নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোটগ্রহণৰ তিনিওটা দিনতে ৰাজ্যত ৰাজহুৱা বন্ধ ঘোষণা

এনআই এক্টৰ অধীনত অধিসূচনা

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ বিধানসভা নির্বাচনৰ ভোটগ্রহণ অনুষ্ঠিতব্য তিনিওটা দিনেই ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে৷ এই সন্দর্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে পৃথকে জাৰি কৰা তিনিখন অধিসূচনা অনুসৰি অসম বিধানসভা নির্বাচনৰ ভোটগ্রহণ পর্ব সম্পন্ন হ’ব লগা দিনকেইটা ‘এন আই এক্ট–১৮৮১’ৰ ২৫ ধাৰাৰ অধীনত সংশ্লিষ্ট বিধানসভা সমষ্টিৰ বাবে ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে৷ জনস্বার্থৰ খাটিৰত জাৰি কৰা এই বন্ধৰ অধিসূচনা অনুসৰি প্রথম পর্যায়ত ভোটগ্রহণ হ’ব লগা ৪৭টা বিধানসভা সমষ্টিৰ বাবে অহা ২৭ মার্চ, দ্বিতীয় পর্যায়ৰ ভোটগ্রহণ পর্বই সামৰিব লগা ৩৯টা বিধানসভা সমষ্টিত অহা ১ এপ্রিল আৰু অন্তিম পর্যায়ত ভোটগ্রহণ পর্ব অনুষ্ঠিত হ’ব লগা ৪০টা বিধানসভা সমষ্টিত অহা ৬ এপ্রিলত এই ৰাজহুৱা বন্ধৰ দিন প্রযোজ্য হ’ব৷ এই ৰাজহুৱা বন্ধৰ জাননী অনুসৰি প্রতিটো পর্যায়তে ভোটগ্রহণ পর্ব অনুষ্ঠিত হ’ব লগা বিধানসভা সমষ্টিসমূহৰ এলেকাধীন সকলো চৰকাৰী–বেচৰকাৰী কার্যালয়, পঞ্চায়তীৰাজ প্রতিষ্ঠান, নগৰাঞ্চলৰ স্থানীয় নিকায়, শিক্ষানুষ্ঠানৰ লগতে বেংক, চাহ বাগিচা, কল–কাৰখানা আদি সকলো ব্যৱসায়িক প্রতিষ্ঠান ভোটগ্রহণৰ দিনটোত বন্ধ থাকিব৷

উল্লেখ্য যে প্রথম পর্যায়ত অহা ২৭ মার্চত শদিয়া, ডুমডুমা, ডিগবৈ, মার্ঘেৰিটা, তিনিচুকীয়া, চাবুৱা, নাহৰকটীয়া, টিংখাং, দুলীয়াজান, লাহোৱাল, ডিব্রুগড, মৰাণ, জোনাই, ধেমাজি, ঢ়কুৱাখনা, লখিমপুৰ, নাওবৈচা, বিহপুৰীয়া, শিৱসাগৰ, থাওৰা, সোণাৰি, মাহমৰা, নাজিৰা, আমগুৰি, টীয়ক, মৰিয়নি, তিতাবৰ, মাজুলী, যোৰহাট, দেৰগাঁও, খুমটাই, গোলাঘাট, সৰুপথাৰ, বোকাখাত, কলিয়াবৰ, চামগুৰি, ৰূপহীহাট, বটদ্রৱা, ধিং, গহপুৰ, বিহালী, বিশ্বনাথ, চতিয়া, ৰঙাপাৰা, তেজপুৰ, বৰচলা আৰু ঢ়েকীয়াজুলিত ভোটগ্রহণ কৰা হ’ব৷ একেদৰে দ্বিতীয় পর্যায়ত অহা ১ এপ্রিলত লামডিং, হোজাই, যমুনামুখ, বঢ়মপুৰ, নগাঁও, ৰহা, লাহৰীঘাট, মৰিগাঁও, জাগীৰোড, মাজবাট, ওদালগুৰি, দলগাঁও, মঙলদৈ, ছিপাঝাৰ, কলাইগাঁও, পানেৰী, নলবাৰী, ৰঙিয়া, কমলপুৰ, বৈঠালাংছ’, ডিফু, হাওৰাঘাট, বোকাজান, হাফলং, কাটিগৰা, বৰখোলা, লক্ষীপুৰ, উদাৰবন্দ, ধলাই, সোণাই, শিলচৰ, আলগাপুৰ, কাটলিচেৰা, হাইলাকান্দি, বদৰপুৰ, কৰিমগঞ্জ (উত্তৰ), কৰিমগঞ্জ (দক্ষিণ), পাথাৰকান্দি আৰু ৰাতাবাৰীত ভোটগ্রহণ পর্ব সম্পন্ন হ’ব৷ আনহাতে, তৃতীয় তথা অন্তিম পর্যায়ত অহা ৬ এপ্রিলত ভোটগ্রহণ হ’ব লগা বিধানসভা সমষ্টিকেইটা হৈছে চাপাগুৰি, বৰমা, ধর্মপুৰ, বৰক্ষেত্রী, তামুলপুৰ, হাজো, গুৱাহাটী (পূব), গুৱাহাটী (পশ্চিম), দিছপুৰ, জালুকবাৰী, পলাশবাৰী, ছয়গাঁও, বকো, চেঙা, সৰুক্ষেত্রী, বাঘবৰ, জনিয়া, বৰপেটা, পাটাছাৰকুছি, ভৱানীপুৰ, সৰভোগ, জলেশ্বৰ, গোৱালপাৰা (পূব), গোৱালপাৰা (পশ্চিম), দুধনৈ, অভয়াপুৰী (দক্ষিণ), অভয়াপুৰী (উত্তৰ), বিজনী, বঙাইগাঁও, চিদলী, কোকৰাঝাৰ (পূব), কোকৰাঝাৰ (পশ্চিম), গোসাঁইগাঁও, বিলাসীপাৰা (পূব), বিলাসীপাৰা (পশ্চিম), গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, দক্ষিণ শালমাৰা আৰু মানকাচৰ৷

You might also like