নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী আন্দোলনৰ নামত ৰাজহুৱা সম্পত্তিৰ ব্যাপক ধ্বংসকার্য সংঘটিত কৰাসকলৰ বিৰুদ্ধে চৰকাৰক কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ দাবী জনাইছে সদৌ অসম হিন্দু সুৰক্ষা সেনাই ৷ শুকুৰবাৰে গুৱাহাটীত এখন সংবাদ মেলত হিন্দু সুৰক্ষা সেনাৰ সভাপতি প্রদীপ কলিতাই কয়– ‘কা’বিৰোধী আন্দোলনৰ নামত ৰাজ্যত বহুতো ৰাজহুৱা সম্পত্তি ধ্বংস কৰা হ’ল ৷ এই ধ্বংসকার্যত হোৱা ক্ষতিপূৰণ কৰিবলৈ চৰকাৰে ধ্বংসকার্যত জড়িতসকলৰ সা–সম্পত্তি বাজেয়াপ্ত কৰি নিলামৰ ব্যৱস্থা কৰক ৷ চৰকাৰে সংশ্লিষ্ট দুষ্কৃতিকাৰীসকলক ইতিমধ্যে চিনাক্ত কৰা বুলি সদৰী কৰাৰ লগতে ইয়াৰে বুজনসংখ্যকক গ্রেপ্তাৰ কৰিছে ৷ গতিকে অসম চৰকাৰে উত্তৰ প্রদেশ চৰকাৰৰ নিচিনা দৃঢ়তাৰে ৰাজহুৱা সম্পত্তি ধ্বংসকাৰীৰ ব্যক্তিগত সম্পত্তি বাজেয়াপ্ত কৰি নিলামৰ ব্যৱস্থা কৰিব লাগে ৷ এইক্ষেত্রত চৰকাৰে কঠোৰ স্থিতি গ্রহণ কৰিব লাগে ৷ নহ’লে গ্রেপ্তাৰ হোৱাসকলে কাৰাগাৰৰ পৰা ওলাই আহি পুনৰ একেধৰণৰ গুণ্ডাৰাজত লিপ্ত হৈ পৰিব ৷ কাৰণ যিকোনো ৰাজহুৱা সম্পদ–সম্পত্তি ৰাইজৰ কৰৰ ধনেৰে গঢ়ি উঠে আৰু সেয়ে কোনো দুষ্কৃতিকাৰীয়ে সেইবোৰ ধ্বংস কৰাৰ পাছত পুনৰ নির্মাণ বা মেৰামতিৰ বাবে পুনৰ ৰাইজৰ ধন খৰচ কৰাটো গ্রহণযোগ্য হ’ব নোৱাৰে ৷ পুনৰ নির্মাণ বা মেৰামতি ধ্বংসকাৰীৰ ধনেৰেই কৰিব লাগিব ৷
এই প্রসংগতে সভাপতিগৰাকীয়ে কয় যে বাস্তৱিকতে ১০ ডিচেম্বৰৰ বিয়লিৰ পৰা ১২ ডিচেম্বৰৰ নিশালৈকে অসমত চৰকাৰ–প্রশাসন অস্তিত্বহীন হৈ পৰিছিল আৰু সমগ্র ৰাজ্যত একাংশ দুষ্কৃতিকাৰীৰ গুণ্ডাৰাজ চলিছিল ৷ গুৱাহাটীত আৰক্ষীৰ চকুৰ সন্মুখত দুষৃকতিকাৰীয়ে নির্বিবাদে ৰাজহুৱা সম্পদ–সম্পত্তি ধ্বংস কৰি গৈছিল ৷ সেই সময়ত কোনে আৰক্ষীৰ হাত–ভৰি বান্ধি ৰাখিছিল তাৰো এক নিৰপেক্ষ তদন্ত হ’ব লাগে ৷ আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দর্ভত সভাপতি কলিতাই কয় যে নীতিগতভাৱে সদৌ অসম হিন্দু সুৰক্ষা সেনাই মুছলমানৰ দ্বাৰা নির্যাতিত হৈ বাংলাদেশৰ পৰা বিতাড়িত হোৱা অনা–ইছলাম লোকসকলক আশ্রয়দানৰ পোষকতা কৰে ৷ কিন্তু এনে আশ্রয়দানৰ বাবে ভাৰতে বাংলাদেশক দিয়া ১০,৬০০ একৰ ভূমি ঘূৰাই লোৱা উচিত ৷ কাৰণ বাংলাদেশৰ বৃহত্তম মুছলিম সমাজৰ সাম্প্রদায়িক তথা আগ্রাসী চৰিত্র আৰু সেই দেশখনৰ চৰকাৰ–প্রশাসনৰ অপদার্থতাৰ বাবেই দেশখনৰ নাগৰিক হোৱা সত্ত্বেও বুজনসংখ্যক অনা–ইছলাম লোক নিজ দেশৰ পৰা বিতাড়িত হ’বলগা হ’ল, সেয়ে ইয়াৰ শাস্তি বাংলাদেশে পাব লাগে ৷
এইক্ষেত্রত ভাৰতে ৰংপুৰ আৰু চিটাগং দখল কৰি তাত বিতাড়িত অনা–ইছলাম বাংলাদেশীসকলক সংস্থাপিত কৰিব লাগে ভাৰত–বাংলাদেশ ভূমি সীমা চুক্তি বাতিল কৰি ৷ সংবাদ মেলখনত অসম চুক্তি আৰু ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ ওপৰত মন্তব্য দি সভাপতি প্রদীপ কলিতাই কয় যে দৰাচলতে অসম চুক্তি অসম আৰু অসমীয়াৰ বাবে এক ভয়াৱহ অভিশাপস্বৰূপ ৷ কিয়নো এই চুক্তিয়ে ৮৫৫গৰাকী শ্বহীদৰ ত্যাগক অৱমূল্যায়ন কৰাৰ লগতে ১৯৭১ চনলৈকে অবৈধ বিদেশীক ৰক্ষণাবেক্ষণ দিয়া এক প্রতাৰণাৰ দলিলত পৰিণত হৈছে ৷ এনে প্রেক্ষাপটত অসম চুক্তিক আধাৰ হিচাপে লৈ প্রস্তুত কৰা ৰাষ্ট্রীয় নাগৰিকপঞ্জীও অবৈধ বিদেশীৰ ৰক্ষাকৱচত পৰিণত হৈছে ৷ সেয়ে ১৯৫১ চনৰ ভিত্তিত ৰাষ্ট্রীয় নাগৰিকপঞ্জী আৰু সেই নাগৰিকপঞ্জীৰ আধাৰত অবৈধ বিদেশীৰ চিনাক্তকৰণ আৰু বহিষ্কৰণ হ’ব লাগে ৷ সংবাদ মেলত সভাপতিৰ উপৰি হিন্দু সুৰক্ষা সেনাৰ সাধাৰণ সম্পাদক কাঞ্চন দেৱনাথ, বিত্ত সম্পাদক বিকাশ শর্মা, প্রচাৰ সম্পাদক ভাস্কৰ বর্মন, সম্পাদক ভাস্কৰ বেজবৰুৱা আৰু কার্যবাহী সদস্য প্রণয় বোস উপস্থিত থাকে ৷