নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশাল বাইক ৰেলীৰে অতুল বৰাৰ চমক

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে নিজ নিজ দলৰ প্রার্থীক জয় কৰাৰ উদ্দেশ্যে নির্বাচনী প্রচাৰ অভিযান তুংগত কৰি তুলিছে৷ ৫২নং দিছপুৰ সমষ্টিৰ বিজেপি প্রার্থী অতুল বৰায়ো দিনে–নিশাই নির্বাচনী প্রচাৰ আৰম্ভ কৰিছে৷ শেহতীয়াভাৱে প্রার্থী অতুল বৰাই পানীখাইতীৰ ৰে’লগেটত চন্দ্রপুৰ মণ্ডল বিজেপিৰ মুখ্য নির্বাচনী কার্যালয়ৰ উদ্বোধন কৰে৷ দেওবাৰে পুৱা চন্দ্রপুৰ মণ্ডল বিজেপিৰ কর্মীসকলে বিশাল বাইক ৰেলীৰে প্রার্থী অতুল বৰাক বোন্দাৰ পৰা কার্যালয় প্রাংগণলৈ আদৰি আনে৷

ইয়াৰে পিছতে অনুষ্ঠিত সভাখনত বিধায়কগৰাকীয়ে বিজেপিৰ কর্মীসকলক উদ্দেশ্যি দিয়া ভাষণত কয় যে বিজেপি দলে চৰকাৰ গঠন কৰাটো নিশ্চিত, সেয়েহে ৰাইজক আন ৰাজনৈতিক দলৰ প্রলোভনত পৰি বিচলিত নহ’বলৈ আহ্বান জনায়৷ লগতে দলীয় কর্মীসকলক দিছপুৰ সমষ্টিৰ প্রতিটো পৰিয়ালৰ ওচৰলৈ গৈ বিজেপি চৰকাৰৰ দিনত হোৱা উন্নতিৰ বিষয়ে অৱগত কৰিবলৈ আহ্বান জনায়৷

প্রার্থী অতুল বৰাই স্পষ্টকৈ কয় যে প্রায় ৪ লাখ ভোটাৰ থকা দিছপুৰ সমষ্টিত এইবাৰ তেওঁ প্রায় ২ লাখতকৈ অধিক ভোটৰ ব্যৱধানত জয়যুক্ত হ’বলৈ সক্ষম হ’ব৷ দেওবাৰৰ সভাত জিলা সভাপতি মৃগেন শৰণীয়া, দিছপুৰ সমষ্টিৰ প্রভাৰী আদিত্য ঝা, এছ চি মর্চাৰ ৰাজ্যিক সভাপতি নৱাৰুণ মেধি, চন্দ্রপুৰ মণ্ডলৰ প্রভাৰী জবা ইংতি, গুৱাহাটী মহানগৰ জিলা উপ–সভাপতি দিলীপ মেধি, সাধাৰণ সম্পাদক অমৰজ্যোতি ডেকা, চন্দ্রপুৰ মণ্ডলৰ সভানেত্রী ৰমে টেৰণ, দিছপুৰ সমষ্টিৰ সংযোজক ৰঞ্জন চেতিয়াৰ লগতে চন্দ্রপুৰ মণ্ডলৰ প্রায় তিনি শতাধিক দলীয় কর্মী উপস্থিত আছিল৷ কালিৰ সভাখনত বিভিন্ন দলৰ প্রায় অর্ধশতাধিক কর্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷

You might also like