মার্চ, ২০২১ত সম্পূর্ণ এবছৰ অতিক্রম কৰাৰ পিছত নতুন বছৰটোত ‘নিউ নর্মেল’– নতুন স্বাভাৱিকতাক আদৰি লোৱাত অন্ততঃ সমস্যাই শাম কাটিব বুলি নিশ্চিন্ত হৈ থকা সত্ত্বেও দেশে–বিদেশে পুনৰ ক’ভিড–১৯ৰ ভয়াৱহতাৰ বাতৰি আহি আছে৷ ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্র, গ্রেট ব্রিটেইন, ব্রাজিল আৰু ইউৰোপত কিছুসংখ্যক দেশত লক্ষাধিক আক্রান্ত হোৱা আৰু হাজাৰ সংখ্যকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে৷ আমাৰ দেশতো মার্চ মাহৰ শেষৰ সপ্তাহত এই বছৰৰ সর্বোচ্চসংখ্যক (৫৩,৪৮০) ক’ভিড–১৯ পজিটিভ কেছৰ ৰেকর্ড পোৱা গৈছে৷ ইয়াৰ লগতে আক্রান্তৰ মৃত্যু সংখ্যা ৩৫৪ লৈ বৃদ্ধি হয় (দৈনিক গড়ে ১৯৭জন)৷ এয়া এই বছৰৰ অতিমাৰীৰ দ্বিতীয় ঢ়ৌৰ প্রভাৱ৷ যোৱা বছৰটোত ভাৰতবর্ষত আক্রান্তৰ সংখ্যা আগষ্টত ২০ লাখ, ছেপ্ঢেম্বৰত ৩০ লাখ, নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত এক কোটিৰ সংখ্যা স্পর্শ কৰিছিল৷ দেশত বর্তমানৰ সংক্রমণৰ দ্বিতীয় ঢ়ৌৱে ১৩খন ৰাজ্যক বেয়াকৈ আক্রান্ত কৰিছে আৰু এই হাৰ দেশত ফেব্রুৱাৰীত (২০১১) ১.৬ শতাংশৰ পৰা ২২ মার্চত ৫ শতাংশলৈ বৃদ্ধি হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ নির্ধাৰিত ৫ শতাংশ হাৰতকৈ আমাৰ তেৰখন ৰাজ্যত আক্রান্তৰ হাৰ অধিক আৰু ইয়াৰ ভিতৰত দেশৰ মুঠ আক্রান্তৰ ৭৮ শতাংশ মহাৰাষ্ট্র, কর্ণাটক, পঞ্জাব, গুজৰাট আৰু তামিলনাডুৰ নাগৰিক৷ মহাৰাষ্ট্রত প্রায় এমাহৰ ভিতৰত (ফেব্রুৱাৰী ১৫) আক্রান্তৰ সংখ্যা ৩,৩৬৫ৰ পৰা ২৭,১২৬লৈ বৃদ্ধি হৈছিল৷
দেশত ইতিমধ্যে গণ টিকাকৰণ আৰম্ভ হৈ গৈছে যদিও চৰকাৰে ঘোষণা কৰা লক্ষ্য পূৰণৰ সম্ভাৱনা ধীৰ যেন পৰিলক্ষিত হৈছে৷ ইয়াৰ বিপৰীতে বিভিন্ন কাৰণত আশংকা কৰাতকৈ অধিক সোনকালে আৰু বেছি ভয়াৱহভাৱে ভাইৰাছৰ সংক্রমণ বৃদ্ধি হৈছে৷ বর্তমান দেশৰ পাঁচখন ৰাজ্যত নির্বাচন উপলক্ষে হোৱা বিশাল জনসমাগম আৰু লগতে সকলো বাধা–নিষেধ উলংঘা কৰা হোলী উৎসৱ, কুম্ভমেলা, আগন্তুক বিহু–বৈশাখীৰ অনিয়ন্ত্রিত উৎসৱমুখৰ পৰিৱেশত স্বাভাৱিকতে সমস্যাই গুৰুতৰ ৰূপ ল’ব৷ ইতিমধ্যে মার্চ মাহৰ ১৪–২২ তাৰিখৰ সময়ছোৱাত দেশত ক’ভিড আক্রান্তৰ সংখ্যা ১৫০ শতাংশ বৃদ্ধি হৈছে৷ ভাৰতবর্ষত বর্তমানত দৈনিক আক্রান্তৰ (৪৭,০০৯) সংখ্যা বিশ্বত তৃতীয় স্থানত আমেৰিকা আৰু ব্রাজিলৰ পিছত৷ ইয়াৰ কাৰণ হিচাপে নাগৰিকৰ অসাৱধানতাকে প্রধানকৈ দায়ী কৰিব পাৰি যদিও বিশেষজ্ঞসকলৰ মতে’Covid variants from the U.K., Brajil and South Africa are known to be more infectous than the previous strain of the virus in India.’ ইয়াৰ উপৰি টিকাকৰণে জনসাধাৰণক অধিক অসাৱধান কৰি তুলিছে, ৰাজ্য চৰকাৰসমূহে অধিক আত্মবিশ্বাসী হৈ আইন–কানুন শিথিল কৰি দিছে আৰু এইবাৰ আন্তর্জাতিক আৰু আন্তঃৰাষ্ট্রীয় যাতায়াত বৃদ্ধি আৰু ক’ভিড পৰীক্ষাকৰণ তুলনামূলকভাৱে বৃদ্ধি হোৱাৰ বাবে যুৱ সমাজ বেছিকৈ আক্রান্ত হোৱা দেখা গৈছে৷ স্বাস্থ্য বিশেষজ্ঞসকলে সকীয়াই দিছে,Just when you think you have defeated the virus, it makes a comeback. Covid is infectous; If you do not take precautions, it will continue to infect. এনে কাৰণতে আমেৰিকাত নির্বাচনৰ পিছত দ্বিতীয়টো আৰু বর্তমান জার্মানীত তৃতীয়টোৰ আৱির্ভাৱ হৈছিল আৰু এনে কাৰণতে আমাৰ ৰাজ্যত এপ্রিলৰ দ্বিতীয় সপ্তাহৰ পৰা পৰিস্থিতি ভয়াৱহ হ’ব বুলি সতর্ক কৰি দিয়া হৈছে৷
যোৱা বছৰটো কিছুমান সংখ্যাৰ বছৰ আছিল৷ কিমানসংখ্যক আক্রান্ত হ’ল, কিমান সুস্থ আৰু কিমান মৃত৷ ইয়াৰ লগতে গৃহবন্দিত্বৰ দিনৰ সংখ্যা, দৰিদ্রৰ সংখ্যা, নতুন নিবনুৱাৰ সংখ্যা, ইত্যাদি৷ এই বছৰটো আৰম্ভ হৈছিল টিকাকৰণৰ সংখ্যাৰে, জানুৱাৰী মাহত প্রথমে স্বাস্থ্যকর্মীসকলক এই সুবিধাৰ দ্বাৰা সামৰি লোৱা হৈছিল৷ এক মার্চৰ পৰা সকলো প্রবীণ নাগৰিক আৰু পঞ্চাশোর্ধ্ব জটিল ৰোগৰ লোকক আৰু এক এপ্রিলৰ পৰা ৪৫ৰ ঊর্ধ্বৰ লোকসকলক প্রতিষেধক টিকা লাভৰ সুযোগ দিয়া হৈছে৷ কেন্দ্রীয় চৰকাৰৰ মতে ভাৰতবর্ষত ইতিমধ্যে প্রতিষেধক বেজী গ্রহণ কৰা লোকৰ সংখ্যাই তিনি কোটিৰ সংখ্যা অতিক্রম কৰিছে৷ আমাৰ দেশত গণ টিকাকৰণৰ কাম যথেষ্ট গুৰুত্ব সহকাৰে লোৱা হৈছে যদিও এইক্ষেত্রত আমি বিশ্বৰ বহু দেশতকৈ যথেষ্ট পিছ পৰি আছোঁ৷ এই বছৰৰ মার্চ মাহৰ প্রথম সপ্তাহৰ সমীক্ষা অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ ২.৩ শতাংশই প্রতিষেধক টিকা গ্রহণ কৰাৰ বিপৰীতে আমেৰিকাত ১৭.৬, চীন দেশত ৩.৬, ব্রিটেইনত ৩২.৭, ইউৰোপত ৬.২ শতাংশৰ বিপৰীতে ভাৰতবর্ষত ১.৫ শতাংশ৷ এই তালিকাত ইজৰাইল ৫৭.৩ শতাংশৰে প্রথম স্থানত আছে৷ আমাৰ ৰাজ্যত মার্চ মাহৰ প্রথম সপ্তাহত ৪.৪ লাখ লোকক টিকাকৰণ কৰা হৈছে (লক্ষ্য ৬৩ লাখ)৷ ভাৰতবর্ষত এই সময়ছোৱাত ২৩০.১ লাখ লোকক টিকাকৰণ কৰা হৈছিল (লক্ষ্য ৩,০০০ লাখ)৷ ভাৰতত মুঠ টিকাকৰণৰ লক্ষ্যৰ ৭.৭ শতাংশ জনসাধাৰণক টিকাকৰণ কৰাৰ বিপৰীতে অসমত ৭.০, দিল্লীত ১৪.৪, ৰাজস্থানত ১৫.৭, গুজৰাটত ১২.৬ আৰু সর্বনিম্ন ৪.২ শতাংশ তামিলনাডুত৷ এই বছৰ গণ টিকাকৰণৰ লক্ষ্য পূৰণ কৰিবলৈ গুজৰাটক ৫ মাহ, দিল্লীক ৭ মাহ, ৰাজস্থানক ৩ মাহ লগাৰ বিপৰীতে ওড়িশাক ৮ আৰু অসমত ৯ মাহ সময় লাগিব৷
সমগ্র বিশ্বতে গণ টিকাকৰণৰ সাফল্যৰ ওপৰতে ক’ভিড অতিমাৰীৰ নিয়ন্ত্রণ নির্ভৰ কৰিব বুলি ভাবি থকাৰ পৰিৱেশ মতে কিছুসংখ্যক বিশেষজ্ঞই আকৌ There is nothing like herd immunity at the moment’ বুলি ঘোষণা কৰিছে৷ অতি সামান্য হ’লেও কিছুক্ষেত্রত এবাৰ আক্রান্ত হোৱাৰ পিছত ক’ভিড–১৯ৰ দ্বাৰা আক্রান্ত হোৱাৰ বাতৰি পোৱা গৈছে৷ ইয়াৰ উপৰি প্রতিষেধক প্রদানৰ লগে লগে চলিত বছৰটোত ক’ভিড–১৯ৰ সংক্রমণ একেবাৰে নাইকিয়া হৈ যাব বুলি ভবাটো ভুল৷ শেহতীয়াকৈBIRAC (Biotechnology Industry Research Assistance Council) ৰ বিষয়া ৰেণু স্বৰূপে মত প্রকাশ কৰিছে যে’We still have to be careful, there’s nothing like herd immunity at the moment, so we must take our vaccine and we must continue with all covid protocols. We should not make assumptions here, We have not yet spent sufficient time with the virus to know all aspects of it… we don’t know how long the immunity lasts post natural infection.’ (TOI)
সমস্যা আৰু আছে৷ দ্বিতীয়বাৰৰ ঊর্ধ্বমুখী ক’ভিড সংক্রমণে কেৱল জনস্বাস্থ্যলৈকে নহয়, দেশৰ অন্যান্য খণ্ডলৈকো পুনৰ বিপর্যয় কঢ়িয়াই আনিব৷ উদাহৰণ স্বৰূপে যোৱা বছৰ মে’–জুন মাহৰ লকডাউনৰ সময়ত দেশত নিবনুৱাৰ সংখ্যা ৯ শতাংশৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি হৈছিল৷ এইক্ষেত্রত নির্মাণ খণ্ড আৰু অসংগঠিত ব্যৱসায় খণ্ড আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছিল৷ সমগ্র দেশৰ ভিতৰতে ঝাড়খণ্ড (৪০ শতাংশ বনুৱা নির্মাণ, বেপাৰ পৰিবহণ আৰু নির্মাণকার্যত জড়িত) এই সময়ত সর্বোচ্চ হাৰত ক্ষতিগ্রস্ত হৈছিল৷ সেইদৰে একে সময়তে দিল্লী, মহাৰাষ্ট্র আৰু তামিলনাডুতো নগৰীয়া নিবনুৱা সমস্যা চাৰিগুণ বৃদ্ধি হৈছিল৷ দেশত নিবনুৱাৰ হাৰ ২০১৮–১৯ বর্ষত ৮.৩ শতাংশ থকাৰ বিপৰীতে ২০২০ বর্ষত ই ২০ শতাংশলৈ বৃদ্ধি হয়৷ বিশ্বৰ বিভিন্ন প্রান্তত এনে কাৰণতে বর্তমান কেইবা নিযুত লোক দুর্ভিক্ষৰ কবলত পৰাৰ আশংকাই দেখা দিছে৷FAOৰ প্রতিবেদন অনুসৰি অতিমাৰীৰ ফলত বিশ্বত তিনি কোটি ৪০ লাখ লোক ইতিমধ্যে খাদ্য সংকটত ভুগিছে৷ অর্থনৈতিক খণ্ডৰ এনে বিপর্যয়ৰ প্রতি লক্ষ্য ৰাখি বর্তমান কেন্দ্রীয় চৰকাৰে লকডাউনৰ পৰিৱর্তে প্রতিষেধক টিকাকৰণ, মাস্ক পৰিধান শাৰীৰিক দূৰত্ব, ৰক্ষা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিধি পালন আৰু আক্রান্তৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ ৰাজ্য চৰকাৰসমূহলৈ নির্দেশ দিছে৷ প্রথম লকডাউনে সমাজ আৰু অর্থনৈতিক খণ্ডত যি ক্ষতি কৰিলে তাৰ অভিজ্ঞতাৰ ভিত্তিত বর্তমান চৰকাৰে টিকাকৰণ আৰু স্বাস্থ্যবিধি পালনৰ ওপৰত অধিক গুৰুত্ব দিছে৷ ইয়াৰ লগতে স্বাস্থ্যকর্মীৰ সংখ্যা বৃদ্ধি, চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নত কৰা, স্বাস্থ্যবীমাৰ সুযোগ দিয়া, দুর্ভিক্ষ আৰু অপৌষ্টিকতাৰ বিৰুদ্ধে যুঁজ দিয়া, বর্ধিত ঔষধৰ মূল্য নিয়ন্ত্রণ কৰা আদিৰ দায়িত্বও চৰকাৰে ল’ব লাগিব৷ ইতিমধ্যে নীতি আয়োগে ৰাজ্য চৰকাৰসমূহলৈ ক’ভিড নিয়ন্ত্রণৰ বাবে পর্যাপ্ত ব্যৱস্থা গ্রহণ কৰিবলৈ কঠোৰ নির্দেশনা জাৰি কৰিছেই৷