বসন্তৰ বতৰাৰে চৌদিশ আমোলমোলাই বজালীত ফুলিছে কেতেকী
নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ নির্বাচনৰ ধামখুমীয়াৰ মাজতে আহিল বসন্ত৷ বসন্তৰ বতৰা লৈ বজালীত চৌদিশ আমোলমোলাই ফুলিছে কেতেকী ফুল৷ কেতেকী ফুলৰ দৃশ্য আৰু সুগন্ধিয়ে প্রাণচঞ্চল কৰি তুলিছে বজালীৰ ডুবিবাসীৰ মন–প্রাণ৷ ঐতিহ্যমণ্ডিত ডুবিৰ কেতেকীবাৰীয়ে আন্দোলিত কৰিছে প্রতিগৰাকী স্থানীয় বাসিন্দাৰ মন–প্রাণ৷ ডুবিৰ এই সদ্য–প্রস্ফুটিত কেতেকীবাৰীৰ আছে এক ঐতিহ্য৷ অসমৰ শৈৱ পীঠসমূহৰ ভিতৰত বজালী জিলাৰ সদৰ পাঠশালাৰ সমীপৱত্ ডুবিস্থিত ঐতিহ্যমণ্ডিত শ্রীশ্রীপৰিহৰেশ্বৰ দেৱালয় এক অন্যতম প্রাচীন ধর্মানুষ্ঠান৷ এই দেৱালয় প্রতিষ্ঠাৰ সঠিক কাল নিৰূপণ কৰা কঠিন যদিও জনশ্রুতি অনুসৰি ৰজা ভাস্কৰ বর্মাৰ ৰাজত্ব কালতে প্রতিষ্ঠিত আৰু স্বর্গদেড শিৱসিংহই মাটি–বাৰী দান দিয়া ইতিহাসপ্রসিদ্ধ এই দেৱালয়খন স্থানীয়ভাৱে বুঢ়াগোসাঁইৰ থান হিচাপেও জনাজাত৷
বজালীৰ সদৰ পাঠশালাৰ পৰা মাত্র তিনি কিঃমিঃ দক্ষিণে ডুবি গাঁৱত অৱস্থিত এই ঐতিহ্যমণ্ডিত দেৱালয়খন, য’ত প্রতিদিনে ৰাজ্যখনৰ লগতে দেশৰ ভিন্ন প্রান্তৰ পৰাও ভক্ত, পর্যটক আহি ইয়াৰ দর্শন কৰে৷ এই দেৱালয়ত প্রতিদিনেই অনুষ্ঠিত হয় বিভিন্ন মাংগলিক অনুষ্ঠান৷ দেৱালয়খনৰ মূল মন্দিৰৰ পাছফালে আছে এখন কেতেকী ফুলৰ বাগিচা৷ এই বাগিচাখনক কেতেকীবৰী নামেৰে জনা যায়৷ প্রায় চাৰি বিঘা এলেকাজুৰি বিয়পি থকা কেতেকীবাৰীখনেই সম্ভৱতঃ অসম তথা ডত্তৰ–পূব ভাৰতৰ অন্যতম বৃহৎ কেতেকী ফুলৰ বাগিচা, য’ত ফুল ফুলাৰ বতৰত কেতেকী ফুলৰ দৃশ্য আৰু সুগন্ধিয়ে আমোলমোলাই তোলে সমগ্র দেৱালয় প্রাংগণ৷ দেশৰ বিভিন্ন প্রান্তত কেতেকী ফুলৰ গছ আছে যদিও সৰহসংখ্যক ফুলেই নুফুলে৷ কিন্তু ডুবি দেৱালয়ৰ কেতেকীবাৰী এইক্ষেত্রত অনন্য৷ কিয়নো ডুবিৰ কেতেকীবাৰীত থকা প্রায়সমূহ পৈণত কেতেকী ফুলেই ফুলি আহিছে৷
অৱশ্যে কোনো বছৰত ফুলৰ সংখ্যা হ্রাসো নোহোৱা নহয়৷ হয়তো বিভিন্ন পাৰিপার্শ্বিক কাৰণতে কেতিয়াবা কমসংখ্যক কেতেকীৰহে ফুল ফুলে৷ এইবেলিও অইনবাৰৰ তুলনাত এতিয়ালৈকে কমসংখ্যক ফুল ফুলিছে যদিও বসন্ত কালত এই কেতেকী ফুলৰ সুবাস–সৌন্দর্যই দেৱালয়খনৰ চৌহদৰ লগতে আমোলমোলাই তোলে ইয়াৰ পাৰিপার্শ্বিক পৰিৱেশ৷ ৰজাদিনীয়া ঐতিহ্যমণ্ডিত এই বৃহৎ কেতেকীবাৰীখন সম্প্রতি সংৰক্ষণৰ অভাৱত মৃত্যুৰ পিনে গতি কৰিবলৈ লৈছে৷ আপুৰুগীয়া কেতেকীবাৰীখনৰ চৌদিশে কোনোধৰণৰ সঠিক সুৰক্ষামূলক ব্যৱস্থা নথকাৰ ফলত কিছুমান অসাধু ব্যক্তিয়ে বাগিচাখনত প্রৱেশ কৰি অতি মনোমোহা সুগন্ধি ফুলবোৰ অবাবতে ছিঙি নিয়াৰ উপৰি উন্মুক্ত গৰু–ছাগলীয়ে যেনি–তেনি প্রৱেশ কৰি কেতেকী ফুলৰ গছ, ডাল আদি ভাঙি–ছিঙি তহিলং কৰিবলৈ লৈছে৷ তদুপৰি কিছুমান লোকে কেতেকী গছবোৰ উভালি নিজৰ ঘৰলৈ নিয়াৰ ফলত ফুলনিখনলৈ যেন অস্তিত্বৰ সংকট আহি পৰিছে৷ যাৰ পৰিণতিত বৃহৎ চাৰি বিঘাৰ মাটিৰে আৱেষ্টিত কেতেকীবাৰীখন দিনকদিনে সংকুচিত হৈ আহি সম্প্রতি এবিঘামান মাটিতহে কেতেকী ফুল আছে যদিও উপযুক্ত পৰিচর্যাৰ অভাৱত সেইখিনিকো বিভিন্ন বনৰীয়া লতা–বনে একপ্রকাৰ ছানি ধৰিছে৷ চৰকাৰী পক্ষই উপযুক্ত বিধি বিধানেৰে এই দুষ্প্রাপ্য কেতেকীবাৰীখন সংৰক্ষণৰ ব্যৱস্থা কৰিলে দেৱালয়খনৰ সৌন্দর্যবর্ধনৰ লগতে আর্থিক দিশতো টনকিয়াল হোৱাৰ সুযোগ আছে৷ কিয়নো এই কেতেকী ফুলৰ পৰা বিভিন্ন প্রকাৰৰ সুগন্ধি, তেল আদি ডৎপাদন কৰাৰ উপৰি ইয়াৰ পাতৰ পৰা অতি উৎকৃষ্টমানৰ ৰছী, কঠ, পাটী, ঢাৰি, বিচনী আদি তৈয়াৰ কৰিব পাৰি৷ কিন্তু অতি পৰিতাপৰ বিষয় যে দিনকদিনে সংকুচিত হৈ অহা এই ঐতিহাসিক তথা ভিন্ন গুণসম্পন্ন কেতেকীবাৰীখন ৰক্ষণাবেক্ষণৰ বাবে চিন্তা কৰিবলৈ কাৰোৱেই আহৰি নাই, নাই দায়বদ্ধতা৷
ৰাজ্যৰ পর্যটন উদ্যোগৰ ক্ষেত্রতো অতি সম্ভাৱনীয়তা থকা নৃত্য, পৰিৱেশ্য কলাৰ ভিতৰত অন্যতম ডুবি দেৱালয়ৰ ঐতিহ্যস্বৰূপ দেৱদাসী নৃত্য যেনেদৰে এদিন বন্ধ হৈ গৈছিল তেনেদৰে হয়তো কেতেকীবাৰীও ডুবি দেৱালয়ৰ পৰা অতি কমদিনৰ ভিতৰতে নিঃশেষ হৈ যাব৷ সময় থাকোঁতে যদি ৰাজ্যৰ পর্যটন বিভাগে দেশৰ ভিতৰতে দেৱদাসী নৃত্যৰ অন্যতম স্মৃতি বিজডিত ঐতিহাসিক স্থান বজালীৰ ডুবিস্থিত এই পৰিহৰেশ্বৰ দেৱালয়ৰ সৌন্দর্য আৰু সুগন্ধিৰ সমাহাৰ কেতেকীবাৰীখনৰ সংৰক্ষণৰ ব্যৱস্থা গ্রহণ কৰে তেন্তে ই যে পর্যটনৰ এক অন্যতম কেন্দ্রস্থলত পৰিণত হ’ব সেয়া নিশ্চিত৷