এটা ভিডিঅ’ক লৈ চাঞ্চল্য; ত্রিপুৰাৰ দলদলি সীমান্ত অতিক্রমি সোমাইছে অবৈধ বাংলাদেশী
নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলসহ দেশৰ ভিন্ন প্ৰান্ত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে উত্তাল কৰি ৰখাৰ সময়তে এটা বিশেষ ভিডিঅ’ ক্লিপে চাঞ্চল্য সৃষ্টি কৰিছে । ভিডিঅ’ ক্লিপটোত কোৱা হৈছে- নিৰাপত্তা ব্যৱস্থাত থকা সুৰুঙাৰ সুযোগ লৈ ত্ৰিপুৰা সীমান্তৰে কিদৰে অনুপ্ৰৱেশ কৰে বাংলাদেশীয়ে ।
যোৱা ২৬ ডিচেম্বৰৰ বিয়লি ৫ বজাত পশ্চিম ত্রিপুৰা জিলাৰ ছিমনা অঞ্চলৰ দলদলি গাঁও সংলগ্ন সীমান্তৰে অনুপ্রৱেশ ঘটাৰ ভিডিঅ’টো ত্রিপুৰাৰ ৰাজবংশৰ সদস্য প্রদ্যুৎ কিশোৰী মাণিক্য দেৱ বর্মনে নিজৰ টুইটাৰ একাউণ্টত আপলোড কৰিছে৷
Hello India,this is how porous our borders are.These Bangladeshi’s are crossing over. Location Tripura,Simna, India at Daldali village. Do you think your ILP will stop them?
26th Dec:5 p.m.
The lang,dress,features does not distinguish if they belong to 1 religion or another. pic.twitter.com/g8oUqASPR9— Pradyot_Tripura (@PradyotManikya) December 27, 2019
ভিডিঅ’টো সন্দর্ভত দেৱ বর্মনৰ টুইট– ‘হেল্ল’ ভাৰত, আমাৰ সীমান্তত থকা সুৰুঙা এয়াই৷ এই বাংলাদেশীসকলে সীমান্ত অতিক্রম কৰি আছে৷ স্থান– ত্রিপুৰা, ছিমনা, ভাৰতৰ দলদলি গাঁও৷ আপোনালোকৰ আই এল পিয়ে তেওঁলোকক বাধা দিব পাৰিব বুলি ভাবেনে?’ লক্ষণীয়ভাৱে ভিডিঅ’টোত একাংশ লোকে হাতত টোপোলা আৰু কাপোৰ লৈ ধাননিৰ মাজেৰে পাৰ হৈ যোৱা দেখা গৈছে৷ টুইট কৰাৰ উপৰি ফেচবুকত দেৱ বর্মনে সীমান্তৰে ঘটা অনুপ্রৱেশ সন্দর্ভত এইদৰে লিখিছে– ‘তেওঁলোকে একেটা ভাষাত কথা কয়৷ পিন্ধনত শাৰী আছিল৷ কিন্তু এনেধৰণৰ বৈশিষ্ট্যৰ পৰাই একে ধর্মৰ নে আন ধর্মৰ, সেয়া চিনাক্ত কৰাটো সম্ভৱ নহয়৷ সকলোৱে ইয়াৰ প্রচাৰ কৰক, যাতে উত্তৰ–পূর্বাঞ্চলত কি ঘটি আছে, সেয়া সমগ্র দেশে জানিব পাৰে৷’
উল্লেখ্য যে বাংলাদেশ আৰু ত্রিপুৰা সীমান্তৰ মুঠ দৈর্ঘ্য ৮৫৬ কিলোমিটাৰ৷ দেৱ বর্মনে যিটো স্থানৰ ভিডি’ টুইটাৰযোগে ৰাজহুৱা কৰিছে, সেই স্থানৰ দূৰত্ব সীমান্তৰ পৰা মাত্র ৭০০ মিটাৰ৷ বিগত সময়ছোৱাত ত্রিপুৰা সীমান্তৰে ব্যাপক হাৰত বাংলাদেশীৰ অনুপ্রৱেশ ঘটাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ইয়াৰ মাজতে ৰাজহুৱা হোৱা উক্ত ভিডিঅ’ ক্লিপটোৱে এতিয়া স্বাভাৱিকতে লাভ কৰিছে ব্যাপক চর্চা৷ ইফালে ভিডি’টোৰ সত্যতা নিৰূপণৰ কাৰণে শনিবাৰে এটা উচ্চ পর্যায়ৰ দলে নির্দিষ্ট স্থান ভ্রমণ কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে মোহনপুৰৰ মহকুমা আৰক্ষী বিষয়া ৰংগদুলাল দেৱবার্মাই৷ তেওঁ কয় যে শনিবাৰে মোহনপুৰৰ মহকুমা দণ্ডাধীশ, বি এছ এফৰ ৮০নং বেটেলিয়নৰ উপ–ধিনায়ক, ছিমনা সমষ্টিৰ বিধায়কসহ বিষয়াবর্গৰ এটা দলে নির্দিষ্ট স্থানডোখৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ কোনো লোকে সীমান্ত অতিক্রম কৰাৰ কথা বি এছ এফৰ তৰফৰ পৰা নস্যাৎ কৰা হৈছে বুলি তেওঁ সদৰী কৰে৷