নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই মহিলাৰ প্রতিদ্বন্দ্বিতাত আকর্ষণীয় হৈছে বটদ্রৱাৰ নির্বাচনী যুঁজ

নাচি–বাগি ভোটাৰৰ মাজত আঙুৰলতাঃ সংখ্যালঘুৰ উন্নয়নৰ প্রতিশ্রুতি শিৱামণি বৰাৰ

নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ এইবাৰৰ নির্বাচনত অসমৰ ভিতৰত অন্যতম চর্চাত থকা সমষ্টিটো হ’ল বটদ্রৱা সমষ্টি৷ সমষ্টিটোত দুটা প্রধান ৰাজনৈতিক দলৰ পৰা দুগৰাকী মহিলাই প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ অগপ–বিজেপি–তিৱা মিত্রজেজাটৰ হৈ বর্তমানৰ বিধায়িকা আঙুৰলতা ডেকাৰ বিপৰীতে কংগ্রেছৰ হৈ শিৱামণি বৰাই প্রার্থিত্ব আগবঢ়াইছে৷ মিত্রজোঁটৰ আঙুৰলতা ডেকাক পৰাভূত কৰাৰ বাবে বদ্ধপৰিকৰ হছে কংগ্রেছ৷ আগবঢ়াইছে প্রাক্তন মুখ্যমন্ত্রী গোলাপ বৰবৰাৰ বোৱাৰী তথা প্রাক্তন কংগ্রেছ বিধায়ক কিৰণ বৰাৰ জীয়ৰী শিৱামণি বৰাক৷ বিডি’ৰ দৰে লোভনীয় চৰকাৰী পদবী ইস্তফা দি শিৱামণিয়ে এইবাৰ এঘড়ী যুঁজিব আঙুৰলতাৰ বিৰুদ্ধে৷ আনহাতে উন্নয়নমূলক কাম–কাজেৰে ৰাইজৰ আশিস লাভ কৰিম বুলি আত্মবিশ্বাসেৰে যুঁজিবলৈ আগবাঢ়িছে আঙুৰলতা ডেকা৷ নির্বাচনলৈ দুসপ্তাহ বাকী থকাৰ সময়ছোৱাত আকর্ষণীয় হৈছে নির্বাচনী দৃশ্যপট৷ কংগ্রেছ প্রার্থী শিৱামণিয়ে সংখ্যালঘুৰ উন্নয়ন নাই হোৱা বুলি কৈ আঙুৰলতা ডেকা আৰু বিজেপিক গালি–গালাজেৰে প্রচাৰ চলাই আগবঢ়াৰ চেষ্টা চলাইছে৷ আনহাতে আজি ব্যতিক্রম দেখা গ’ল আন এগৰাকী প্রার্থীক৷ সমষ্টিটোত জনতা দল ইউনাইটেডৰ প্রার্থী অনুপম বৰুৱাই ঘোষা মাতি ৰাইজলৈ প্রণাম জনাই কোনো প্রার্থীক আক্রমণৰ লক্ষ্য নকৰাকৈ প্রচাৰ চলায়৷

আনহাতে বিধায়িকা আঙুৰলতা ডেকাক আজি জামুগুৰিত আইমাতৃসকলৰ লগত নামৰ ধ্বনিত, ঢ়োলৰ ছেওত নাচি–বাগি মছগুল হোৱা দেখা গ’ল৷ নগাঁও জিলাৰ ঐতিহাসিক জামুগুৰি গৰখীয়া থানত সেৱা গ্রহণ কৰি ৰাইজক আঙুৰলতাই ক’লে– হৰিনামৰ ধ্বনিয়ে মনটোক প্রফুল্ল কৰি তোলাৰ লগতে ভক্তি ভাবনাৰে জীপাল কৰি তোলে৷ এইদৰে ক’ৰবাত যদি বটদ্রৱা প্রকল্পৰ দৰে বহুমুখী ভৱিষ্যদর্শন প্রকল্পৰ কথাকৈ প্রচাৰৰ শীর্ষত থাকি ‘আঙুৰলতা ডেকা জিন্দাবাদ’ ‘বিজেপি জিন্দাবাদ’ ধ্বনি দিয়া দেখা গৈছে আন ক’ৰবাত শিৱামণি জিন্দাবাদ ধ্বনি৷ কিছু সংখ্যালঘু জনবসতিপ্রধান অঞ্চলত মতিউৰ জিন্দাবাদ ধ্বনিৰে আকাশ–বতাহ কঁপাই তুলিছে৷ আজি নির্দলীয় প্রার্থী তথা এ আই ইউ ডি এফৰ প্রাক্তন নেতা মতিউৰ ৰহমানে নির্বাচন সন্দর্ভত বক্তব্য ৰাখি কয় যে মই মনোনয়ন–পত্র দাখিলৰ দিনাই মহাজোঁটবন্ধনৰ কংগ্রেছৰ মনোনীত প্রার্থী শিৱামণি বৰাই পৰাজিত হৈছে৷ মতিউৰৰ প্রতিদ্বন্দ্বিতা বিজেপিৰ আঙুৰলতা ডেকাৰ লগতহে হ’ব৷ মতিউৰেহে সাম্প্রদায়িক বিজেপিক পৰাভূত কৰিব পাৰিব৷ বটদ্রৱাত মহাজোঁট সফল হ’বলৈ নিদিওঁ৷ মহাজোঁটবন্ধনক লৈ এ আই ইউ ডি এফৰ কর্মী–সমর্থকসকল্ অসন্তুষ্ট৷ প্রথম পর্যায়ত অনুষ্ঠিত হ’বলগীয়া ৪৭টা সমষ্টিৰ মাথোন ধিং সমষ্টিতহে এ আই ইউ ডি এফ দলক আসন এৰি দিছে৷ এনেবোৰ কাৰণতে বিধানসভাৰ নির্বাচনত কংগ্রেছ কর্মীৰ ভোট এ আই ইউ ডি এফলৈ আৰু এ আই ইউ ডি এফৰ ভোট কংগ্রেছলৈ নাযাব বুলি ক’লে– বটদ্রৱাৰ নির্দলীয় প্রার্থী তথা এ আই ইউ ডি এফৰ সদ্যপ্রাক্তন সাধাৰণ সম্পাদক মতিউৰ ৰহমানে৷ এনেদৰেই এতিয়া বটদ্রৱাত নির্বাচনৰ গৰম বতাহ ব’বলৈ আৰম্ভ কৰিছে৷

You might also like