নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুদ্ৰা সঞ্চালকালয়ত ২০ পদ খালী

ভাৰত চৰকাৰৰ আৱাস আৰু নগৰ পৰিক্রমা মন্ত্রালয়ৰ অধীনস্থ মুদ্রণ সঞ্চালকালয়ত খালী হৈছে ২০টা পদ৷ বিভাগীয় কর্তৃপক্ষই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– বুক বাইণ্ডাৰ (১২) আৰু লিথু অফছেট মেচিন মিণ্ডাৰ (৮)৷ বুক বাইণ্ডাৰ পদৰ প্রার্থী অষ্টম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহা মাহে ৫,০০০ টকা৷ আনহাতে লিথু অফচেট মেচিন মিণ্ডাৰ পদৰ প্রার্থী শিক্ষা, পদার্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান বিষয়সহ দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ অৱশ্যে দশম শ্রেণী উত্তীর্ণ প্রার্থীয়েও আবেদন কৰিব পাৰিব৷ দৰমহা মাহে ৬,০০০ টকা৷ বয়স ১ মার্চ ২০২০লৈ ১৪ বছৰৰ অধিক হ’ব লাগিব৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে নির্ধাৰিত প্র–পত্র বিভাগীয় ৱেবছাইটwww.dop.nic.inৰ পৰা ডাউনলোড কৰি ল’ব লাগিব৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ নির্ধাৰিত প্র–পত্র পূৰ কৰি প্রস্তুত কৰা আবেদন’Office In-Charge, Directorate of Printing, Govt. of India Press, Minto Road, New Delhi-110002′ ঠিকনালৈ প্রেৰণ কৰিব
লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২১ জানুৱাৰী ২০২০৷

You might also like