বহু জল্পনা–কল্পনা, ৰাজনৈতিক বিতর্ক আৰু উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্রী হিচাপে আজি শপতগ্রহণ কৰিলে ড০ হিমন্ত বিশ্ব শর্মাই৷ ৰাজনৈতিক উত্থান–পতনৰ মাজেৰে আহি নিজ কর্মদক্ষতাৰে তেওঁ আৰোহণ কৰিলে ৰাজ্যৰ সর্বোচ্চ পদবীত৷ বিগত সময়ছোৱাত বিজেপিক শাসনলৈ অনাৰ ক্ষেত্রত তেওঁ লোৱা গুৰুত্বপূর্ণ ভূমিকাৰ বাবে দেশবাসীয়ে উত্তৰ–পূর্বাঞ্চলৰ চাণক্য বুলি অভিহিত কৰি আহিছে ড০ হিমন্ত বিশ্ব শর্মাক৷ মন্ত্রী হিচাপে তেওঁ প্রদর্শন কৰি অহা দক্ষতাৰ বাবে ৰাজ্যবাসীৰ মন জয় কৰি আহিছে৷ নির্বাচনৰ পূর্বে দিয়া প্রতিশ্রুতি পালন কৰি তেওঁ ৰাইজৰ মনত আশাৰ সঞ্চাৰ কৰিছে৷ এইগৰাকী দক্ষ ৰাজনীতিবিদে মুখ্যমন্ত্রী হিচাপে শপত লোৱাৰ লগে লগে আগন্তুক পাঁচ বছৰত ৰাজ্যৰ বিকাশৰ ধাৰা ক্ষিপ্র গতিত আগবাঢ়ি যাব বুলি সকলোৱে আশা প্রকাশ কৰিছে৷ বিশেষকৈ ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰাৰ লগে লগে ৰাজ্যৰ নিবনুৱাসকলৰ বাবে আহিছে আশাৰ বতৰা৷ নির্বাচনৰ পূর্বে নিবনুৱাসকলৰ সংস্থাপনক আগ স্থান দিব বুলি তেওঁ কৰা ঘোষণা শীঘ্রে কার্যকৰী হোৱাৰ দিশে আগবাঢ়িছে৷ নতুন চৰকাৰ গঠন হ’লে এবছৰৰ ভিতৰত ১ লাখ চৰকাৰী চাকৰি প্রদান কৰা হ’ব বুলি ঘোষণা কৰিছিল ড০ হিমন্ত বিশ্ব শর্মাই৷ সেইদৰে, বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ’লে পাঁচ বছৰত ১০ লাখ যুৱক–যুৱতীক কর্মসংস্থাপন দিয়া হ’ব বুলিও নির্বাচনী সভাত তেওঁ আশ্বাস প্রদান কৰিছিল৷ পূর্বে নির্বাচনী প্রচাৰৰ সময়ত অথবা বিভিন্ন ৰাজহুৱা সভাত দিয়া প্রতিশ্রুতিসমূহ তেওঁ কামে–কাজে পূৰণ কৰি আহিছে৷ তেওঁ তদানীন্তন বিত্তমন্ত্রী হিচাপে বিগত পাঁচ বছৰত দিয়া প্রতিখন বাজেটত প্রতিফলন ঘটি আহিছে বিজেপিয়ে দিয়া প্রতিশ্রুতি৷ অৰুণোদয়, অৰুন্ধতী, অসমমালা আদিকে ধৰি এখনৰ পিছত আন এখন আঁচনি ৰূপায়ণ কৰি দেখুৱাইছে ড০ হিমন্ত বিশ্ব শর্মাই৷ সেয়েহে এইবাৰ বিধানসভা নির্বাচনৰ পূর্বে নিবনুৱা যুৱক–যুৱতীসকলক্ কর্মসংস্থাপন দিব বুলি কৰা ঘোষণাৰো শীঘ্রে ৰূপায়ণ হ’ব বুলি আশা কৰিছে প্রতিগৰাকী যুৱক–যুৱতীয়ে৷ কিয়নো গুৰুত্বপূর্ণ বিভাগৰ মন্ত্রী হিচাপে পূর্বে দিয়া প্রতিশ্রুতিসমূহক সফল ৰূপ দি ৰাইজৰ আস্থাভাজন হৈ পৰিছে ড০ শর্মা৷