নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ মহাজোঁটৰ চৰকাৰ গঠন হ’লে মাদ্রাছা পুনৰ খুলিব বুলি বদৰুদ্দিন আজমলে হুংকাৰ দি অহাৰ পাছতেই এইবাৰ নির্বাচনী সভাত উচটনিমূলক মন্তব্যৰে সৰৱ হ’ল হাগ্রামা মহিলাৰী৷ আজি বাক্সা জিলাৰ কদমতল চ’কত বৰমা বিধানসভা সমষ্টিৰ মহাজোঁটৰ প্রার্থী প্রবীণ বড়োৰ হৈ এক নির্বাচনী সভাত অংশ লৈ হাগ্রামা মহিলাৰীয়ে কয়– বিজেপি চৰকাৰে মাদ্রাছা বন্ধ কৰাৰ পাছতে এইবাৰ বডো মাধ্যমৰ বিদ্যালয়ো বন্ধ কৰিব৷ অকল বডো মাধ্যম বুলিয়ে নহয়, সকলো জনগোষ্ঠীয় মাধ্যমৰ বিদ্যালয় বন্ধ কৰিব৷ হাগ্রামা মহিলাৰীয়ে কয় যে দীর্ঘদিন ধৰি অসমত মুছলমান যুৱক–যুৱতীসকলে শিক্ষাগ্রহণ কৰি অহা মাদ্রাছাসমূহ বন্ধ কৰাটো মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ নিজা সিদ্ধান্ত৷ এইবাৰৰ নির্বাচনত বিজেপিয়ে জয়লাভ কৰিলে বডো মাধ্যমৰ লগতে অসমৰ আন আন মাধ্যমৰ বিদ্যালয়ো বন্ধ কৰিব৷ মন্ত্রী হিমন্ত বিশ্ব শর্মাক তীব্র আক্রমণ কৰি বিপিএফপ্রধানগৰাকী কয়– মোৰ এতিয়ালৈকে কোনো গোচৰ নাই৷ নিজে গুৰুতৰ কেলেংকাৰিত জডিত হৈ এতিয়া মোক জে’লত ভৰাব বুলি কোৱাটো হাস্যকৰ কথা বুলিও কটাক্ষ কৰে৷ মন্ত্রীগৰাকীৰ বিৰুদ্ধে অধিক আক্রমণাত্মক হৈ হিমন্ত বিশ্ব শর্মাই কেতিয়াবা নিজে চিবিআই, কেতিয়াবা উকীল, কেতিয়াবা নিজে প্রধান শিক্ষক, কেতিয়াবা নিজে ক’ৰোনাৰ চিকিৎসক হয় বুলিও কটাক্ষ কৰে৷
বাঙালীপাৰাত মহাজোঁটৰ নির্বাচনী সভাঃ ইউপিপিএলৰ বহু পাৰিষদে
পৰাজয়ৰ উমান পাই আমাৰ সৈতে যোগাযোগ কৰি আছেঃ হাগ্রামা
নাটকীয় পট পৰিৱর্তন ঘটা ৫৮নং তামুলপুৰ বিধানসভা সমষ্টিৰ বিপিএফ দলৰ প্রার্থী ৰঞ্জা খুংগুৰ বসুমতাৰীয়ে হঠাতে বিপিএফৰ সংগ এৰি গেৰুৱা বসন পিন্ধাৰ সময়তে সমষ্টিটো উদ্ধাৰ কৰাৰ স্বার্থত উঠিপৰি লাগিছে বিপিএফ দল৷ প্রার্থী নাথাকিলেও নিজৰ দলীয় প্রতীক লৈ অহা ৬ এপ্রিলত অনুষ্ঠিতব্য তৃতীয় পর্যায়ৰ নির্বাচনত দলক জিকাই নিয়াৰ আপ্রাণ প্রচেষ্টা অব্যাহত ৰাখিছে দলটোৱে৷ ইয়াৰ অংশস্বৰূপে আজি সমষ্টিটোৰ অন্তর্গত বাঙালীপাৰা হাইস্কুল খেলপথাৰত অনুষ্ঠিত এক বিশাল নির্বাচনী সভাত হেলিকাপ্ঢাৰ লৈ প্রচাৰ চলালে বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে৷ অসম প্রদেশ কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক অপূর্ব কুমাৰ ভট্টাচার্যক লগত লৈ বিশাল নির্বাচনী জনসভাক সম্বোধি হাগ্রামা মহিলাৰী একালৰ মিত্রদল বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ নিজ স্বভাৱসুলভ ভাষণত তেওঁ কয়– তামুলপুৰ সমষ্টিৰ প্রক্ষেপিত প্রার্থী ৰঞ্জা খুংগুৰ বসুমতাৰীক হাইজেক কৰি বিজেপিয়ে স্বৈৰাচাৰী শাসন তথা গণতন্ত্রক হত্যা কৰিছে৷ প্রার্থী নহ’লেও তামুলপুৰ সমষ্টিৰ ৰাইজৰ দায়িত্ব আজিৰে পৰা মোৰ৷ পৰাজয়ৰ আশংকাত সমগ্র অসমতে বিজেপি দল এতিয়া নার্ভাছ হৈছে৷ বিজেপি দলে পৰাজয়ৰ আশংকাত ভুগি প্রার্থী হাইজেক কৰাকে ধৰি বিভিন্ন হিংসাত্মক ঘটনাত লিপ্ত হৈছে৷ বিজেপিৰ সভাপতি ৰঞ্জিত দাসে পৰাজয়ৰ আগতীয়া উমান পাই সৰভোগ সমষ্টি এৰি পলোৱা বুলি তির্যক মন্তব্য কৰি বিজেপিৰ যিমান ডাঙৰ নেতা নামিলেও মহাজোঁটৰ চৰকাৰ গঠন হোৱাত বাধা দিব নোৱাৰে বুলি উল্লেখ কৰে৷
বৰমাৰ কদমতল চ’কত বিপিএফৰ নির্বাচনী সভাত হাগ্রামা মহিলাৰী
বিটিচিত বিপিএফৰ চৰকাৰ আহি আছে আৰু বিপিএফৰ চৰকাৰ হোৱাৰ পাছত বিটিচিত আৰু নাথাকিব বিজেপি, ইউ পি পি এলৰ চৰকাৰ৷ হিমন্ত বিশ্ব শর্মাই কি চৰকাৰ বনাব খুজিছে৷ মহাজোঁটে ৭০খন আসন লৈ চৰকাৰ গঠন কৰিব৷ আজি বাক্সা জিলাৰ কদমতল চ’কৰ ৰাজীৱ গান্ধী কনিষ্ঠ মহাবিদ্যালয় খেলপথাৰত বিপিএফৰ নির্বাচনী সভাত উপস্থিত থাকি হাগ্রামা মহিলাৰীয়ে এই বক্তব্য আগবঢ়ায়৷ ভাষণ প্রসংগত তেওঁ কয় যে হিমন্ত বিশ্ব শর্মাই বডো জাতি শেষ কৰাৰ ষডযন্ত্র অব্যাহত ৰাখিছে৷ কিন্তু হাগ্রামা থকালৈকে বডো জাতিক কোনেও একো কৰিব নোৱাৰে বুলি কয়৷ মহিলাৰীয়ে ৬২নং বৰমা সমষ্টিটোত বিপিএফৰ প্রার্থী প্রবীণ বডোক নাঙলৰ ছবিত ভোট দি জয়ী কৰিবলৈ সকলো ভোটাৰ ৰাইজক আহ্বান জনায়৷