অতিৰিক্ত মদ্যপানে পৰিৱৰ্তন কৰিব পাৰে আপোনাৰ ডি এন এ, গৱেষণাত প্ৰকাশ
নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ মাত্ৰাধিক মদ্যপানে আপোনাৰ শৰীৰৰ নানা ক্ষতি কৰাৰ বিষয়ে আপুনি জ্ঞাত। কিন্তু শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে যে মাত্ৰাধিক মদ্যপানে পুৰুষৰ ডি এন এ পৰ্যন্ত পৰিৱৰ্তন কৰি পেলাব পাৰে।
এই বছৰতে কৰা নতুন অধ্যয়নে প্ৰমাণ কৰিছে যে অত্যধিক সুৰা গ্ৰহণে পুৰুষৰ শৰীৰত এক বিশেষ পৰিৱৰ্তন আনিব পাৰে। পুৰুষৰ ডিএনএৰ গাঁথনি সলনি হ’ব পাৰে। অধ্যয়নৰ দ্বাৰা এইটোও প্ৰমাণ পোৱা গৈছে যে মদ্যপান ত্যাগ কৰিলেও বা ইয়াৰ পৰিমাণ হ্ৰাস কৰিলেও ডিএনএ পৰিৱৰ্তন পৰৱৰ্তী ৩ মাহৰ বাবে তেওঁলোকৰ শৰীৰত চলিব পাৰে আৰু কাৰ্যকৰী হ’ব পাৰে।
বাংগালুৰুৰ নেচনেল ইনষ্টিটিউট অৱ মেণ্টেল হেল্থ এণ্ড নিউৰোছায়েঞ্চৰ প্ৰতিবেদন মতে, এয়া সুৰাপানৰ পৰা হোৱা একপ্ৰকাৰৰ বিকাৰ। কোনো ব্যক্তিয়ে সুৰাৰ পৰা মুক্তি পাবলৈ সুৰাপান বন্ধ কৰে যদিও আৰোগ্য হোৱাৰ পাছতো অসুস্থ হৈ পৰা দেখা য়ায়।
ইতিমধ্যে সুৰাপানজনিত সমস্যাত ভুগি থকা ২১ ৰ পৰা ৪০ বছৰ বয়সৰ ২০ জন পুৰুষৰ ওপৰত এই অধ্যয়ন কৰা হৈছিল। অধ্যয়নটোত তেওঁলোকৰ দেহত ডি এন এ পৰিৱৰ্তন ধৰা পৰিছিল।
উল্লেখ্য, মদ্যপানৰ ফলত দীৰ্ঘকালজুৰি ইয়াত থকা মিথাইল ডি এন এৰে সংযোজিত হোৱাৰ বাবে ডি এন এৰ পৰিৱৰ্তন হোৱা দেখা যায়।