নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুটাকৈ বন্যহস্তীক হত্যা কৰি দাঁত–শুঁৰ কাটি নিলে চোৰাং চিকাৰীয়ে

ৰাণী বনাঞ্চলত বনদুস্যৰ ভয়ংকৰ সন্ত্রাস

নিয়মীয়া বাৰ্তা ২৬ মাৰ্চঃ ৰাজ্যত অব্যাহত আছে বনদস্যুৰ সন্ত্রাস৷ বন বিভাগৰ একাংশ দুর্নীতিগ্রস্ত বিষয়াৰ ছত্রছায়াত একাংশ বনদস্যুৱে বনাঞ্চল ধ্বংস অব্যাহত ৰখাৰ সমান্তৰালকৈ বন্যহস্তীৰ নিধনযজ্ঞ চলাই অহাৰ তথ্য পোহৰলৈ আহিছে৷ শেহতীয়াকৈ অসম–মেঘালয় সীমান্তৱর্তী ৰাণী বনাঞ্চলত দুটাকৈ বন্যহস্তীৰ দাঁত আৰু শুঁৰ বনদস্যুৱে কাটি নিয়াৰ উদ্বেগজনক আৰু ভয়াৱহ তথ্যই বন বিভাগৰ ভিতৰচ’ৰাত তীব্র জোকাৰণি সৃষ্টি কৰিছে

৷ বন বিভাগে ৰাণী বনাঞ্চলৰ পৰা চোৰাং চিকাৰীয়ে দুটাকৈ বন্যহস্তীৰ দাঁত–শুঁৰ কাটি নিয়া ঘটনাটো গাপ দি ৰাখিছিল৷ বন্যহস্তীৰে সহবাস কৰা ৰাণী ছাটাৰগাঁৱৰ কেইজনমান যুৱকে খৰি কাটিবলৈ বনাঞ্চলৰ ভিতৰত প্রৱেশ কৰাৰ পাছতেই দুটাকৈ বন্যহস্তীৰ মৃতদেহ প্রত্যক্ষ কৰে৷ ইয়াৰে এটা বন্যহস্তীৰ শুঁৰ আৰু দাঁত কটা অৱস্থাত প্রত্যক্ষ কৰাৰ লগতে আনটো বন্যহস্তীৰ ছাল, হাড়, মূৰৰ অৱশিষ্টহে দেখা পায়৷ প্রত্যক্ষদর্শীৰ ভাষ্য অনুসৰি বনাঞ্চলৰ ভিতৰত বন্যহস্তীৰ মৃতদেহ দুটা থকা স্থানত বাঁহৰ জোং পুতি থোৱা আছে৷ সম্ভৱতঃ বনাঞ্চলত বাহৰ জোং পুতি চোৰাং চিকাৰিয়ে বন্যহস্তী দুটাক হত্যা কৰি দাঁত আৰু শুঁৰ কাটি নিয়ে৷ কিমান দিন পূর্বে বন্যহস্তী দুটা হত্যা কৰা হৈছিল, সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনতহে স্পষ্ট হ’ব৷

স্থানীয় বাসিন্দাই জানিবলৈ দিয়া মতে, মাজে–সময়ে অঞ্চলটোলৈ সন্দেহজনক লোকৰ আগমন হয়৷ উল্লেখ্য যে পূব কামৰূপ বন সংমণ্ডল প্রাধিকাৰীৰ অধীনস্থ ৰাণী আঞ্চলিক বন বিষয়াৰ কার্যালয়ৰ একাংশ অসাধু বন বিষয়াৰ ছত্রছায়াতে বনদস্যুৱে বনাঞ্চলত অবাধ ধ্বংসযজ্ঞ অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ৰাণীৰ আঞ্চলিক বন বিষয়া মনোৰঞ্জন বর্মনৰ পৃষ্ঠপোষকতাত একাংশ বনদস্যুৱে বনাঞ্চল ধ্বংস কৰি অহাৰ সমান্তৰালকৈ বন্যহস্তীৰ নিধনযজ্ঞ চলাই অহা বিষয়টোক লৈ সর্বত্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ ইফালে, বন বিভাগৰ উচ্চপদস্থ বিষয়াই বন্যহস্তীক হত্যা কৰি চোৰাং চিকাৰীয়ে দাঁত আৰু শুঁৰ কাটি নিয়া ঘটনা সন্দর্ভত ৰহস্যজনকভাৱে অজ্ঞতা প্রকাশ কৰিছে৷ বন বিভাগৰ নির্বিকাৰ ভূমিকাৰ বাবেই ৰাণী বনাঞ্চলত বনদস্যুৱে দুটাকৈ বন্যহস্তী হত্যা কৰি দাঁত আৰু শুঁৰ কাটি নিয়াৰ দৰে ভয়াৱহ ঘটনা সংঘটিত হ’ল৷ শীঘ্রে বন বিভাগে ৰাণী বনাঞ্চল আৰু বন্যপ্রাণী সুৰক্ষাৰ বাবে ব্যৱস্থা গ্রহণ নকৰিলে ভৱিষ্যতে ৰাণী বনাঞ্চলত লুপ্ত হ’ব বন্যহস্তী৷ গুৱাহাটীৰ মাজমজিয়াৰ পৰাই চোৰাং চিকাৰীয়ে বন্যহস্তী হত্যা কৰি দাঁত–শুঁৰ কাটি নিয়া বিষয়টো বন বিভাগৰ উচ্চপদস্থ বিষয়াই কিদৰে গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like