ঘৰ-সংসাৰ এৰি সন্ন্যাসী হ’ল নেকি ট্ৰাম্প?
বগা ৰঙৰ ডনাল্ড ট্ৰাম্পৰ প্ৰতিমূৰ্তি। বহি আছে থিক যেন গৌতম বুদ্ধৰ দৰেই। যেন প্ৰাক্তন আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী ধ্যানত মগ্ন হৈ আছে। শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে ট্ৰাম্পৰ এনে এটা মূৰ্তিৰ ছবি। কেৱল ছবি ভাইৰেলেই নহয়, ট্ৰাম্পৰ এই প্ৰতিমূৰ্তি চীনৰ এটা ই-কমাৰ্চ ৱেবছাইটত তীব্ৰগতিত বিক্ৰী হৈছে। ইয়াৰ মূল্য হৈছে ৩৯৯৯ ইয়ান অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৪৫,০০০ টকা।
জো বাইডেনৰ হাতত পৰাস্ত হৈ ট্ৰাম্পে হেৰুৱাইছিল ৰাষ্ট্ৰপতিৰ পদ। কিন্তু এই মূৰ্তিৰ বাবেই প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আকৌ এবাৰ সংবাদ শিৰোনাম লাভ কৰিছে।
জনা গৈছে, ডনাল্ড ট্ৰাম্পৰ এই প্ৰতিমূৰ্তি Taobao নামৰ চীনা ই-কমাৰ্চ ছাইটত বিক্ৰী কৰা হৈছে। ইপিনে চীনা ই-কমাৰ্চ ছাইটত মুঠ দুই প্ৰকাৰৰ মূৰ্তি উপলব্ধ। ৪.৬ মিটাৰ মূৰ্তিৰ মূল্য ৪৪,৭০৭ টকা। অন্যহাতে, ১.৬ মিটাৰ উচ্চতাৰ মূৰ্তিৰ দাম ভাৰতীয় মুদ্ৰাৰ মূল্যত ১১,১৬৮ টকা।
ইয়াতেই শেষ নহয়, এই ৱেবছাইটত মূর্তিটো সম্বন্ধে লিখা হৈছে, “ট্রাম্প বুদ্ধই বৌদ্ধ ধর্ম সম্পর্কে সকলোতকৈ ভালকৈ জানে।”