সাংবাদিকৰ মুকলি বিহু, ঢ়োল পেঁপা–গগনাৰে ৰজনজনালে কঁহৰা নদীৰ পাৰ
নিয়মীয়া বাৰ্তা ১৯ এপ্ৰিলঃ গুৱাহাটীৰ একত্র সাংবাদিকৰ সংগঠন সমন্বয়ৰ উদ্যোগত কাজিৰঙা, বোকাখাত, নুমলীগড আৰু কমাৰগাঁৱৰ যুৱ সাংবাদিকৰ সৌজন্যত আজি দিনজোৰা কার্যসূচীৰে কাজিৰঙাত আৰম্ভ হৈছে সাংবাদিকৰ মুকলি বিহু৷ কাজিৰঙাৰ কঁহৰা নদীৰ পাৰত পুৱাৰে পৰাই আৰম্ভ হোৱা সাংবাদিকৰ অষ্টমসংখ্যক এই মুকলি বিহুৰ বাকৰি মুকলি কৰে বোকাখাতৰ মহকুমাধিপতি বিপুল দাসে৷ পতাকা উত্তোলন কৰে সমন্বয়ৰ সভাপতি দিগন্ত দাসে৷
অনুষ্ঠানত অগপৰ সভাপতি অতুল বৰা আৰু গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ নাথো উপস্থিত থাকে৷ পতাকা উত্তোলন কৰি দিগন্ত দাসে সকলোকে ইতিবাচক চিন্তাৰে আগবাঢ়িবলৈ আহ্বান জনায়৷ বন্তি প্রজ্বলন কৰে শ্রীমন্ত শংকৰ সংঘৰ সম্পাদক বাবুল বৰা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শর্মা ৰাজখোৱা, গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ নাথ, কাজিৰঙাৰ জ্যেষ্ঠ নাগৰিক হেমপ্রভা শইকীয়া, লেখিকা সমাৰোহ সমিতিৰ সুবর্ণ শইকীয়া বৰদলৈ, জ্যেষ্ঠ সাংবাদিক মৃণাল কুমাৰ বৰা, গৌতম শর্মা আৰু কাজিৰঙাৰ যুৱ নেতা দেৱপ্রদীপ বৰাই৷
বন্তি প্রজ্বলনৰ পিছতেই অগপৰ সভাপতি অতুল বৰাই আনুষ্ঠানিকভাৱে সাংবাদিকৰ মুকলি বিহু উদ্বোধন কৰে৷ বিহু উদ্বোধন কৰি অতুল বৰাই গণতন্ত্রৰ চতুর্থ স্তম্ভক সোলোক–ঢ়োলোক হ’বলৈ নিদি সকলোকে সংবাদ মাধ্যমক সহায় কৰাৰ বাবে আহ্বান জনায়৷ অনুষ্ঠানতে সাংবাদিক সংগঠন আপকুৰ প্রতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়া আৰু তেওঁৰ পৰিবাৰ চন্দ্রপ্রভা শইকীয়াক সম্বর্ধনা জনোৱাৰ উপৰি উপস্থিত সকলো সাংবাদিকে সেৱা জনাই আশীর্বাদ গ্রহণ কৰে৷ ইফালে, আজিৰ অনুষ্ঠানত ‘আমাৰ অসম’ কাকতৰ বার্তা সম্পাদক গৌতম শর্মা, সাংবাদিক ৰত্নেশ্বৰ মৰাং, ৰঞ্জিত ৰজক, বিকী ৰজক, সুদেষ্ণা তামুলী আদিয়ে গীত পৰিৱেশন কৰি অনুষ্ঠান ৰঙীন কৰি তোলে৷ আনহাতে, বোকাখাত সাপজুৰিৰ হুঁচৰি, জেং বিহু, মিচিং বিহু দলে বিহুনৃত্য প্রদর্শন কৰি মুকলি বিহুৰ কার্যসূচী সফল কৰি তোলে৷