নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ আজি পহিলা জানুৱাৰী । চাওঁতে চাওঁতে পুৰণি বৰ্ষই বিদায় ল’লে । নতুন বৰ্ষক লৈ সকলোৰে থাকে আশা-আকাংক্ষা আৰু পৰিকল্পনা । ইংৰাজী নতুন বছৰৰ এই পহিলা দিনটোতে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ সকলো প্ৰান্তৰ মন্দিৰ আৰু ধৰ্মীয় উপাসনাথলীত দেখা গ’ল ভক্তৰ ভিৰ । বিশেষকৈ গুৱাহাটীৰ কামাখ্যা মন্দিৰ, নৱগ্ৰহ মন্দিৰকে ধৰি প্ৰায়বোৰ মন্দিৰ আৰু উপাসনাস্থলীত পুৱাৰ পৰাই দেখা গৈছে ভক্তৰ লানি-নিছিগা সোঁত ।
এগছি বন্তি আৰু ধূপ-দীপ নৈবদ্যৰে নেদেখাজনৰ ওচৰত বছৰটোলৈ মঙ্গল কামনা কৰি ৰাজ্যবাসীয়ে গ্ৰহণ কৰে আশীষ । সকলোৰে এটাই আশা নতুন বৰ্ষই অসূয়া-অমঙ্গল, অপ্ৰীতি-হিংসা দূৰ কৰি কঢ়িয়াই আনক শান্তি আৰু সম্প্ৰীতি । ৰাজ্যৰ সকলো প্ৰান্তৰ মন্দিৰৰ লগতে পহিলা জানুৱাৰীৰ দিনটোত ঐতিহ্যমণ্ডিত নামঘৰসমূহতো দেখা গ’ল ভক্তৰ ভিৰ । বিশেষকৈ বটদ্ৰৱা , আঠখেলীয়া , ঢেঁকীয়াখোৱা নামঘৰত দেখা গ’ল অগণিতজনৰ সেৱা ।
আমাৰো আশা নতুন বৰ্ষৰ এই শুভক্ষণে কঢ়িয়াই আনক সুখ-সমৃদ্ধি আৰু সম্প্ৰীতিৰ বাৰ্তা । সকলোলৈকে নৱবৰ্ষৰ অফুৰন্ত শুভকামনা ।