নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুক গা ধুওৱা আৰু পৰিষ্কাৰ কৰা নিয়ম

 জন্মৰ পিছৰ এদিনৰ শিশুক গা ধুওৱাৰ প্রয়োজন নাই৷ কুহুমীয়া গৰম পানী লৈ কপাহ বা কোমল কাপোৰ তিয়াই লৈ গাটো আলফুলকৈ মোহাৰি পৰিষ্কাৰ কৰি দিব লাগে৷ কৰঙনৰ চুক দুটা আৰু গুহ্যদ্বাৰৰ চাৰিওফালৰ ঠাইখিনি পৰিষ্কাৰ কৰি দিয়াত গুৰুত্ব দিব লাগে৷ কেঁচুৱাক গা ধুৱাওতে সদায় কুহুমীয়া গৰম পানী আৰু কোমল চাবোনহে ব্যৱহাৰ কৰিব লাগে৷ গা ধুওৱা বা মচি দিয়া কামটো দীঘলীয়া হ’ব নালাগে৷ ফেন চলাই গা ধুৱাব নালাগে৷ চকু দুটা ভালদৰে চাফা কৰিব লাগে৷ তেনেদৰে পায়খানা কৰাৰ পিছত কোমল কাপোৰ বা তুলা লৈ ভালদৰে চাফা কৰিব লাগে৷ ভিজা নেপকিন বেছি সময় পিন্ধাই ৰাখিব নালাগে৷ কিয়নো কেঁচুৱাৰ ছালৰ ক্ষতি হ’ব পাৰে৷

You might also like