামুচকৈ দিনত ২–৩বাৰ খাব লাগে আৰু নাকেৰে ২–৩ টোপাল ৰস টানি ল’ব লাগে৷
১০৷ নখৰ ৰোগ হ’লে
নখৰ চকুত বীজাণু সোমাই বিষৰ সৃষ্টি হ’লে নৰসিংহৰ পাতৰ ৰস খাব লাগে৷
১১৷ কফ জমা হৈ ওলাই নাহিলে
নৰসিংহৰ পাতৰ ৰস এবাৰত ৩ চামুচ অলপ মৌৰে দিনত ২–৩বাৰ খাব লাগে৷
১২৷ দাতৰ গুৰিৰে তেজ ওলালে
নৰসিংহৰ পাত শাক হিচাপে আঞ্জা ৰান্ধি খাব লাগে৷
১৩৷ বাতৰোগত
বিভিন্ন ধৰণৰ বাতজনিত ৰোগত নৰসিংহৰ পাতৰ ৰস এবাৰত ২ চামুচকৈ দিনে ৩ বাৰকৈ কিছুদিন খাব লাগে৷
১৪৷ জ্বৰ হ’লে
নৰসিংহৰ পাতৰ ৰস তিনি চামুচ, এচামুচ মৌ মিহলাই দিনত ২ বাৰকৈ খাব লাগে৷