পাৰমাণৱিক শক্তি নিগমত ৮০ পদ
আণৱিক শক্তি বিভাগৰ অধীনত পৰিচালিত পাৰমাণৱিক শক্তি নিগমত খালী হৈছে শিক্ষানবিচৰ ৮০টা পদ৷ বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– ফিটাৰ (১০), টার্নাৰ (৫), ইলেক্ট্রিচিয়ান (৮), ৱেল্ডাৰ (৮), ইলেক্ট্রনিক্স (৩), ইনষ্ট্রুমেণ্টেচন মেকানিক (৫), ৰেফ্রিজাৰেচন এণ্ড এচি মেকানিক (৫), কার্পেণ্টাৰ (৬), প্লাম্বাৰ (৬), ৱায়াৰমেন (৭), ডিজেল মেকানিক (৩), মেচিনিষ্ট (৫), পেইণ্টাৰ (১), মাচন (১) আৰু ইনফর্মেচন এণ্ড কমিউনিকেচন টেকন’লজী ছিষ্টেম মেইণ্টেনেন্স (৭)৷ আবেদনকাৰী সংশ্লিষ্ট খণ্ডত আইটিআইৰ প্রমাণ–পত্রধাৰী আৰু দশম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ বয়স ২১ জানুৱাৰী, ২০২০লৈ ১৬–২৪ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ আবেদনৰ পূর্বে নিজৰ নাম শিক্ষানবিচ প’র্টেলhttp://apprenticeship.gov.inত পঞ্জীয়নভুক্ত কৰাটো বাঞ্ছনীয়৷ ইচ্ছুকসকলে নিযুক্তি সম্পর্কীয় বিতং তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.npcilcareers.co.in ভিজিট কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২১ জানুৱাৰী, ২০২০৷