নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চালকৰ প্রতিবাদত উত্তপ্ত ডবকা টোলগেট

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ  বিতর্কই লগ নেৰা হৈছে হোজাইৰ ডবকাত স্থাপন কৰা টোলগেটক৷ আজি পুৱা পুনৰ টোলগেটত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়৷ একাংশ ট্ৰেভেলাৰচালকে ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি চৰকাৰ আৰু টোলগেটৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্রতিবাদ সাব্যস্ত কৰে৷ পাছত ডবকা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷

দৰাচলতে ডবকা, হোজাই, লংকা, কাকী আৰু হাওৰাঘাট অঞ্চলৰ ফালৰ পৰা গুৱাহাটীলৈ যোৱা যাত্রীবাহী ট্ৰেভেলাৰ গাডীসমূহে ৪নং ফাষ্টটেগ লগাইছিল৷ সেই অনুপাতে তেওঁলোকে ডবকা, ৰহা আৰু সোণাপুৰ টোলগেটত অহা–যোৱাৰ বাবদ ৪০০–৪৫০ টকা কৰ দিবলগীয়া হৈছিল৷ এতিয়া নতুনকৈ ৫নং ফাষ্টটেগ লগাবলগীয়া হোৱাত তেওঁলোকে এদিনত তিনিখন টোলগেটত মুঠ নশ টকা কৰ দিব লগা হোৱাত ক্ষুব্ধ হৈ পৰে৷

ইফালে ৰহা আৰু সোণাপুৰৰ টোলগেটত ট্ৰেভেলাৰসমূহত ৪নং ফাষ্টটেগ মানে যদিও ডবকা টোলগেটত নামানে৷ একাংশ চালকে কৰা অভিযোগ অনুসৰি তেওঁলোকৰ গাডীত লাগি থকা ৪নং ফাষ্টটেগ টোলগেটৰ কর্মচাৰীয়ে ফালি পেলায়৷ যাৰ ফলত চালকসকল ক্ষুব্ধ হৈ পৰে আৰু ক্ষোভৰ বহিঃপ্রকাশ আজি পুৱা ঘটে৷ আন একাংশ চালকে টোলগেটত অতিৰিক্ত কৰ লোৱাক লৈ প্রতিবাদ কৰিবলৈ যাওঁতেই একাংশ টোলগেটৰ কর্মচাৰীয়ে তেওঁলোকক বাংলাদেশী বুলি কোৱাৰো অভিযোগ কৰে চালকসকলে৷

হোজাইৰ অসমীয়া যুৱকক বাংলাদেশী বুলি গালি দিয়াত টোলগেট কর্মচাৰীৰ বিৰুদ্ধে ক্ষুব্ধ চালকসকলে ব্যৱস্থা গ্রহণৰ দাবী উত্থাপন কৰে৷প্রতিবাদত টোলগেটত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈ তীব্র যান–জঁটৰ সৃষ্টি হয়৷ পাছত ডবকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ লগতে চালকসকলৰ অভাৱ–ভিযোগৰ বুজ লয়৷ আনহাতে টোলগেটৰ কর্মচাৰীয়ে চালকক বাংলাদেশী বুলি কোৱা কথা অস্বীকাৰ কৰে যদিও প্রকাৰান্তৰে স্বীকাৰো কৰে৷ আন এগৰাকী কর্মচাৰীয়ে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে বান্ধি দিয়া নিয়ম অনুযায়ী ট্ৰেভেলাৰসমূহে ৫নং ফাষ্টটেগ লগাব লাগে বুলি উল্লেখ কৰে৷ তেওঁলোকক এই কথা কোৱাৰ পাছতে চালকসকলে জাঙুৰ খাই উঠে বুলি উল্লেখ কৰে৷

উল্লেখ্য যে ডবকা টোলগেটত যোৱা মার্চত তিনিবাৰকৈ মাৰপিটৰ ঘটনা সংগঠিত হৈছিল৷ টোলগেটৰ কর্মচাৰীসকলে গাডীচালকৰ লগতে মহিলা যাত্রীকো মাৰপিট, টনা–আঁজোৰা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল৷ তাৰ পাছতো প্রশাসনৰ ফালৰ পৰা কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগো উত্থাপিত হৈছে৷

You might also like