নিয়মীয়া বাৰ্তা ২ মেঃ ৰাজ্যত ক’ৰোনাৰ সংক্রমণে অধিক ভয়াৱহ ৰূপ লৈছে৷ এমাহতে ক’ৰোনাত আক্রান্তৰ সংখ্যা চাৰিগুণ বৃদ্ধি হোৱাৰ সমান্তৰালকৈ মৃত্যুৰ সংখ্যাও বঢ়াই তুলিছে৷ শুকুৰবাৰৰ দিনটোত ২৬জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে শনিবাৰে ২৩জন লোকৰ মৃত্যু হয়৷ কার্যতঃ প্রতি সপ্তাহতে ক’ৰোনাই চৰিত্র সলনি কৰিছে৷ শনিবাৰৰ দিনটোত আক্রান্ত হৈছে ৩,৪৫৩জন৷ ৰাষ্ট্রীয় স্বাস্থ্য মিছনে প্রকাশ কৰা তথ্য অনুসৰি আজি ৰাজ্যত ৫৪,০০২জন লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছিল৷ এইসকলৰ মাজৰ ৩,৪৫৩জন লোক ক’ৰোনা আক্রান্ত ৰূপে চিহ্ণিত হৈছে৷ আক্রান্তৰ হাৰ হ’ল ৬.৩৯ শতাংশ৷
ইফালে শনিবাৰে ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ৯জন, বৰপেটা জিলাৰ ৩জন, কাছাৰ জিলাৰ দুজন, তিনিচুকীয়া জিলাৰ দুজন, বঙাইগাঁও, ডিব্রুগড়, গোৱালপাৰা, লখিমপুৰ, নগাঁও, শিৱসাগৰ আৰু শোণিতপুৰ জিলাৰ এজনকৈ লোক আছে৷ বিগত ৪৮ ঘণ্টাত কামৰূপ মহানগৰ জিলাত এই সংক্রমণ কিছু হ্রাস পাইছিল যদিও আক্রান্তৰ সংখ্যা কিছু বৃদ্ধি হয়৷ শনিবাৰৰ দিনটোত কামৰূপ মহানগৰ জিলাত ১,৪১৭জন আক্রান্ত হোৱাৰ বিপৰীতে ডিব্রুগড় জিলাত ২৬৪জন, তিনিচুকীয়া জিলাত ১৩৬জন আৰু কামৰূপ জিলাত ১৩৪জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ আনহাতে, আজিৰ দিনটোত ক’ৰোনামুক্ত হৈছে ২,২২৯জন লোক৷ এতিয়াও ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ২৫,০২৭জন লোক৷
শোণিতপুৰত পঞ্চমগৰাকী ক’ভিড ৰোগীৰ মৃত্যু
ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে শোণিতপুৰ জিলাতো ক্রমাগতভাৱে ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে কালি নিশা তেজপুৰৰ এজন অৱসৰপ্রাপ্ত এছ আই বিৰ বিষয়া তথা ক’ভিড ৰোগীৰ মৃত্যু ঘটে৷ তেজপুৰৰ ঘৰপৰা চুবুৰি নিৱাসী ভূপেন্দ্র চহৰীয়া নামৰ ৭০ বছৰীয়া লোকজন ক’ৰোনাত আক্রান্ত হোৱাৰ পাছত শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত কালি সন্ধিয়া ৫.৩০মান বজাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ততাতৈয়াকৈ ভর্তি কৰোৱা হয়৷ দেহত অক্সিজেনৰ পৰিমাণ কমি যোৱাত তেওঁক চিকিৎসা মহাবিদ্যালয় হাস্পতালখনতে ততাতৈয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰা হয় যদিও কালি নিশা ১১.৪০ বজাত চহৰীয়াৰ মৃত্যু ঘটে৷ ডল্লেখ্য যে চহৰীয়াকে ধৰি জিলাখনত বর্তমানলৈ পাঁচজন লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু ঘটিছে৷ বর্তমানলৈ মুঠ ১ লাখ ১৭ হাজাৰ ৩৮২জনক ক’ভিড প্রতিষেধক প্রদান কৰা হৈছে৷ ইয়াৰে ৯১ হাজাৰ ৭৭৫জনে প্রথম পালি আৰু ২৫ হাজাৰ ৬০৭জনক দ্বিতীয় পালি ক’ভিড প্রতিষেধক প্রদান কৰা হৈছে৷
দিল্লীত অসমীয়া চিকিৎসকৰ ক’ৰোনাত মৃত্যু
দিল্লী নিৱাসী অসমীয়া চিকিৎসক ডাঃ ডিম্বেশ্বৰ বৰা (৭০) ক’ভিড–১৯ত আক্রান্ত হৈ যোৱা ২৯ এপ্রিলৰ নিশা মৃত্যু ঘটে৷ তেওঁৰ পত্নী ডাঃ বিমলা বৰাও সম্প্রতি ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে৷ মৃত্যুৰ সময়ত চিকিৎসক বৰাই এজন পুত্র আৰু এগৰাকী কন্যা সন্তান এৰি থৈ যায়৷ নগাঁও জিলাৰ শালনাত জন্মগ্রহণ কৰা পাছত নগাঁও চহৰৰ পানীগাঁৱত থাকি ডাঃ বৰাই ১৯৬৭ চনত নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হৈ গুৱাহাটী মেডিকেল কলেজৰ পৰা স্নাতক ডিগ্রী (এম বি বি এছ) লাভ কৰে৷ ইয়াৰ পৰৱর্তী কালত তেওঁ কেন্দ্রীয় চৰকাৰৰ চাকৰিত যোগদান কৰি সংক্রামক ৰোগ নির্মূলকৰণত সুখ্যাতি অর্জন কৰে৷ বিশেষকৈ ভাৰতৰ পৰা চিকুনগুনীয়া ৰোগ নির্মূলকৰণত তেওঁৰ অৰিহণা লেখত ল’বলগীয়া আছিল৷ তেওঁৰ মৃত্যুত নগাঁও তথা দিল্লী নিৱাসী অসমীয়া লোকসকলৰ মাজত শোকৰ ছাঁ পৰিছে৷
জনপ্রিয় অভিনেতা মৃদুল ভূঞা ক’ভিড–১৯ত আক্রান্ত
জনপ্রিয় অভিনেতা মৃদুল ভূঞা ক’ভিড–১৯ত আক্রান্ত হৈ সম্প্রতি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ বিগত প্রায় ছয় দিন ধৰি জনপ্রিয় অভিনেতাজনে চর্দি–কাহ আৰু জ্বৰত আক্রান্ত হৈছিল৷ চিকিৎসকৰ পৰামর্শক্রমে ক’ভিড পৰীক্ষা কৰাত তেওঁৰ দেহত ক’ভিড–১৯ ভাইৰাছ ধৰা পৰাত বিগত ৫ দিন ঘৰতে আবদ্ধ হৈ থাকে৷ তাৰ পাছতো সুস্থ নোহোৱাত কালি গুৱাহাটীৰ এক্সেল কেয়াৰ চিকিৎসালয়ত তেওঁ ভর্তি হয়৷ ভূঞা মাৰাত্মক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ খবৰ লাভ কৰাৰ পাছতে বিভিন্ন ব্যক্তি তথা দল–সংগঠনে তেওঁৰ আশু আৰোগ্য লাভ কৰাৰ কামনা কৰিছে৷ বিশিষ্ট নাট্যকাৰ পৰিচালক অভিজিৎ ভট্টাচার্য, ধ্রুৱজ্যোতি শর্মা, অভিনেত্রী প্রস্তুতি পৰাশৰ, মুনমী ফুকন, প্রয়োজক নজৰুল ইছলাম, সুভাষ দাস, বিশিষ্ট অভিনেতা ভবেশ বৰুৱা, চম্পক শর্মা, সঞ্জীৱ শর্মা, ৰাজীৱ শর্মা, ভৈৰৱজ্যোতি, যতীন খনিকৰ, ৰজনী বর্মনসহ ‘লংকাকাণ্ড’ৰ সমস্ত ইউনিট কর্মকর্তাসকল, কেমেৰামেন চুনুৰ উপৰি ভ্রাম্যমাণ থিয়েটাৰৰ প্রয়োজক, শিল্পী, কলা–কুশলীসকলে ফোন কৰি মৃদুল ভূঞাৰ আৰোগ্য কামনা কৰিছে৷