নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ অভিনন্দন বাসুদেৱ থান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ ভুপেন্দ্ৰ দেব গোস্বামীৰ
নিয়মীয়া বাৰ্তা, ৯ মে: ৰাজ্যৰ পঞ্চদশ বিধান সভা নিৰ্বাচনত গুৱাহাটীৰ জালুকবাৰী সমষ্টিৰ পৰা একৰাহে পঞ্চমবাৰৰ বাবে বিধান সভাৰ মজিয়ালৈ নৱনিৰ্বাচিত বিজেপি দলৰ শক্তিশালী প্ৰাৰ্থী ড০ হিমন্ত বিশ্ব শৰ্মা আজি অসমৰ মুখ্যমন্ত্ৰীৰূপে মনোনীত হোৱাত ৰাজ্যখনৰ দৌল দেৱালয় সমুহৰ অন্যতম ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ ভুপেন্দ্ৰ দেৱ গোস্বামীয়ে উষ্ম অভিনন্দন জ্ঞাপন কৰিছে ৷
ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সবল নেতৃত্বত অসমৰ উন্নয়ন আৰু বিকাশৰ গতি অধিক তৰান্বিত হব বুলি আশা প্ৰকাশ কৰি অসমৰ পাহাৰ ভৈয়ামত বসবাস কৰা প্ৰত্যেকটো সৰু বৰ জাতি জনগোষ্ঠীক সাংবিধানিকভাৱে সম অধিকাৰ, সম ময্যদা দি অসমক দেশৰ ভিতৰতে এখন অন্যতম শ্ৰেষ্ঠ উন্নয়নশীল ৰাজ্য হিচাবে গঢ়ি তোলাৰ লগতে অসমৰ ভিন্ন প্ৰান্তত সিচৰিত হৈ থকা সৰু বৰ সত্ৰ সমুহকো নতুন মাত্ৰা প্ৰদান কৰি ৰাজ্যৰ জনসাধাৰণৰ জীৱন জীবিকা আৰু আৰ্থিক নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰি অভিনন্দন জনাইছে সত্ৰাধিকাৰ গৰাকীয়ে ৷