দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনঃ তিনি বজালৈকে ৫৭.৮৯ শতাংশ ভোটদান সম্পন্ন
নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ আজি অনুষ্ঠিত হৈছে ৰাজ্য়ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। আজি পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে নিৰ্বাচন। দ্বিতীয় পর্যায়ৰ নির্বাচনী ৰণত অৱতীর্ণ হোৱা মুঠ প্রার্থীৰ সংখ্যা গৈছে ৩৪৫জন৷ ৰাজ্যখনত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ত নিৰ্বাচনত ৰাইজৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে। ৰাতিপুৱাৰ পৰা ভোটদান কেন্দ্ৰসমূহত ভোটাৰৰ লানি নিছিগা ভিৰ লগা পৰিলক্ষিত হৈছে।
তিনি বজাললৈকে নিৰ্বাচন আয়োগৰ তথ্য মতে ৰাজ্যখনত ৫৭.৮৯ শতাংশ মতদান সম্পন্ন হৈছে।
বিয়লি তিনি বজালৈকে নলবাৰী সমষ্টিটোত ৭১ শতাংশ ভোটদান সম্পন্ন ভোটদান হৈছে। আৰু সৰ্বনিম্ন ভোটদান হৈছে কমলপুৰ সমষ্টিটোত ৪৩.৫৫ শতাংশ।
উল্লেখ্য যে আজি অনুষ্ঠিত হোৱা ৩৯টা সমষ্টিৰ ৭৩,৪৪,৬৩১জন ভোটাৰে৷ মুঠ ভোটাৰৰ ভিতৰত ৩৭,৩৪,৫৩৭জন পুৰুষ আৰু ৩৬,০৯,৯৫৯গৰাকী মহিলা৷