নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্দোলনৰ সুযোগ লৈ ছিণ্ডিকেটৰাজঃ অসম অভিমুখে ৩০০০ ট্ৰাক বাৰ্মিজ চুপাৰি

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱল গণআন্দোলন অব্যাহত থকাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে বৰাক উপত্যকাৰ ছিণ্ডিকেট বাহিনীয়ে । অসমৰ পৰিৱেশ-পৰিস্থিতি অস্থিৰ হৈ থকাৰ সুযোগ লৈ ছিণ্ডিকেট বাহিনীটোৱে পুনৰ আৰম্ভ কৰিছে বাৰ্মিজ চুপাৰিৰ বিয়াগোম কাৰবাৰ । এই অবৈধ চোৰাং ব্যৱসায়ত হাত উজান দিছে ৰাজ্য চৰকাৰৰ আৰক্ষী-প্ৰশাসনে । আৰক্ষী-প্ৰশাসনৰ সেউজ সংকেত পোৱাৰ পাছতে ম্যানমাৰৰ পৰা অসম অভিমুখে ৰাওনা হৈছে ৩,০০০ বার্মিজ চুপাৰিভর্তি ট্রাক ৷ ইতিমধ্যে কাছাৰ জিলাৰ মাজেৰে মেঘালয়ত ২০০খন চুপাৰিৰ ট্রাক প্রৱেশ কৰাৰ বিস্তৃত তথ্য ‘নিয়মীয়া বার্তা’ৰ হাতত আহি পৰিছে ৷

উল্লেখ্য যে কেইমাহমান পূর্বে গুৱাহাটী মহানগৰীত মহানগৰ আৰক্ষীয়ে জব্দ কৰিছিল ২৫খনকৈ বার্মিজ চুপাৰিভর্তি ট্রাক ৷ এই ট্রাককেইখনত আছিল কেইবা কোটি টকাৰ চোৰাং চুপাৰি ৷ ছিণ্ডিকেট লবীৰ হেঁচাত মহানগৰ আৰক্ষীয়ে অবৈধ চুপাৰি সৰবৰাহ কৰা ট্রাককেইখন মোকলাই দিব লৈছিল যদিও উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত সেই অভিসন্ধি ব্যর্থ হয় ৷ তেতিয়াৰ পৰা অসমৰ মাজেৰে চলি থকা বার্মিজ চুপাৰিৰ চোৰাং ব্যৱসায় স্তিমিত হৈ পৰে ৷ কিন্তু শেহতীয়াকৈ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলন তীব্রতৰ হৈ পৰাত এই চোৰাং ব্যৱসায়ৰ প্রতি ৰাইজৰ নজৰ কমি আহে ৷ ইয়াৰে পূর্ণ সুযোগ লৈ চুপাৰি মাফিয়া চক্রটো পুনৰ তৎপৰ হৈ উঠিছে ৷ বৰাক উপত্যকাৰ চোৰাং চুপাৰি ব্যৱসায়ৰ মূল কাণ্ডাৰী হিচাপে পৰিচিত অঞ্জন পাল, দীপাংকৰ দেৱ, জাকিৰ হুছেইনে কেইবাগৰাকীও আৰক্ষী–প্রশাসনৰ শীর্ষ বিষয়াৰ লগত বুজাবুজিলৈ আহে আৰু তৎকালীনভাৱে এই অবৈধ ব্যৱসায় আৰম্ভ কৰি দিয়ে ৷ তেওঁলোকৰ নেতৃত্বতে ম্যানমাৰৰ পৰা ৩,০০০ চুপাৰিভর্তি ট্রাক অসম অভিমুখে ৰাওনা হোৱাৰ খবৰ পোৱা গৈছে ৷

ছিণ্ডিকেট বাহিনীৰ পৰিকল্পনা অনুসৰি প্রতিনিশা তেওঁলোকে ১০০খন চুপাৰিভর্তি ট্রাক কাছাৰ–মেঘালয়–অসমৰ মাজেৰে বহিঃৰাজ্যলৈ প্রেৰণ কৰিব ৷ প্রতিখন ট্রাক সৰবৰাহৰ বিনিময়ত নির্দিষ্ট বিষয়া–আমোলাক ১ লাখকৈ টকা দিয়া হ’ব ৷ প্রথম ১০০খন ট্রাক কাছাৰৰ মাজেৰে পাৰ হ’বলৈ অনুমতি দিয়াৰ বিনিময়ত ইতিমধ্যে আদায় দিয়া হৈছে ১ কোটি টকা ৷ জনৈক ৰায় নামৰ এজন ব্যক্তিয়ে এখন ক’লা দুচকীয়া বাহনত এই ধন এক নির্দিষ্ট স্থানত আদায় দিয়া বুলি বিশ্বস্ত সূত্রই জানিবলৈ দিছে ৷ পৰৱর্তী সময়তো ‘ৰায়’ৰ জৰিয়তেই ধনৰ লেনদেন চলি থকাৰ খবৰ পোৱা গৈছে ৷ এইদৰে ছিণ্ডিকেট বাহিনীয়ে কাছাৰ সীমান্তৰে মেঘালয়লৈ অনা দুশখন ট্রাকৰ সবিশেষ তথ্যও ‘নিয়মীয়া বার্তা’ৰ হাতত আহি পৰিছে ৷ দুই শতাধিক ট্রাক বর্তমান মেঘালয়ৰ মাজেৰে উমৰাংছ’ হৈ নগাঁৱলৈ অহাৰ পথত আছে ৷ তাৰ মাজতে শেহতীয়াকৈ যোৰাবাটত আৰক্ষীয়ে ৭খন চুপাৰিভর্তি ট্রাক জব্দ কৰে ৷ ইয়াৰ পাছতে পোহৰলৈ আহে বৰাকৰ চুপাৰি ছিণ্ডিকেটৰ বহু বিস্ফোৰক কাহিনী ৷

You might also like