ৰাজনৈতিক লাভালাভৰ বাবেহে ‘কা’ আনিছে বিজেপিয়ে
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বিজেপিয়ে ৰাজনৈতিক লাভালাভৰ অংক কৰিছে৷– এই মন্তব্য প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ৷
বৃহস্পতিবাৰে মহানগৰীৰ অম্বৰীশ হোটেলত এখন সংবাদ মেল সম্বোধন কৰি মহন্তই কয় যে বাংলাদেশত কোনো হিন্দু লোক ধর্মীয় উৎপীড়নৰ বলি হোৱা নাই৷ চুবুৰীয়া দেশখনত থকা হিন্দুসকলৰ হাতত মাটিৰ অধিকাৰ আছে৷ গতিকে ভূমিক লৈ কিছু ঘটনা সংঘটিত হ’ব পাৰে৷ কিন্তু ধর্মীয় নির্যাতনৰ বলি হোৱা নাই৷ তাত পূর্বতকৈ দুর্গাপূজাৰ সংখ্যাও বাঢ়িছে৷
ইফালে, ‘কা’বিৰোধী আন্দোলনক লৈ অগপত সৃষ্টি হোৱা মতানৈক্য সন্দর্ভত মহন্তই কয়– তৃণমূল কর্মীসকলে বহুকেইখন জিলাত ‘কা’ৰ বিৰুদ্ধে আৰু নেতৃত্বৰ বিৰুদ্ধে প্রতিবাদ কৰিছে৷
আনহাতে, ৭ জানুৱাৰীত গুৱাহাটীত এই সন্দর্ভত দলীয় কর্মীসকলে এখন সভা অনুষ্ঠিত কৰিব৷ গুৱাহাটী জিলা সমিতিৰ উদ্যোগত হ’বলগীয়া এই সভাত নিশ্চিতভাৱে বিষয়বোৰ আলোচনা হ’ব৷ দলত চলি থকা মতানৈক্যৰ বাবে দলটো পুনৰ দুভাগ হ’ব নেকি বুলি সাংবাদিকে উত্থাপন কৰা প্রশ্ণৰ উত্তৰত প্রাক্তন মুখ্যমন্ত্রীজনে কয় যে অগপক দুভাগত বিভক্ত হ’বলৈ দিয়া নহ’ব৷ দলৰ স্বার্থত মই সভাপতিৰ পৰা তিনিবাৰ পদত্যাগ কৰিছোঁ৷ অসম আন্দোলনৰ সংগ্রামী মঞ্চৰ পৰা ‘কেব’ৰ বিৰুদ্ধে কেইবাটাও আন্দোলনৰ কার্যসূচী লওঁতে বহুতে আমাক ৰাজনৈতিক উদ্দেশ্যৰে এইবোৰ কৰা বুলি কৈছিল৷ এতিয়া সকলোৱে বুজিছে বিষয়টো৷ দৰাচলতে অসমীয়া লোকে কিবা এটা কৰাৰ বাবে বহু পলমকৈ সিদ্ধান্ত লয়, যাৰ বাবে দিল্লীয়ে সুযোগ ল’বলৈ সুবিধা পায়৷
সংবাদ মেলত মহন্তই ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে সৰৱ হয়৷ নাম নোলোৱাকৈ মহন্তই মন্ত্রীগৰাকীয়ে আছু, কংগ্রেছক বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ তোলাৰ লগতে বিজেপিকো বিশ্বাসঘাতকতা কৰিব বুলি কয়৷ গড়কাপ্টানী বিভাগটো এতিয়া সোণৰ কণী পৰা হাঁহৰ লেখীয়া হৈছে বুলিও কটাক্ষ কৰে৷