নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূর্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুত শোক প্ৰকাশ ভিন্ন সংগঠনৰ, তদন্তৰ দাবী

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ জ্যেষ্ঠ সাংবাদিক পূর্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ নিৰপেক্ষ আৰু উচ্চ পর্যায়ৰ তদন্তৰ দাবী কৰিছে সদৌ অসম চুতীয়া ছাত্র সন্থাই৷ জ্যেষ্ঠ সাংবাদিকজনৰ মৃত্যু অসমৰ সংবাদ জগতৰ লগতে সমগ্র জাতিটোৰবাবে অপূৰণীয় ক্ষতি বুলি সন্থাই মত ব্যক্ত কৰি সমগ্র ঘটনাৰ ক্ষিপ্র তদন্ত কৰি পৰিয়ালক ন্যায় প্রদান কৰিবলৈ গৃহ বিভাগক দাবী জনাইছে৷

সন্থাৰ সভাপতি মহেন বৰা আৰু সাধাৰণ সম্পাদক ৰাজু চুতীয়াই সমগ্র ঘটনাৰ প্রতিক্রিয়া প্রকাশ কৰি জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুৰ কাৰণ দুর্ঘটনা নে পৰিকল্পিত হত্যা সেই লৈ বিভিন্নজনৰ মনত সৃষ্টি হোৱা সন্দেহ দূৰ কৰাৰ স্বার্থত উচ্চ পর্যায়ৰ আৰু নিৰপেক্ষ তদন্ত কৰা উচিত বুলি মত প্রকাশ কৰে৷

ইফালে, কালি বিয়লি সন্থাৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক মানস চুতীয়া, কার্যালয় সম্পাদক কুণ্ডিল চুতীয়াৰ নেতৃত্বত এটা সঁজাতী দলে প্রয়াত সাংবাদিকজনৰ হাতীগাঁৱৰ বাসগৃহত উপস্থিত হৈ প্রয়াত সাংবাদিকজনৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে আৰু শোকাকুল পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি পৰিলায়ৰ অভিযোগ অনুসৰি হত্যাকাৰীক কঠোৰ শাস্তি বিহাৰ লগতে পৰিয়ালটোক ক্ষতিপূৰণ প্রদান কৰিবলৈ চৰকাৰক দাবী জনাইছে৷
আপকুৰ শোক
জ্যেষ্ঠ সাংবাদিক পূর্বজ্যোতি চুতীয়াৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে আমাৰ প্রেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন (আপকু)–এ৷ এক বিবৃতিত আপকুৰ কেন্দ্রীয় কমিটীৰ সভাপতি আব্দুল খালেক, কার্যকৰী সভাপতি মৌচুমজ্যোতি বৈশ্য আৰু সম্পাদকপ্রধান শৰৎ শেনচোৱাই শোক প্রকাশ কৰাৰ লগতে তেওঁৰ ৰহস্যজনক মৃত্যুৰ এক উচিত তদন্তৰ দাবী জনায়৷ সমান্তৰালভাৱে প্রশাসনৰ তৰফৰ পৰা তেওঁৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈও আপকুৱে দাবী উত্থাপন কৰিছে৷

চুতীয়াৰ মৃত্যুত স্তম্ভিত হৈ পৰিছে আপকুৰ ডিব্রুগড় জিলা সমিতিও৷ আপকুৰ ডিব্রুগড় জিলা সমিতিৰ সভাপতি ধৰণী গগৈ, কার্যকৰী সভাপতি উৎপল চলিহা আৰু সাধাৰণ সম্পাদক কৃষ্ণা গগৈয়ে শোক প্রকাশ কৰাৰ লগতে এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে৷

নিৰপেক্ষ তদন্তৰ দাবী জাফাৰ
জ্যেষ্ঠ সাংবাদিকগৰাকীৰ ৰহস্যজনক মৃত্যুৰ এক নিৰপেক্ষ তদন্তৰ দাবী জনাইছে জার্নেলিষ্ট এছ’চিয়েন ফৰ আছাম, চমুকৈ ‘জাফা’ই৷ এক বিবৃতিত জাফাৰ কেন্দ্রীয় সভাপতি অভিদীপ চৌধুৰী, সম্পাদকপ্রধান কুঞ্জমোহন ৰায় আৰু মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়াই গভীৰ শোক প্রকাশ কৰাৰ লগতে ক্ষিপ্র তদন্তৰ দাবী জনাইছে৷

নগাঁৱৰ সংবাদ জগতত শোক
জ্যেষ্ঠ সাংবাদিক পূর্বজ্যোতি চুতীয়াৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে নগাঁও সংবাদ জগতত৷ নগাঁও প্রেছ ক্লাবৰ সভাপতি কনক হাজৰিকা আৰু সম্পাদকদ্বয় ভাস্কৰজ্যোতি মেধি আৰু চন্দনজ্যোতি বৰাই চুতীয়াৰ মৃত্যুত শোক প্রকাশ কৰিছে৷ তদুপৰি নগাঁও জিলা বার্তাজীৱী সংঘ, আপকুৰ নগাঁও জিলা সমিতি, সাংবাদিক পৰিষদৰ নগাঁও জিলা সমিতি, পুৰণিগুদাম, ধিং, জুৰীয়া, বেবেজীয়া আদি প্রেছ ক্লাবেও গভীৰ শোক প্রকাশ কৰাৰ লগতে উচিত তদন্তৰ দাবী কৰিছে৷

তদন্তৰ দাবীৰে ৰাজ্যপাললৈ পত্র
‘নিয়মীয়া বার্তা’ কাকতৰ সহকাৰী সম্পাদক পূর্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ এক ন্যায়িক তদন্তৰ দাবী জনাইছে জার্নেলিষ্ট এছ’চিয়েচন অৱ আছাম (জা) আৰু নেচনেল ইউনিয়ন অৱ জার্নেলিষ্ট ইণ্ডিয়াই৷ সংগঠনটোৰ ৰাষ্ট্রীয় উপ–সভাপতি তথা জাৰ মুখ্য সম্পাদক ভূপেন গোস্বামী, জাৰ সভাপতি ধীৰেন্দ্র নাথ চক্রৱর্তী আৰু সম্পাদক সুদীপ শর্মা চৌধুৰীয়ে ৰাজ্যপাল জগদীশ মুখীলৈ এখন পত্রৰ জৰিয়তে তেওঁৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে৷

প্রাগজ্যোতিষপুৰ প্রেছ ক্লাবৰ শোক
জ্যেষ্ঠ সাংবাদিক পূর্বজ্যোতি চুতীয়াৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে প্রাগজ্যোতিষপুৰ প্রেছ ক্লাবে৷ এক বিবৃতিত সভাপতি বিকাশ দাস আৰু সম্পাদক কন্দর্প কলিতাই শোক প্রকাশ কৰাৰ লগতে তেওঁৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক এক উচিত তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে৷

পশ্চিম গুৱাহাটী সাংবাদিক সন্থাৰ তদন্তৰ দাবী
পশ্চিম গুৱাহাটী সাংবাদিক সন্থাই জ্যেষ্ঠ সাংবাদিকগৰাকীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷ পশ্চিম গুৱাহাটীৰ সাংবাদিক সন্থাৰ সভাপতি জে কলিতা আৰু সাধাৰণ সম্পাদক ভৱেশ কলিতাই তেওঁৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে৷

বিশ্বনাথৰ সাংবাদিকসকলৰো শোক
বিশ্বনাথৰ সাংবাদিকসকলৰ লগতে সচেতন নাগৰিকসকলেও জ্যেষ্ঠ সাংবাদিক পূর্বজ্যোতি চুতীয়াৰ বিয়োগত স্তম্ভিত হৈ পৰিছে৷ বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ লগতে বিশ্বনাথ চাৰিআলি প্রেছ ক্লাবে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰৰ ঘটনাৰ এক উচিত তদন্তৰ দাবী উত্থাপন কৰিছে৷ সাংবাদিক সাধাৰণ সম্পাদক ৰতন ভূঞা, প্রেছ ক্লাবৰ সম্পাদক বসন্ত বৰাই চুতীয়াৰ অকাল মৃত্যু সংবাদ জগতৰ এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰিছে৷

অৰণ্য সুৰক্ষা সমিতি, অসমৰ শোক
জ্যেষ্ঠ সাংবাদিক পূর্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুত স্তম্ভিত হৈছে অৰণ্য সুৰক্ষা সমিতি, অসমে৷ সমিতিৰ উপদেষ্টা দীপক কুমাৰ দাস, সচিবপ্রধান ড০ হৰিচৰণ দাস, যুটীয়া সচিব নিতুল শিৱনাথে বিবৃতিযোগে জ্যেষ্ঠ সাংবাদিক চুতীয়াৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গক সমবেদনা জ্ঞাপন কৰে৷ তদুপৰি সমিতিয়ে ঘটনাটোৰ উচিত তদন্তৰ দাবীও জনায়৷

শোক প্রকাশ জে এফ এৰ
জার্নেলিষ্ট ফ’ৰাম অৱ আছামে (জে এফ এ) গভীৰ শোক প্রকাশ কৰিছে জ্যেষ্ঠ সাংবাদিক পূর্বজ্যোতি চুতীয়াৰ বিয়োগত৷ এক বিবৃতিত জে এফ এৰ সভাপতি ৰূপম বৰুৱা আৰু সম্পাদক নৱ ঠাকুৰীয়াই শোক প্রকাশ কৰাৰ লগতে তেওঁৰ ৰহস্যজনক মৃত্যুৰ প্রকৃত কাৰণ অনুসন্ধান কৰিবলৈ দাবী উত্থাপন কৰিছে৷

ক্রীড়া মহলত শোকৰ ছাঁ
জ্যেষ্ঠ সাংবাদিক পূর্বজ্যোতি চুতীয়াৰ আকস্মিক মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, অসম ক্রীড়া সাংবাদিক সন্থা, সদৌ অসম ৰোলবল সন্থা, অসম ছেপাক টাক্র’ সন্থাৰ সম্পাদক তথা অসম অলিম্পিক সন্থাৰ উপ–সভাপতি বিষ্ণুৰাম নুনিছাই৷ যোৱা নিশা ৰহস্যজনকভাৱে মৃত্যু মুখত পৰা সাংবাদিকগৰাকীলৈ কালি নেহৰু ষ্টেডিয়ামত শ্রদ্ধা নিবেদন কৰে ৰাজ্যৰ বিভিন্ন ক্রীড়া সংস্থা আৰু ক্রীড়া সংগঠকসকলে৷ অসম ক্রীড়া সাংবাদিক সন্থাৰ কার্যালয়ত এক শোক সভাও অনুষ্ঠিত হয়৷

You might also like