মাদ্রাছাত পঢ়ি মুছলমানসকল মোল্লা-মৌলবী হোৱাতকৈ ডাক্তৰ–ইঞ্জিনীয়াৰ হওক
মঙলদৈ–লামডিং–বোক্’–হোজাইত ড০ শর্মাৰ মাৰাথন প্রচাৰ
নিয়মীয়া বার্তা, ২৭ মার্চঃ দ্বিতীয় পর্যায়ৰ নির্বাচনৰ প্রচাৰ আৰম্ভ কৰিয়েই বিত্তমন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই কালি একেদিনাই ৫খনকৈ বিশাল গণ সমাৱেশ আৰু এটা ৰোড শ্ব’ত অংশগ্রহণ কৰে৷ মঙলদৈ, বৈঠালাংছ’, বোকাজান, লামডিং আৰু হোজাইত বিত্তমন্ত্রী ড০ শর্মাই গণ সমাৱেশ সম্বোধন কৰাৰ বিপৰীতে নগাঁও চহৰৰ মূল পথেৰে সন্ধিয়া উলিওৱা ৰোড শ্ব’ত ভাগ লয়৷
প্রতিখন গণ সমাৱেশতে ভাষণ দি বিত্তমন্ত্রী ড০ শর্মাই কংগ্রেছ আৰু এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ প্রতি তীক্ষ্ণ বাক্যবাণ নিক্ষেপ কৰে৷ জনাৰামচৌকা ক্রীড়াংগনত আয়োজিত বিশাল গণ সমাৱেশত মঙলদৈৰ দলীয় প্রার্থী বিধায়ক গুৰুজ্যোতি দাসৰ হৈ নির্বাচনী প্রচাৰ চলাই দিয়া ভাষণত বিজেপিয়ে মুছলমানসকলৰ কল্যাণৰ হকে পদক্ষেপ গ্রহণ কৰাৰ কথা উল্লেখ কৰি বিত্তমন্ত্রী ড০ শর্মাই কয় যে মাদ্রাছাত পঢ়ি মোল্লা–মৌলবী হোৱাৰ সলনি মুছলমানসকল ডাক্তৰ–ইঞ্জিনীয়াৰ হোৱাটো বিজেপিয়ে বিচাৰে৷
মুছলমান মহিলাসকলে কেৱল সন্তান জন্ম দিয়া যন্ত্র হোৱাৰ পৰিৱর্তে নিজ পৰিয়ালটোৰ সন্মানৰ বাহক হিচাপে ল’ৰা–ছোৱালীৰ যত্ন লৈ সমাজত সুপ্রতিষ্ঠিত কৰক৷ সাংসদ তথা বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া উপস্থিত থকা গণ সমাৱেশখনত বিত্তমন্ত্রী ড০ শর্মাই প্রথম পর্যায়ৰ নির্বাচনত ৪১–৪২খন আসন লাভ কৰিব বুলি দাবী কৰে৷
তেওঁ কয়– বিগত নির্বাচনত উজনিত আমি মাত্র ৩৫খন আসন লাভ কৰিছিলোঁ৷ কিন্তু এইবাৰ ৪৭খন আসনৰ ভিতৰত ৪১ বা ৪২খন পাম৷ নিজ ভাষণত তেওঁ মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া, বছৰি দুই লাখ যুৱতীক স্বয়ম আঁচনিৰে সামৰি লোৱা আদি প্রসংগও উল্লেখ কৰে৷ তদুপৰি তেওঁ প্রাক্তন মন্ত্রী তথা মঙলদৈ সমষ্টিৰ কংগ্রেছ প্রার্থী বসন্ত দাসক তীক্ষ্ণ কটাক্ষ কৰি কয়– বিগত ২০ বছৰে মই বসন্ত দাসক পাইছোঁ৷
বসন্ত দাসক দেখিলে এনে লাগে যেন ফুটো ফুটো কৰা ৰবাব টেঙাটোহে৷ এনে অহংকাৰত থাকে যে কি বা কয়, ভয়েই লাগে৷ এইবাৰ বোলে বদৰুদ্দিন আজমলেই তেওঁক জিকাই দিব৷ তেওঁ জিকা মানে আপোনালোক গেটৰ পৰাই সাৱধান হ’ব লাগিব৷ খং কৰি আছে নে মুড ভালে আছে গমেই নাপাব৷ ইয়াৰ বিপৰীতে গুৰুজ্যোতি দাসক মই ৫ বছৰ পাইছোঁ৷ একেবাৰে আপোনভোলা৷ তেওঁ নির্বাচনত গুৰুজ্যোতি দাসক বিপুল ভোটত জয়যুক্ত কৰাবলৈ মঙলদৈবাসীক আহ্বান জনায়৷
ইফালে বৈঠালাংছ’ সমষ্টিৰ দলীয় প্রার্থী ৰূপছিং টেৰণৰ হৈ প্রচাৰ চলাই বিত্তমন্ত্রী ড০ শর্মাই খেৰনিত আন এখন বিশাল গণ সমাৱেশ সম্বোধন কৰে৷ নিজ ভাষণত বিত্তমন্ত্রী ড০ শর্মাই কার্বি আংলংবাসীক কেইবাটাও গুৰুত্বপূর্ণ প্রতিশ্রুতি দিয়ে৷ কার্বি আংলঙৰ ছাত্রীসকল উচ্চতৰ মাধ্যমিক চূড়ান্ত বিভাগত উত্তীর্ণ হ’লেও স্কুটী দিয়া হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে অনাগত দিনত পশ্চিম কার্বি আংলঙত তিনি হাজাৰ চাকৰি ওলাব৷
এই চাকৰিৰ বাবে কোনেও এটকাও দিব নালাগে৷ বৰঞ্চ নিযুক্তি–পত্র ল’বলৈ যাওঁতে আমিয়েই মিঠাই খুৱাই পঠিয়াম৷ কার্বি আংলঙত এটা বিমানবন্দৰ আৰু এখন বিশ্ববিদ্যালয় স্থাপন কৰাৰো তেওঁ প্রতিশ্রুতি দিয়ে৷ সেইদৰে দীর্ঘদিন ধৰি বিধ্বস্ত হৈ থকা খেৰনি চাৰিআলিৰ পৰা লামছাখান সংযোগী গড়কাপ্টানী পথটো নির্মাণৰ বাবে ৭০ কোটি টকা ধার্য কৰাৰ কথা উল্লেখ কৰি নির্বাচন শেষ হোৱাৰ লগে লগে নির্মাণকার্য আৰম্ভ হ’ব বুলি তেওঁ সদৰী কৰে৷
সভাত ভাষণ দি বিজেপি প্রার্থী ৰূপছিং টেৰণে কয় যে ৰাইজৰ বিভিন্ন সমস্যাসমূহ কেৱল বিজেপিয়েহে সমাধান কৰিব পাৰিব৷ সেয়েহে বিজেপিক বিপুল ভোটত জয়যুক্ত কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়৷ গণ সমাৱেশতেই ৫ শতাধিক বিভিন্ন দলৰ নেতা–কর্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷
বিত্তমন্ত্রী ড০ শর্মাই বোকাজানত উপস্থিত হৈ সমষ্টিটোৰ দলীয় প্রার্থী ডাঃ নোমল মমিনৰ হৈ প্রচাৰ চলায়৷ কয়লামাটিত আয়োজিত এখন বিশাল গণ সমাৱেশত অংশ লৈ বিত্তমন্ত্রী ড০ শর্মাই বোকাজানকে ধৰি সমগ্র কার্বি আংলঙতে এজনো কংগ্রেছী নাই বুলি মন্তব্য কৰি কয় যে এইবাৰ বোকাজানৰ বিজেপি প্রার্থী ডাঃ নোমল মমিনে বিপুল ভোট লাভ কৰি জয়যুক্ত হ’ব৷ নিজ ভাষণত তেওঁ অৰুণোদয় আঁচনিৰ ধন পর্যায়ক্রমে তিনি হাজাৰ টকালৈ বৃদ্ধি কৰাৰ, মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া, কার্বি আংলঙৰ দ্বিতীয় বিভাগত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ ছাত্রীক স্কুটী প্রদান, কার্বি আংলঙত এখন বিশ্ববিদ্যালয়, এটা বিমানবন্দৰ স্থাপন আদি প্রতিশ্রুতি দিয়ে৷
বোকাজানৰ এই গণ সমাৱেশখনতো বিভিন্ন দলৰ বহুসংখ্যক নেতা–কর্মীয়ে বিজেপিত যোগদান কৰে৷ লামডিঙৰ শ্বহীদ মৈদামত অনুষ্ঠিত আন এখন গণ সমাৱেশ সম্বোধন কৰি সমষ্টিটোৰ বিধায়ক তথা মিত্রজোঁটৰ প্রার্থী শিবু মিশ্রৰ হৈ প্রচাৰ চলায় বিত্তমন্ত্রী ড০ শর্মাই৷ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলক ক্ষুৰধাৰ সমালোচনা কৰি তেওঁ কয় যে কংগ্রেছৰ আঁচনি হৈছে সূতা–ধুতী–কম্বল৷ কিন্তু আমি কৈছোঁ– সূতা–ধুতী–কম্বলেৰে অসমখন আগুৱাই নাযায়৷ অসমখনক আগুৱাই নিবলৈ হ’লে যুৱ প্রজন্মক শিক্ষিত কৰিব লাগিব৷
চাকৰিৰ সুবিধা দিব লাগিব, উদ্যোগ আনিব লাগিব৷ তেতিয়াহে অসমৰ উন্নতি হ’ব৷ আমাৰ চৰকাৰ অহাৰ পাছত চাৰি লাখ ছাত্র–ছাত্রীয়ে বিনামূলীয়াকৈ নামভর্তি কৰিছে৷ বদৰুদ্দিন আজমলক প্রত্যক্ষভাৱে কটাক্ষ কৰি তেওঁ কয় যে বদৰুদ্দিন আজমলে কৈছে– তেওঁলোকৰ চৰকাৰ হ’লে মাদ্রাছা খুলিব৷ কিন্তু আমি কৈছোঁ– বদৰুদ্দিন আজমল যদি ইমানেই শক্তিশালী, তেন্তে এখন চিকিৎসা মহাবিদ্যালয় খোলক, এখন অভিযান্ত্রিক মহাবিদ্যালয় খোলক৷ বদৰুদ্দিন আজমলে স্বয়ম, অৰুণোদয় এইবোৰ আঁচনিৰ কোনো প্রয়োজন নাই বুলি কৈছে৷
বদৰুদ্দিন আজমলৰ এটাই আঁচনি, সেইটো হৈছে– মহিলাই কিমান সন্তান জন্ম দিব পাৰে৷ মুছলমান মহিলাসকলে সন্তান জন্ম দিয়া যন্ত্র নেকি? যি সময়ত আমাৰ অসমীয়া বা বাঙালী হিন্দুৰ ছোৱালীয়ে মহাবিদ্যালয়ত অধ্যয়ন কৰে, সেই সময়ত মুছলমান ছোৱালী ৫টামান সন্তানৰ মাতৃ হয়৷ আমি কৈছোঁ– মাতৃ হওক, কিন্তু বয়সত হওক৷ প্রথমে অধ্যয়ন কৰক৷ লামডিং সমষ্টিৰ মহাজোঁটৰ প্রার্থী স্বপন কৰে জাতিটোক বিক্রী কৰিলে বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে স্বপন কৰক ইয়াৰ পৰা একেবাৰে বিদায় দিব লাগিব৷ স্বপন কৰ এক ভয়ংকৰ বস্তু৷
প্রথমে এ আই ইউ ডি এফ আৰু এতিয়া কংগ্রেছ৷ সেইদৰে কংগ্রেছৰ শীর্ষ নেতা ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধীকো তেওঁ আক্রমণৰ লক্ষ্য কৰি লয়৷ বিত্তমন্ত্রী ড০ শর্মাই এতিয়া ভোট বিচাৰি অসমলৈ অহা কংগ্রেছৰ নেতাসকল অসমবাসীৰ বিপদৰ সময়ত কিয় নাহিল বুলি প্রশ্ণ কৰে৷ নিজ ভাষণত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ কার্যকালত গ্রহণ কৰা আঁচনিসমূহৰ বিষয়েও তেওঁ ব্যাখ্যা আগবঢ়ায়৷ বিত্তমন্ত্রী ড০ শর্মাক গণ সমাৱেশখনৰ পূর্বে নেচনেল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ হেলিপেডৰ পৰা বিজেপি যুৱ মর্চাৰ কর্মীসকলে এক বিশাল বাইক ৰেলীৰে শ্বহীদ ময়দানলৈ আদৰি আনে৷
লামডিঙৰ পৰা বিত্তমন্ত্রী ড০ শর্মা পোনে পোনে আহি উপস্থিত হয় হোজাইত৷ হোজাই বিহুতলীত আয়োজিত আন এক গণ সমাৱেশত অংশ লৈ তেওঁ সমষ্টিটোৰ দলীয় প্রার্থী ৰামকৃষ্ণ ঘোষৰ হৈ প্রচাৰ চলায়৷ হোজাই জিলা বিজেপিৰ সভাপতি অনুপ দেৱৰ সভাপতিত্বত অনুষ্ঠিত গণ সমাৱেশখন সম্বোধন কৰি বিত্তমন্ত্রী ড০ শর্মাই কংগ্রেছক চোকা সমালোচনা কৰি কয় যে কংগ্রেছে নিবনুৱাসকলক চাকৰি দিব বুলি ৰেজিষ্ট্রেচন কৰাই আছে৷ অথচ তেওঁলোকৰ নিজৰেই চাকৰি নাই৷
যিসকলৰ নিজৰেই একো নাই, তেওঁলোকে আকৌ নিবনুৱাসকলক চাকৰি দিয়াৰ নামত ৰেজিষ্ট্রেচন কৰায়৷ হোজাইৰ বিজেপি প্রার্থী ৰামকৃষ্ণ ঘোষৰ পাছত প্রধানমন্ত্রী নৰেন্দ্র মোদী থিয় হৈ আছে৷ ইয়াৰ বিপৰীতে কংগ্রেছ প্রার্থীজনৰ পাছত থিয় হৈ আছে বদৰুদ্দিন আজমল৷ হোজাইত এখন বি–এড মহাবিদ্যালয় স্থাপন কৰাৰ প্রতিশ্রুতি প্রদান কৰে৷ বিজেপি প্রার্থী ৰামকৃষ্ণ ঘোষক বিপুল ভোটত জয়ী কৰাবলৈ হোজাইবাসীক আহ্বান জনায় বিত্তমন্ত্রী ড০ শর্মাই৷ নিজ ভাষণত তেওঁ চৰকাৰে গ্রহণ কৰা বিভিন্ন আঁচনিৰ বিষয়েও উল্লেখ কৰে৷ ক’ভিড–১৯ৰ প্রসংগ উল্লেখ কৰি ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধীক সমালোচনা কৰি তেওঁ কয় যে ক’ভিডৰ সময়ত তেওঁলোক ঘৰৰ ভিতৰত সোমাই আছিল৷
কিন্তু মই মোৰ পৰিয়াল এৰি হাস্পতালে হাস্পতালে, আই চি ইউৱে আই চি ইউৱে ঘূৰি ফুৰিছিলোঁ৷ কাৰণ সেই সময়ত মই মোৰ পৰিয়ালটোতকৈ ৰাইজৰ বাবেহে চিন্তা কৰিছিলোঁ৷ সেই সময়ত আমাৰ বদৰুদ্দিন আজমল আচমানত আছিল নে ক’ত আছিল সেইটো ক’ব নোৱাৰোঁ৷ হোজাইৰ এই গণ সমাৱেশখনত দলীয় প্রার্থী ৰামকৃষ্ণ ঘোষ আৰু সদ্য কংগ্রেছ ত্যাগী প্রাক্তন মন্ত্রী ডাঃ অর্ধেন্দু কুমাৰ দে’ৰ লগতে বিজেপিৰ স্থানীয় নেতৃবৃন্দ উপস্থিত আছিল৷
আনহাতে, নগাঁও সদৰ বিধানসভা সমষ্টিত নেডাৰ আহ্বায়ক তথা বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি বিয়লি সমষ্টিটোত নির্বাচনী প্রচাৰ অভিযান চলাই চমক সৃষ্টি কৰে৷ আজি তেওঁ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাক লগত লৈ নগাঁও চহৰৰ ডিমৰুগুৰিৰ পৰা পানীগাঁও চাৰিআলি, নতুন বজাৰ, নগাঁও কলেজ চ’ক হৈ নগাঁও চহৰৰ মূল পথত এক বিশাল ৰোড শ্ব’ত অংশগ্রহণ কৰি চহৰখনৰ লক্ষীনগৰ চাৰিআলিত উপস্থিত হয়৷ বিত্তমন্ত্রী ড০ শর্মাৰ এই ৰোড শ্ব’ত নগাঁৱৰ ৰাইজে বিপুল আদৰণি জনোৱা পৰিলক্ষিত হয়৷ বহুতে প্রিয় নেতাজনক ওচৰৰ পৰা চাবলৈ হেতা–ওপৰা কৰাও পৰিলক্ষিত হয়৷
ৰোড শ্ব’ত অংশগ্রহণ কৰা বিজেপিৰ নেতা–কর্মীসকলে ‘আকৌ এবাৰ মোদী চৰকাৰ’, ‘বিজেপি জিন্দাবাদ’, ‘এইবাৰ পুনৰ মিত্রজোঁটৰ চৰকাৰ’, ‘প্রধানমন্ত্রী নৰেন্দ্র মোদী জিন্দাবাদ’, ‘সর্বানন্দ সোণোৱাল’, ‘ড০ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ’,‘অগপ জিন্দাবাদ’ আদি বিভিন্ন ধবনি দি নগাঁৱৰ আকাশ–বতাহ মুখৰ কৰি তোলে৷ বিত্তমন্ত্রী ড০ শর্মাৰ এই বিশাল ৰোড শ্ব’ক কেন্দ্র কৰি নগাঁৱৰ ৰাইজৰ মাজত বিপুল উৎসাহ পৰিলক্ষিত হয়৷
পথৰ দুয়ো কাষে অগণন জনতাই বিত্তমন্ত্রী ড০ শর্মা আৰু নগাঁও সদৰ সমষ্টিৰ প্রার্থী ৰূপক শর্মাক বিপুল আদৰণি জনোৱা পৰিলক্ষিত হয়৷ সন্ধিয়া প্রায় ৭বজাত উলিওৱা এই ৰোড শ্ব’ত নগাঁও চহৰৰ পথৰ দুয়োকাষ লোকাৰণ্য হৈ পৰে৷ এই বিশাল ৰোড শ্ব’ত অংশগ্রহণ কৰা পিছত নগাঁও চহৰৰ লক্ষীনগৰ চাৰিআলিত এখন নির্বাচনী সভাত ভাষণ দি বিত্তমন্ত্রী ড০ শর্মাই কয় যে এইবাৰৰ নির্বাচন অতি গুৰুত্বপূর্ণ৷ এই নির্বাচন অসমৰ সভ্যতা–সংস্কৃতিৰ যুঁজ৷ সংস্কৃতি ৰক্ষাৰ স্বার্থত ৰাইজে বিজেপিক ভোট প্রদান কৰিব লাগে৷
ক’ভিডৰ প্রসংগ উল্লেখ কৰি তেওঁ কয় যে লকডাউনৰ সময়ত বিজেপি নেতা–কর্মীসকল জনতাৰ কাষলৈ গৈছিল৷ সেই সময়ত কংগ্রেছীসকল ক’ত লুকাই আছিল৷ সেই সময়ত আমি ৰোগীৰ চিকিৎসাৰ বাবে চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছিলোঁ৷ সেয়ে অসমৰ জনতাৰ আশীর্বাদ বিজেপিৰ ওপৰত সদায় থাকিব৷ ভাষণ প্রসংগত তেওঁ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলক তীব্র সমালোচনা কৰে৷ নগাঁও সদৰ সমষ্টিৰ বিজেপি প্রার্থী ৰূপক শর্মাক প্রশংসা কৰি তেওঁ কয় যে বিধায়ক হিচাপে ৰূপক শর্মাই পাঁচটা বছৰত নগাঁৱৰ অভূতপূর্ব উন্নয়ন সাধিছে৷ নগাঁও সদৰ সমষ্টিত বিকাশৰ গংগা বোৱাবলৈ বিজেপি প্রার্থী ৰূপক শর্মাক পুনৰ বিপুল ভোটত জয়ী কৰাবলৈ তেওঁ ৰাইজক আহ্বান জনায়৷ সভাত বিজেপি প্রার্থী ৰূপক শর্মা আৰু জিলা সভাপতি অভিজিৎ নাথে অংশগ্রহণ কৰে৷