এনআইটি আগৰতলাত অধ্যাপকৰ ৫৮ পদ
নেচনেল ইনষ্টিটিউট অৱ টেকন’লজী, চমুকৈ এনআইটি আগৰতলাত খালী হৈছে সহকাৰী অধ্যাপকৰ ৫৮ পদ৷ ইতিমধ্যে এই বিষয়ে শিক্ষানুষ্ঠানখনৰ পঞ্জীয়কে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– বায়ো–ইঞ্জিনীয়াৰিং (২), কেমিকেল ইঞ্জিনীয়াৰিং (১), চিভিল ইঞ্জিনীয়াৰিং (৮), কম্পিউটাৰ ছায়েঞ্চ এণ্ড ইঞ্জিনীয়াৰিং (৮), ইলেক্ট্রিকেল ইঞ্জিনীয়াৰিং (৯), ইলেক্ট্রনিক্স এণ্ড কমিউনিকেচন ইঞ্জিনীয়াৰিং (৬), ইলেক্ট্রনিক্স এণ্ড ইনষ্ট্রুমেণ্টেচন ইঞ্জিনীয়াৰিং (৪), মেকানিকেল ইঞ্জিনীয়াৰিং (৮), প্রডাকচন ইঞ্জিনীয়াৰিং (৩), কেমেষ্ট্রী (২), ফিজিক্স (২), মেথমেটিকছ (১), মেনেজমেণ্ট, হিউমেনিটিজ এণ্ড ছ’চিয়েল ছায়েঞ্চেজ (১) আৰু মাষ্টাৰ অৱ কম্পিউটাৰ এপ্লিকেচন (৩)৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স শ্রেণী, দৰমহাৰ নিৰিখ, মাচুল পৰিশোধ প্রক্রিয়া, অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটhttp://www.nita.ac.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৫ ফেব্রুৱাৰী, ২০২০৷