অখিলৰ মাতৃৰ অশ্রুক স্বীকৃতি শিৱসাগৰবাসীৰ
নিয়মীয়া বাৰ্তা, ৩ মে’: আশী ঊর্ধ্বৰ এগৰাকী দুর্ভগীয়া মাতৃ৷ অসমৰ জনতাৰ পক্ষত মাত মাতি সুদীর্ঘ দিন কাৰাগাৰত আবদ্ধ হৈ থকা পুত্রৰ মুক্তি বিচাৰি শিৱসাগৰৰ ৰাজপথত জনতাৰ সমর্থন বিচাৰি পদূলিয়ে পদূলিয়ে ঘূৰি ফুৰা দুর্ভগীয়া মাতৃগৰাকীৰ কাতৰ আহ্বানে শিৱসাগৰবাসীৰ লগতে সমগ্র ৰাজ্যবাসীক কন্দুৱাইছিল৷ দুর্ভগীয়া মাতৃগৰাকীৰ আহ্বানত হূদয় গলিছিল জনতাৰ৷ শিৱসাগৰত এটা ভাৰাঘৰ লৈ নাতি তথা অখিল–পুত্রক লগত লৈ পুত্রৰ মুক্তি ভিক্ষা কৰা এইগৰাকী দুর্ভগীয়া মাতৃৰ নাম হ’ল প্রিয়দা গগৈ৷ শিৱসাগৰ সমষ্টিৰ পৰা ৰাইজৰ দলৰ হৈ অখিল গগৈয়ে কাৰাগাৰৰ পৰাই নির্বাচনত অৱতীর্ণ হোৱাৰ পিছতে শিৱসাগৰত পুত্রৰ মুক্তিৰ এই যুদ্ধত এগৰাকী অন্যতম সেনানী হিচাপে নামি পৰিছিল প্রিয়দা গগৈ৷ ১০৮নং শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তর্গত ১৯খন পঞ্চায়তৰ প্রতিটো ৱার্ডৰ প্রতিটো চুবুৰিতে এইগৰাকী বৃদ্ধ মাতৃয়ে দল–মত নির্বিশেষে পুত্রৰ মুক্তিৰ বাবেই ৰাইজৰ দলৰ পক্ষত ভোটদান কৰিবলৈ জনোৱা আহ্বানে প্রতিজন বিবেকৱান ভোটাৰক এবাৰৰ বাবে হ’লেও চিন্তা কৰিবলৈ বাধ্য কৰোৱাইছিল৷ একে সময়তে শিৱসাগৰৰ ৰাজপথত দেখা পোৱা সবাতোকৈ হূদয়বিদাৰক দৃশ্যটো আছিল অখিল–পুত্রৰ ভোটভিক্ষা৷ প্রখৰ ৰ’দ নেওচি কেইজনমান সমর্থকক লৈ চহৰৰ ব্যস্ত পথত লগ পোৱা প্রতিজন সাধাৰণ ব্যক্তিকেই হাতযোৰ কৰি এটাই আহ্বান জনাইছিল– মোৰ পিতৃৰ মুক্তিৰ পথ শিৱসাগৰবাসীয়েই তৈয়াৰ কৰিব লাগিব৷ প্লিজ এবাৰৰ বাবে হ’লেও আপোনালোকে মাহ মাহজুৰি জে’লত বন্দী হৈ থকা মোৰ পিতৃৰ কথা চিন্তা কৰক৷ এই যে আহ্বান আছিল, এই আহ্বানে কিন্তু শিৱসাগৰত এক ছুনামিৰ সৃষ্টি কৰিছিল৷ এফালে আছিল শক্তিশালী শাসকযন্ত্রৰ প্রক্ষেপিত প্রার্থী আৰু আনফালে আছিল পৰিকল্পনাবিহীন ৰাষ্ট্রযন্ত্রৰ কুটিল হাতোৰাত বন্দী এজন অসহায় মানুহৰ মুক্তিৰ বিননি৷ এই মুক্তিৰ বিননিয়ে আজি যেন শিৱসাগৰত এক বৰদৈচিলাৰ ৰূপ ধাৰণ কৰি জাতি–মাটিক ভাল পোৱা মানুহৰ এক নতুন শক্তিৰ সৃষ্টি কৰিলে৷ ইফালে, ৰাজনৈতিক পথাৰত একেবাৰে শিশুসদৃশ ৰাজনৈতিক দলৰ ৰাজনৈতিক কুচকাৱাজক ৰাজনৈতিক বিশ্লেষক মহলে গুৰুত্বহীন এক প্রক্রিয়া হিচাপেই এৰাই চলিছিল৷ কিন্তু আন ৰাজনৈতিক শক্তিশালী দলসমূহে যি সময়ত সমষ্টিটোত কোন প্রার্থীক প্রক্ষেপ কৰিব, তাক লৈ এক অঘোষিত প্রতিযোগিতাত নামিছিল, তাৰ বহু পূর্বেই কৃষক মুক্তিৰ এটা কুৰিজনীয়া দলে শিৱসাগৰত বাহৰ পাতি জনগাঁথনিৰ জৰীপ চলাইছিল৷ তৈয়াৰ কৰিছিল অখিলক বিজয়ী কৰি নিয়াৰ ব্লু–প্রিণ্ট৷ চালুকীয়া অৱস্থাৰে শিৱসাগৰৰ দৰে এটা কংগ্রেছৰ দীর্ঘদিনীয়া ভেটি খহাই অখিল গগৈক আগুৱাই নিয়াটো আছিল চৰম প্রত্যাহ্বানস্বৰূপ৷ কিন্তু শক্তিৰ পৰিৱর্তে যুক্তি আৰু নির্মোহ বিশ্লেষণেৰে ফঁহিয়াই দেখুৱাইছিল অসমীয়া জাতিয়ে মুহূর্তে মুহূর্তে সন্মুখীন হোৱা জটিল সমস্যাৰাজিৰ তথ্য৷ আনহে নালাগে, যি সময়ত শিৱসাগৰ সমষ্টিটোত বিজেপি প্রার্থীগৰাকীক ডদ্ধাৰৰ বাবে কেন্দ্রীয় মন্ত্রীয়ে শিৱসাগৰত আৰম্ভ কৰিছিল জোৰদাৰ প্রচাৰ, সেই সময়ত কিন্তু শিৱসাগৰৰ গাঁৱে–ভূঞে, অলিয়ে–গলিয়ে এখন টাটা মেজিকত এটা মাইক বান্ধি অকলেই এগৰাকী যুৱতীয়ে সম্পূর্ণ তথ্যভিত্তিক যুক্তিৰে অসমৰ জাতীয় সমস্যা, নিবনুৱা সমস্যা, জাতিধ্বংসী ‘কা’ আন্দোলনৰ প্রতিটো দফা ডদঙাই দেখুৱাইছিল৷ সামাজিক মাধ্যমত বিৰোধী পক্ষই যি সময়ত কাৰণবিহীনভাৱে কংগ্রেছ–বিজেপি প্রার্থীক অশ্লীল মন্তব্যৰে তুচ্ছ–তাচ্ছিল্য কৰিছিল, সেই সময়ত কিন্তু জ্ঞানশ্রী বৰাৰ দৰে ৰাইজৰ দলৰ কেম্পেইনাৰসকলে জটিল সন্ধিক্ষণত দল–মত নির্বিশেষে জাতিৰ স্বার্থত একত্রিতভাৱে আগবাঢ়ি যোৱাৰ আহ্বান জনাইছিল৷ আনহে নালাগে, খেলপথাৰ অধিগ্রহণ কৰি বৃহৎ জনসমাগমেৰে নির্বাচনী প্রচাৰ চলোৱাৰ পৰিৱর্তে সম্পূর্ণ গেৰিলা কৌশলৰ ভিত্তিত ক্ষুদ্র ক্ষুদ্র গোট গঠনেৰে কৃষক মুক্তিকে ধৰি ষ্টাৰ কেম্পেইনাৰ জ্ঞানশ্রী বৰা, বীৰ লাচিত সেনাৰ শৃংখল চলিহা, ৰাইজৰ দলৰ ভাস্কো ডি শইকীয়া, মানস কোঁৱৰ, ধৈর্য কোঁৱৰে বোকা ছটিওৱা প্রচাৰৰ পৰিৱর্তে যুক্তিসন্মতভাৱে জাতীয় সমস্যা সঠিক ৰূপত ডদঙাই তুলিবলৈ সক্ষম হোৱা বাবেই সর্বাধিক আহোম ভোটাৰ থকা শিৱসাগৰ সমষ্টিটোত অখিল গগৈৰ দৰে আপোচকামী নেতাই কাৰাগাৰৰ আবেষ্টনীৰ মাজৰ পৰাই বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হ’ল বুলি শিৱসাগৰত ব্যাপক চর্চা আৰম্ভ হৈছে৷ অৱশ্যে কাৰাগাৰৰ বাহিৰত থাকি যদিহে অখিল গগৈয়ে ৰাইজৰ দলৰ নেতৃত্ব বহন কৰাৰ লগতে নিজেই যদি নির্বাচনী যুঁজত নমাৰ সুবিধা পালেহেঁতেন, নিশ্চিতভাৱে আজিৰ ফলাফল বহুলাংশে আন দিশলৈ গতি কৰাৰ সম্ভাৱনা আছিল বুলিয়েই ৰাইজৰ মাজত বু বু–বা বা চলিছে৷