নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ–আজমলৰ কোলাত হাগ্রামা বিধানসভা নির্বাচনৰ পাছতে কংগ্রেছীৰ ঘৰত হ’ব লকডাউন

নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ  তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে নামনি অসমত জোৰদাৰ প্রচাৰ অভিযানত নামি পৰিছে শাসকীয় বিজেপি আৰু আন ৰাজনৈতিক দলসমূহে৷ অহা ৬ এপ্রিলত হ’ব লগা অন্তিম পর্যায়ৰ নির্বাচনৰ বাবে মিত্রদলৰ প্রার্থীৰ হৈ বুধবাৰে মাৰাথন প্রচাৰ অভিযানত নামিছে ‘নেডা’ৰ আহ্বায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মন্ত্রীগৰাকীয়ে চাপাগুৰি, তামুলপুৰ, বৰপেটা, সৰুক্ষেত্রী, ভৱানীপুৰ আৰু সৰভোগত আজি কেইবাখনো নির্বাচনী সভাত অংশগ্রহণ কৰি কংগ্রেছ, এ আই ইউ ডি এফৰ লগতে বি পি এফক তীব্র ভাষাৰে সমালোচনা কৰে৷

বুধবাৰে চাপাগুৰিৰ জালাহত ইউ পি পি এল তথা মিত্রজোঁটৰ প্রার্থী উর্খাও গৌৰা ব্রহ্মৰ হৈ এখন বিশাল নির্বাচনী সভাত অংশ লৈ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য– প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসমত ছোৱালী সন্তানে চিকিৎসক, অভিযন্তা হোৱাৰ সপোন দেখিছে৷ আজমলৰ অসমত ছোৱালী হয় সন্তান জন্ম দিয়া মেচিন৷ ৰাইজে কোনখন অসমক বিচাৰিব, সেয়া এই নির্বাচনে স্পষ্ট কৰিব৷ অসমক যদি বচাব লাগে, তেন্তে সকলো জাতি–উপজাতি একত্রিত হ’ব লাগিব৷ নির্বাচনী সভাখনত ভাষণ প্রদান কৰি মন্ত্রীগৰাকীয়ে কয়– আমি মহাবিদ্যালয়ৰ নামভর্তি বিনামূলীয়া কৰিছোঁ৷ ছাত্রীসকলক স্কুটী প্রদান কৰিছোঁ আৰু কলেজলৈ যাবলৈ প্রতিদিনে ১০০ টকাকৈ দিছোঁ৷ আমাৰ লক্ষ্য অসমৰ যুৱতীসকল চিকিৎসক হওক, অভিযন্তা হওক, শিক্ষক–নার্ছ হওক আৰু সময়ত বিবাহত আবদ্ধ হৈ মাতৃ হওক৷ কিন্তু বদৰুদ্দিন আজমলে অসমৰ যুৱতী শিক্ষিত হোৱাটো নিবিচাৰে৷ তেওঁৰ মতে অসমৰ ছোৱালী মহাবিদ্যালয়লৈ যাব নালাগে৷ ১২ বছৰতে বিয়া হৈ ১৭ বছৰত চাৰিটা সন্তানৰ মতৃ হওক৷

আনহাতে, ২৪ বছৰ বয়সত ১২টা সন্তানৰ মাতৃ হওক৷ আজমলৰ এয়া লক্ষ্য আৰু উদ্দেশ্য৷ আমি কৈ আহিছোঁ হিন্দু হওক বা মুছলমানেই হওক সকলো ছোৱালী মহাবিদ্যালয়ত পঢ়িব লাগে৷ পঢ়া–শুনা কৰি ডাঙৰ–দীঘল হৈ সমাজখনক ধৰি ৰাখিব লাগে৷ কিন্তু আজমলৰ এই লক্ষ্য নহয়৷ নির্বাচনী সভাত তেওঁ কয় যে কোনোবাই ব্যক্তিগত উদ্যোগত মাদ্রাছা খুলিব বিচাৰে খোলক৷ কিন্তু বিজেপিয়ে বিচাৰে গাঁও, ৰাস্তা–ঘাট উন্নয়ন হওক, কৰৰ ধনেৰে চিকিৎসা মহাবিদ্যালয় হওক, অভিযান্ত্রিক কলেজ হওক৷ অসমত বিজেপি, অগপ, ইউ পি পি এলৰ এখন শক্তিশালী চৰকাৰ হ’ব লাগিব৷ যদি এই চৰকাৰ নহয়, তেন্তে অৰুণোদয়ৰ ধন বেলেগ কামত খৰচ কৰিব৷ আজি বিজেপি আৰু ইউ পি পি এলৰ নেতৃত্বত বিটিচিত চৰকাৰ গঠনৰ পাছতে অসমীয়া আৰু বড়ো ভাষা সমানেই চলিছে৷ সকলো জাতি–উপজাতিয়ে সমন্বয়ৰ মাজেৰে উন্নতি কৰিবলৈ হ’লে আকৌ এবাৰ দিছপুৰত বিজেপি মিত্রজোঁটৰ চৰকাৰ হ’ব লাগিব৷ নির্বাচনী সভাখনত উর্খাও গৌৰা ব্রহ্মই ভাষণ প্রদান কৰি দিছপুৰত পুনৰ মিত্রজোঁটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি উল্লেখ কৰে৷ ভাষণত তেওঁ কয় যে ১৭ বছৰে দুর্নীতি আৰু অপশাসন চলাই অহা হাগ্রামা মহিলাৰীৰ বি পি এফ এইবাৰ নিশ্চিহ্ণ হোৱাটো স্পষ্ট হৈ পৰিছে৷
নির্বাচনৰ পাছত নাঙল যাব মিউজিয়ামলৈ, ট্রেক্টৰ যাব দিছপুৰলৈ
কংগ্রেছ–আজমলৰ কোলাত উঠি ক্ষমতালৈ অহাৰ চেষ্টা চলাইছে হাগ্রামা মহিলাৰীয়ে৷ কিন্তু নির্বাচনৰ পাছত নাঙল যাব মিউজিয়ামলৈ আৰু ট্রেক্টৰ যাব দিছপুৰলৈ৷ –এই মন্তব্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ বুধবাৰে তামুলপুৰ বিধানসভা সমষ্টিৰ মিত্রজোঁট তথা ইউ পি পি এলৰ প্রার্থী লেহোৰাম বড়োৰ হৈ সমষ্টিটোত কুমাৰীকাটা ঢ়েকীয়াবস্তিত নির্বাচনী সভাত এই মন্তব্যৰে কংগ্রেছ, এ আই ইউ ডি এফ আৰু বি পি এফক তীব্র ভাষাৰে সমালোচনা কৰে৷ নির্বাচনী সভাত মন্ত্রী ড০ শর্মাই কয়– এইবাৰ বিজেপি আৰু মিত্রজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত৷ পদুম মানেই ট্রেক্টৰ আৰু ট্রেক্টৰ মানেই পদুম৷ পুনৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ’লে বেংকৰ পৰা ঋণ লোৱা মহিলাসকলৰ লোন মাফ কৰা হ’ব৷ বিটিচিত এতিয়াও অৰুণোদয় আঁচনি প্রয়োগ হোৱা নাই৷ কিন্তু অচিৰেই বিটিচিত এই আঁচনি প্রয়োগ হ’লে দুখীয়া আৰু নিম্ন মধ্যবিত্ত ৰাইজে এই আঁচনিৰ ধন ৮৩০ টকাৰ পৰা ৩,০০০ টকাকৈ লাভ কৰিব৷ পুনৰ মিত্রজোঁটৰ চৰকাৰ হ’লে ৩৯টা বিভাগত এবছৰৰ ভিতৰত ১ লাখ নিবনুৱাক সংস্থাপন দিয়া হ’ব৷ তদুপৰি ১৫ আগষ্টৰ আগতে তামুলপুৰক এখন জিলা হিচাপে ঘোষণা কৰা হ’ব আৰু স্বাধীনতা দিৱসৰ দিনাই জিলা উপায়ুক্তই পতাকা উত্তোলন কৰিব৷ বিশাল জনসভাখনত মন্ত্রী ড০ শর্মাই তেওঁৰ ভাষণত কয়– বিগত ১৫ বছৰত বি পি এফ চৰকাৰে বিটিচি ৰাইজক এখনো ভূমিপট্টা নিদিলে৷ কিন্তু বিটিচি নির্বাচনৰ পাছত প্রমোদ বড়ো নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰে ৫ হাজাৰ লোকক ভূমিৰ পট্টা প্রদান কৰিলে৷ মন্ত্রীগৰাকীয়ে পাগলাদিয়া নৈৰ ওপৰত পুনৰ আন এখন দলং নির্মাণৰ প্রতিশ্রুতি দিয়ে৷ সহস্রাধিক জনতাৰ উপস্থিতিত অনুষ্ঠিত সভাখনত বিজেপি নেতা ৰাম বাস্তলা, তামুলপুৰ জিলা ইউ পি পি এলৰ সভাপতি বিপুল বসুমতাৰীৰ লগতে কেইবাজনো বিজেপি, অগপ, জি এছ পি আৰু ইউ পি পি এলৰ নেতা উপস্থিত থাকে৷
বৰপেটাত মন্ত্রী হিমন্ত বিশ্ব শর্মাই ক’লে– নির্বাচনৰ পাছত কংগ্রছীৰ ঘৰত হ’ব লকডাউন
তৃতীয় পর্যায়ত অনুষ্ঠিত হ’বলগীয়া নির্বাচনৰ বাবে বৰপেটা সমষ্টিৰ মিত্রদল তথা অগপ প্রার্থী গুণীন দাসৰ হৈ আজি প্রচাৰ চলাবলৈ বৰপেটাত উপস্থিত হয় মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ বৰপেটা পৌৰসভা খেলপথাৰত অনুষ্ঠিত নির্বাচনী সভাত কংগ্রেছ আৰু এ আই ইউ ডি এফক তীব্র ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে কংগ্রেছৰ দিনত অংগনৱাড়ীৰ চাকৰি এটাৰ বাবেও ১ লাখ টকাৰ ঘোচ দিবলগীয়া হৈছিল৷ চৰ–চাপৰিৰ যুৱক–যুৱতীয়ে দুই লাখ টকা ঘোচ দিব লাগিছিল৷ কিন্তু বিজেপি চৰকাৰৰ দিনত এটকাও খৰচ নকৰাকৈ যুৱক–যুৱতীসকলে চাকৰি লাভ কৰিছে৷ পুনৰ চৰকাৰ গঠন হ’লে এটকাও ঘোচ নোহোৱাকৈ এবছৰত ১ লাখ যুৱক–যুৱতীক চাকৰি প্রদান কৰা হ’ব৷ নির্বাচনী সভাত ভাষণ প্রদান কৰি মন্ত্রীগৰাকীয়ে কয়– আমি বৰপেটাত কেঞ্চাৰ হাস্পতাল নির্মাণ কৰিছোঁ৷ য’ত এই অঞ্চলৰ ৰোগীসকলে গুৱাহাটীলৈ নোযোৱাকৈ চিকিৎসা প্রদান কৰিব পাৰিব৷ অসমত এতিয়া শংকামুক্ত পৰিৱেশ৷ কোনো ধৰণৰ লকডাউন নহয়৷

বিগত বর্ষত ৰাইজে ক’ৰোনাৰ বাবে যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগা হৈছিল৷ কিন্তু এইবাৰ বিহু পাতিম আৰু জুবিনৰ গান শুনিম৷ এইবাৰ লকডাউন হ’ব কংগ্রেছীৰ ঘৰত৷ ভাষণত তেওঁ কয়– আমাৰ জাতি এতিয়া ধনী আৰু দুখীয়া দুভাগত বিভক্ত৷ আমি দুখীয়াক ধনী কৰিব লাগিব৷ চৰকাৰে ইতিমধ্যে সুখ্যাতিৰে উত্তীর্ণ হোৱা ছাত্রীসকলক স্কুটী দিছে৷ এইবাৰ ছাত্রসকলক বুলেট দিয়া হ’ব৷ তদুপৰি মহাবিদ্যালয়ত অধ্যয়ন কৰা ছাত্র–ছাত্রীসকলক দৈনিক হাত খৰচৰ বাবে ১০০ টকাকৈ দিয়া হ’ব৷ অৰুণোদয় আঁচনিৰ জৰিয়তে বর্তমান মাহেকত প্রদান কৰি থকা ৮৩০ টকাৰ পৰিৱর্েত চৰকাৰ গঠনৰ পাছত ৩,০০০ হাজাৰ টকাকৈ লাভ কৰিব পৰিয়ালসমূহে৷ তদুপৰি ঋণগ্রস্ত মহিলাসকলক ঋণ পৰিশোধৰ দায়িত্ব ল’ব চৰকাৰে৷ আনহাতে, মহিলা আত্মসহায়ক গোটবিলাকক দুই লাখ টকা পর্যন্ত ঋণ প্রদান কৰা হ’ব৷ ইয়াৰ পূর্বে হেলিকপ্ঢাৰেৰে বৰপেটাত উপস্থিত হোৱা মন্ত্রী ড০ শর্মাক অগপৰ সভাপতি অতুল বৰা আৰু বৰপেটা সমষ্টিৰ প্রার্থী গুণীন দাসে আদৰণি জনায়৷ আজিৰ এই সভাত বাঘবৰ আৰু জনিয়া সমষ্টিত বিজেপিৰ প্রার্থী জাহানাৰা বেগম আৰু ছহিদুল ইছলাম উপস্থিত থাকে৷
পদুম মানে হাতী, হাতী মানে পদুমঃ হিমন্ত বিশ্ব শর্মা
কংগ্রেছে সংখ্যালঘু লোকক ভোটবেংক কৰিব বিচাৰেঃ অতুল বৰা
পদুম মানে হাতী, হাতী মানে পদুম৷ পদুম আৰু হাতী লগ হৈ দিছপুৰত পুনৰ চৰকাৰ কৰিম৷ আৰু এইবাৰ চৰকাৰ গঠন কৰিয়েই অহা এবছৰত এক লাখ যুৱক–যুৱতীক চাকৰি দিয়াৰ ব্যৱস্থা কৰিম৷ আজি সর্থেবাৰীত সৰুক্ষেত্রীৰ মিত্রজোঁটৰ প্রার্থী কল্পনা পাটোৱাৰীৰ হৈ নির্বাচনী প্রচাৰ চলাই এইদৰে মন্তব্য কৰে মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷ ভাষণ প্রসংগত তেওঁ পুনৰ কয় যে বদৰুদ্দিন আজমলে সংখ্যালঘু মহিলাক সন্তান জন্ম দিয়াৰ মেচিন বনাব খুজিছে৷ আমি মহিলাসকলক সন্মান দিব বিচাৰোঁ৷ অগপ প্রার্থী কল্পনা পাটোৱাৰীৰ হকে সর্থেবাৰীৰ জনসভাত ভাষণ প্রদান কৰি ড০ শর্মাই কয় যে বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পাছতেই মহিলাসকলৰ বন্ধন বেংকৰ সকলো ঋণ ৰেহাই দিয়া হ’ব আৰু অসমৰ ডেকাসকলক গেৰুৱা ৰঙৰ বুলেট দিয়া হ’ব৷

আনহাতে, অহা বছৰত এক লাখ যুৱক–যুৱতীক চাকৰি দিববুলি ঘোষণা কৰি ড০ শর্মাই পুনৰ কয় যে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্রীকো এইবাৰ স্কুটী দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ একেদৰে ছাত্র–ছাত্রীসকলৰ উপস্থিতিৰ ভিত্তিত প্রতিদিনে এশ টকাকৈ জলপানি দিয়াৰ ব্যৱস্থা কৰা হ’ববুলিও তেওঁ মন্তব্য কৰে৷ বিশাল জনসভাত অংশ লৈ ড০ শর্মাই কয়– সৰুক্ষেত্রীৰ ৰাইজে সভ্যতাৰ যুঁজৰ অংশীদাৰ হৈ মিত্রজোঁটৰ প্রার্থী কল্পনা পাটোৱাৰীক বিপুল ভোটত জয়ী কৰাব৷ কল্পনাক জয়ী কৰোৱাৰ দায়িত্ব আপোনালোকৰ বুলিও মন্তব্য কৰে মন্ত্রী ড০ শর্মাই৷ আনহাতে সর্থেবাৰীত অগপৰ কল্পনা পাটোৱাৰীৰ হকে প্রচাৰ চলাই অগপ সভাপতি অতুল বৰাই পুনৰ ভাৰতীয় জনতা পার্টীৰ নেতৃত্বত চৰকাৰ গঠন হ’ব বুলি মন্তব্য কৰি কয় যে প্রথম পর্যায়ৰ নির্বাচনত ৪২ খনৰ অধিক আসন মিত্রদলে লাভ কৰিব৷ কংগ্রেছে সদায় সংখ্যালঘু লোকক ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে৷ কংগ্রেছৰ অসম বচাওঁ অভিযান নহয়, কংগ্রেছ বচাওঁ অভিযানহে চলিছে৷
মুছলমানক আজমলতকৈ বেছি ভাল পোৱা
ব্যক্তিগৰাকী মইঃ ভৱানীপুৰৰ পুঠিমাৰীত ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য
ভৱানীপুৰ সমষ্টবাসী ৰাইজ, এইবাৰ আপোনালোকে সোঁ–বাঁও–উত্তৰ–দক্ষ্ একো চিন্তা নকৰি কেৱল হাতীৰ ছবিত ভোট দিব৷ আমাৰ যাতে ভোট এইবাৰ এটাও খেলিমেলি নহয়৷ –এই মন্তব্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ আজি ভৱানীপুৰ সমষ্টিৰ বজালীৰ পুঠিমাৰী বিহুতলীত ভৱানীপুৰ সমষ্টিৰ মিত্রজোঁটৰ প্রার্থী ড০ ৰঞ্জিত ডেকাৰ সমর্থনত অনুষ্ঠিত এখন বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি ভাষণত এইবাৰ ভৱানীপুৰৰ ভোট হাতীতেই পৰিব লাগিব বুলি মন্তব্য কৰে৷ তেওঁ কয়– আজি ব্যস্ততাৰ বাবে আপোনালোকক বেছি সময় দিব নোৱাৰিলোঁ আৰু সেয়েহে অহা ৩ এপ্রিলত ভৱানীপুৰ সমষ্টিত আকৌ এবাৰ আহিম আৰু আপোনালোকৰ স’তে সময় কটাম৷ সভাত বদৰুদ্দিন আজমল আৰু ফণী তালুকদাৰক কটাক্ষ কৰি আজমলে ‘ওপৰত আল্লা তলত মই’বুলি কৰা মন্তব্যক তির্যক ভাষাৰে সমালোচনা কৰি ড০ শর্মাই কয় যে ইয়াৰ মানে আজমলে চৰকাৰ কৰিলে ওপৰত থকা শিৱ, ব্রহ্মা, বিষ্ণু, দুর্গা, কালীৰ পৰা আৰম্ভ কৰি তলত থকা সকলো মানুহকে বিসর্জন কৰিব৷ কিন্তু আমি কওঁ ওপৰত থকা ঈশ্বৰ আৰু আল্লাই তলত থকা আমাক সকলোকে সুমতি দিয়ক আৰু সকলোৰে বিকাশ কৰক৷

ড০ শর্মাই কয় যে বিভিন্ন সময়ত সাংবাদিক বন্ধুসকলে মোক সোধে যে মই কিয় মুছলমানৰ বিৰুদ্ধাচাৰণ কৰি থাকোঁ৷ কিন্তু আজি মই স্পষ্ট কৰি দিব বিচাৰোঁ যে প্রকৃতে মুছলমানক আজমলতকৈ বেছিকৈ ভাল পোৱা ব্যক্তিগৰাকী মই৷ কাৰণ মই বিচাৰো আমাৰ মুছলমান লোকসকল মাদ্রাছালৈ গৈ মৌলবী হোৱাতকৈ স্কুল–কলেজত পঢ়ি বিজ্ঞানী হওক, চিকিৎসক হওক, ইঞ্জিনীয়াৰ হওক৷ কিন্তু আজমলে সেয়া নিবিচাৰে৷ সেয়েহে তেওঁ মাদ্রাছা খোলাৰ কথা কয়, কিন্তু আমি কওঁ মেডিকেল কলেজ, ইঞ্জিনীয়াৰিং কলেজ খোলাৰ কথা৷ আজমলে সন্তান জন্মৰ সময়ত মাতৃয়ে পোৱা প্রসূতি যন্ত্রণা অনুভৱ কৰিব নোৱাৰে বাবে আমাৰ আইমাতৃসকলক সন্তান জন্ম দিয়া মেচিনত পৰিণত কৰিব বিচাৰে৷ আজমলে মাতৃ হ’লে গম পালেহেঁতেন মহিলাৰ দুখ–কষ্ট৷ কিন্তু আমি বুজোঁ, আৰু সেয়েহে পৰিয়াল পৰিকল্পনাৰ কথা কওঁ৷ মুছলমান মহিলাৰ কষ্ট লাঘৱ কৰাৰ কথা চিন্তা কৰোঁ৷ সেয়েহে এইবাৰ আজমলৰ পৰা আমি মুক্ত হ’ব লাগিব৷ এইবাৰ যদি আজমল বাহিনীৰ পৰা ভৱানীপুৰক উদ্ধাৰ কৰিব নোৱাৰে, তেনেহ’লে কিন্তু আপোনালোকে আৰু দ্বিতীয় সুযোগ নাপাব বুলি মন্তব্য কৰি ভৱানীপুৰক পাঠশালাৰ দৰে শিক্ষা আৰু সাংস্কৃতিক নগৰী কৰাৰ স্বার্থত আপোনালোকে ৰঞ্জিত ডেকাক ভোট দিয়কবুলি আহ্বান জনায়৷

তেওঁ কয় যে ব’হাগত কুলি চৰাই অহাৰ দৰে নির্বাচন আহিলেহে ভৱানীপুৰত ভৰি দিয়ে ভূ–মাফিয়া ফণী তালুকদৰে৷ এইবাৰ তলা–চাবিৰ চিহ্ণত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা ফণী তালুকদাৰক ভৱানীপুৰ সমষ্টিবাসীয়ে চিৰদিনৰ বাবে তলা মাৰি সমষ্টিৰ পৰা বাহিৰলৈ দলিয়াই পঠিয়াবলৈ আহ্বান জনায়৷ বিজেপি চৰকাৰৰ বিভিন্ন জনহিতকৰ আঁচনিৰ বিষয়ে উল্লেখ কৰি তেওঁ ভৱানীপুৰ সমষ্টি এ আই ইউ ডি এফৰ পৰা উদ্ধাৰ কৰা অন্তিম সুযোগ বুলি উল্লেখ কৰি তেওঁ ভৱানীপুৰ সমষ্টিত শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ নামত অভিযান্ত্রিক মহাবিদ্যালয়, নার্ছিং কলেজ আদি আৰম্ভ কৰাৰ কথা ভাষণত উল্লেখ কৰে৷ নাগেশ বৈশ্যই আঁত ধৰা সভাত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই মিত্রজোঁট চৰকাৰৰ বিভিন্ন জনহিতকৰ আঁচনিৰ কথা উল্লেখ কৰি বিগত সময়ত ভৱানীপুৰ সমষ্টিবাসীয়ে কেৱল এ আই ইউ ডি এফৰ প্রতিনিধিৰ বাবে এই জনহিতকৰ আঁচনিসমূহৰ পৰা বঞ্চিত হ’ব লগা হয় বুলি খেদ প্রকাশ কৰে৷ সেয়েহে এইবেলি উন্নয়নৰ স্বার্থত পৰিৱর্তন বিচাৰি ভৱানীপুৰ সমষ্টিবাসীক মিত্রজোঁটৰ প্রার্থী ৰঞ্জিত ডেকাক হাতীৰ ছবিত ভোট দিবলৈ আহ্বান জনায়৷ বিজেপিৰ যুৱনেতা নাগেশ কুমাৰ বৈশ্যই পৰিচালনা কৰা সভাখনত প্রাক্তন বিধায়ক তথা অগপৰ জ্যেষ্ঠ নেতা ড০ মনোৰঞ্জন দাস, কেশৱ মহন্ত, বিজেপি নেতা মনোজ বৰুৱা, ইউ পি পি এল নেতা কনক চন্দ্র বডো, বিৰাজ ডেকা, সুৰেশ সৰকাৰ, অসম যুৱ পৰিষদৰ নেতা মৃণাল কলিতা, জিতু বুঢ়াগোহাঞি আদি উপস্থিত থাকে৷ সভাত ইউ পি পি এল নেতা কনক চন্দ্র বডোৱে ভাষণ প্রদান কৰি ভৱানীপুৰ সমষ্টিৰ মুঠ ৩০ হাজাৰবডো ভোটৰ অতি কমেও ২২ হাজাৰ ভোট ৰঞ্জিত ডেকাক দিব বুলি মন্তব্য কৰে৷
চিপিআইএমে কংগ্রেছ আৰু এআইইউডিএফৰ পিঠিত উঠি দিছপুৰলৈ যাব বিচাৰিছে
তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে সৰভোগ সমষ্টিত বিজেপিয়ে আজি নির্বাচনী ৰণশিঙা বজালে৷ সৰভোগৰ মাণিক ফিল্ড খেলপথাৰত আজি আবেলি ৪ বজাত এখন নির্বাচনী সভা অনুষ্ঠিত কৰা হয়৷ আজিৰ এই নির্বাচনী সভাত উপস্থিত থাকি নেডাৰ আহ্বায়ক তথা অসম চৰকাৰৰ বিত্ত, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তেওঁৰ ভাষণত কয় যে অসমক সুৰক্ষিত কৰাৰ বাবে অসমত পুনৰ বিজেপি চৰকাৰ গঠন হ’ব৷ অসমৰ পাঁচটা উন্নয়ন হোৱা সমষ্টিৰ ভিতৰত সৰভোগৰ নাম সন্নিৱিষ্ট হৈছে বুলি তেওঁ কয়৷ তেওঁ কয় যে পৃথিৱীত ক’তো চি পি আই এম নাই৷ তেওঁ লগতে কয়– চি পি আই এমে এইবাৰ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ পিঠিত উঠি দিছপুৰলৈ যাব বিচাৰিছে৷ তেওঁ চি পি আই এমক তীব্র সমালোচনা কৰি কয় যে লাল চালাম মাৰিলে কি হ’ব যদিহে পেটত চালাম নাথাকে৷ তেওঁ কয় যে পশ্চিমবংগত চি পি আই এম দলৰ চৰকাৰ থাকোঁতে অৰুণোদয় আঁচনি নাছিল৷ তেওঁ কয় যে চি পি আই এমৰ এটাই আঁচনি হ’ল লাল চালাম৷

ড০ শর্মাই কয় যে বিজেপি চৰকাৰে ২২ লাখ পৰিয়ালক মাহত ৮৩০ টকাকৈ অৰুণোদয় আঁচনিৰ দ্বাৰা অনুদান দিছে৷ তেওঁ কয় যে এইবাৰ নির্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰিলে ২০২১ চনৰ ভিতৰত এক লাখ চৰকাৰী চাকৰিত নিবনুৱাক নিযুক্তি দিব বুলি প্রতিশ্রুতি দিয়ে৷ তেওঁ কয় যে জুইত যিমানেই সোণ জ্বলে, সিমানেই উজ্জ্বল হয়৷ ঠিক তেনেদৰে বিজেপি জুইত জ্বলি উজ্জ্বল হৈছে৷ তেওঁ সৰভোগ সমষ্টিৰ উন্নয়নৰ বাবে মিত্রজোঁটৰ বিজেপিৰ প্রার্থী শংকৰ চন্দ্র দাসক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়৷ উক্ত সন্মিলনত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে তেওঁৰ বক্তব্যত কয় যে যোৱা দহবছৰে নিজৰ দায়িত্ব সৰভোগ সমষ্টিত ঠিক মতে পালন কৰিছে৷

সৰভোগত যিহেতু উন্নয়ন কৰিলে, গতিকে পাটাছাৰকুছিৰ লোকসকলে তেওঁলোকৰ উন্নয়নৰ কাৰণে তেওঁক পাটাছাৰকুছিত বিচাৰিছে৷ তেওঁ কয় যে তেওঁৰ আত্মা সদায় সৰভোগৰ ৰাইজৰ হূদয়ত থাকিব৷ পাটাছাৰকুছিৰ বিধায়ক হ’লেও তেওঁ সদায় সৰভোগৰ বজাৰতে বজাৰ কৰিববুলিও মন্তব্য কৰে৷ লগতে তেওঁ সৰভোগ বিধানসভা সমষ্টিৰ প্রার্থী শংকৰ চন্দ্র দাসৰ কথা উল্লেখ কৰি কয় যে তেওঁৰ শৰীৰটো আমি ব্যৱহাৰ কৰিছোঁ, মোৰ আত্মাটো তেওঁৰ শৰীৰত সুমুৱাই দিছোঁ৷ মহাজোঁটক প্রত্যাহ্বান জনাই কয়– আমি সৰভোগত জিকিমেই৷ আমি কি ক্ষতি কৰিছোঁ সংখ্যালঘুসকলৰ, আৰু চি পি আই এমে কি দিছে তেওঁলোকক আৰু কি দিব বুলি প্রশ্ণ কৰে৷ তেওঁ কয় যে এইবাৰ বিধানসভা নির্বাচনত সৰভোগ সমষ্টিত মহাজেজাটে ৫০–৬০ আৰু বিজেপিয়ে ৮০–৯০ হাজাৰ ভোট পাব৷ তেওঁ লগতে কয় যে এইবাৰ সৰভোগ সমষ্টিৰ নির্বাচনত আমাৰ সৰভোগ আমাৰ অধিকাৰ জয় সাব্যস্ত কৰিম পুনৰ এবাৰ এই মন্ত্রৰে আমি আগবাঢ়িব লাগিব৷ তেওঁ বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীক কটাক্ষ কৰি কয় যে বি টি আৰৰ ১২খন আসনৰ ভিতৰত ১২খনেই বিজেপি আৰু ইউ পি এল মিত্রজোঁটে লাভ কৰিব৷ আজিৰ নির্বাচনী সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, মিত্রজোঁটৰ বিজেপি প্রার্থী শংকৰ চন্দ্র দাস, কোকৰাঝাৰ সমষ্টিৰ প্রভাৰী ধুমন সিং কিৰমট, বিজেপিৰ ভাৰপ্রাপ্ত জিলা সভাপতি ফুলেন দাস, সৰভোগ সমষ্টিৰ প্রভাৰী বনদীপ ডেকা, ৰাজ্যিক কার্যনির্বাহক সদস্য মহেন্দ্র দাস, চকচকা ব্লক মণ্ডলৰ সভাপতি সম্পদ দাসকে ধৰি দলীয় নেতৃবৃন্দ উপস্থিত থাকে৷

You might also like