নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে কার্যক্ষম হ’ব অসম মেডিকেল কলেজৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল

নিয়মীয়া বাৰ্তা, ১৬ মে’: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শনিবাৰে তিনিচুকীয়া আৰু ডিব্রুগড় জিলাত উপস্থিত হৈ জিলা দুখনৰ ক’ভিড পৰিস্থিতিৰ পর্যালোচনা   কৰে৷ ডিব্রুগড় জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াবর্গৰ সৈতে পৰিস্থিতিৰ পর্যালোচনাৰ অন্তত অসম মেডিকেল কলেজৰ প্রেক্ষাগৃহত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যোৱাবাৰতকৈ এইবাৰ অসমত ক’ভিডৰ পৰিস্থিতি জটিল৷ ক’ভিডৰ কেইবাটাও ভেৰিয়েণ্ট আছে৷ ইয়াৰে দুই–তিনিটা ভেৰিয়েণ্ট যথেষ্ট শক্তিশালী৷ ই পোনে পোনে মানুহৰ হাঁওফাঁওত প্রৱেশ কৰে আৰু মৃত্যুৰ কাৰণ হৈ পৰে৷ সামগ্রিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত চৰকাৰে বহুখিনি নতুন ধৰণে চিন্তা–চর্চা কৰিবলগীয়া হোৱাৰ লগতে বহুখিনি কাম কৰিবলগীয়া হৈছে৷

অসম মেডিকেল কলেজ আৰু জিলা প্রশাসনে সেই প্রত্যাহ্বানক মোকাবিলা কৰাৰ চেষ্টা কৰিছে৷ অহা সোমবাৰৰ পৰা ডিব্রুগড়, তিনিচুকীয়া আৰু গুৱাহাটীত দিনৰ ২ বজাৰ পৰিৱর্তে দুপৰীয়া ১২ বজাৰ পৰা সান্ধ্য আইন কার্যকৰী কৰাৰ বাবে তেওঁ পৰামর্শ দিয়াৰ কথা উল্লেখ কৰি কয় যে অৱশ্যে এই বিষয়ত জিলা প্রশাসনসমূহে বিশিষ্ট নাগৰিক, বুদ্ধিজীৱী, ব্যৱসায়ী আৰু সাধাৰণ ৰাইজৰ পৰামর্শ বা আলোচনা কৰি সিদ্ধান্ত গ্রহণ কৰিব৷ আনহাতে, পূর্বতে ৫০ বছৰ ঊর্ধ্বৰ ব্যক্তিসকলৰ ক’ভিড হ’লে নিজ গৃহতে কোৱাৰেণ্টাইনত থাকিবলৈ দিছিল৷ কিন্তু এতিয়া চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে যে যিসকল ব্যক্তিৰ নিজা চাৰিচকীয়া বাহন আছে, আছুতীয়া ৰুম আছে, অক্সিমিটাৰ আছে, দুপৰ নিশাও মেডিকেললৈ আহিবলৈ সুবিধা আছে, তেওঁলোকক বাদ দি আনসকল ক’ভিড ৰোগী মেডিকেলত ভর্তি হ’বই লাগিব৷ হোম কোৱাৰেণ্টাইনত থাকিবলগীয়াসকলক জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগে সকলো দিশ চালি–জাৰি চাইহে ঘৰত থকাৰ সিদ্ধান্ত গ্রহণ কৰিব৷ এই সম্পর্কত তেওঁ কয় যে বহু সময়ত দেখা গৈছে যে হোম কোৱাৰেণ্টাইনত থকা ব্যক্তিয়ে অক্সিজেন লেভেল ৭০ পোৱাৰ পাছতহে মেডিকেললৈ আহে৷ এতিয়া সকলোকে বুজাব লাগিব যে অক্সিজেন লেভেল ৯০ৰ তললৈ নামিলেই মেডিকেললৈ আহিব লাগিব৷ কনটেইনমেণ্ট জ’ন, মাইক্র’ কনটেইনমেণ্ট জ’ন বৃদ্ধিৰ ক্ষেত্রত যাৱতীয় পদক্ষেপ ল’বলৈ তেওঁ উপায়ুক্তসকলক পৰামর্শ আগবঢ়ায়৷ তদুপৰি উক্ত কনটেইনমেণ্ট জ’ন, মাইক্র’ কনটেইনমেণ্ট জ’নত থকা দুখীয়া ৰোগীসকলক খোৱা–বোৱাৰ ব্যৱস্থা গ্রহণ কৰাৰো নির্দেশ দিয়ে৷

তেওঁ আৰু কয় যে অসম মেডিকেল কলেজৰ ছুপাৰ স্পেচিয়েলটী হাস্পতাল শীঘ্রে কার্যক্ষম হৈ উঠিব৷ এই হাস্পতালখনত ৬০খন নতুন আই চি ইউ বিছনা উপলব্ধ হ’ব৷ সেইদৰে ডিব্রুগড়ত দৈনিক ৩০০ৰ ওপৰত ক’ভিড ৰোগী অহাৰ কথা উল্লেখ কৰি কয় যে অহা ১০ দিনত এই সংখ্যা ১৫০লৈ হ্রাস পাব৷ অর্থাৎ ৫০ শতাংশ কমিব আৰু লাহে লাহে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব৷ সেইদৰে ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে ৰেমডেছিভিৰ পর্যাপ্ত পৰিমাণে আছে৷ ভেকচিনৰ ক্ষেত্রতো এ পি এলেই হওক বা বি পি এলেই হওক প্রথম ড’জটো বিনামূলীয়াকৈ দিয়া হৈছে৷ যোৱা চাৰিটা মাহত দুটাকৈ অক্সিজেন প্লান স্থাপন কৰা হয়৷ যাৰ পৰা ১.৮ মেট্রিকটন অক্সিজেন উৎপাদন হৈছে৷ ধেমাজিৰ নতুন ইউনিটত উৎপাদিত তিনি মেট্রিকটন অক্সিজেন ডিব্রুগড়লৈ অনা হৈছে৷ লাহোৱালৰ ব্যক্তিগত উদ্যোগৰ পৰাও অক্সিজেন লাভ কৰা যাব৷ নগাঁৱৰ চামগুৰিৰ পৰাও লিকুইড অক্সিজেন পোৱা যাব৷ অহা ১৫ দিনৰ ভিতৰত দুলীয়াজানৰ অইল ইণ্ডিয়াৰ ৪০ কেএলযুক্ত এক বৃহদাকাৰ অক্সিজেন প্লাণ্ট ডিব্রুগড়ত সংস্থাপিত কৰা হ’ব৷ তেতিয়া অনাগত সাত দিনৰ বাবে অক্সিজেন মজুত কৰি ৰাখিব পৰা যাব৷

ইপিনে তিনিচুকীয়াৰ গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত মুখ্যমন্ত্রী ড০ শর্মা উপস্থিত হৈ হাস্পতালখনত চিকিৎসাধীন ৰোগী আৰু অক্সিজেনৰ স্থিতিৰ বুজ লয়৷ ক’ভিড ৰোগীসকলৰ অধিক সুবিধাৰ বাবে চিকিৎসালয়খনত অক্সিজেন প্লাণ্ট স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰে৷ চিকিৎসালয়খনত বর্তমান মজুত থকা ১৫খন আই চি ইউ বিছনাৰ সংখ্যা ২০খনলৈ বৃদ্ধি কৰাৰো সিদ্ধান্ত গ্রহণ কৰে৷ চাহ বাগিচাসমূহত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হ’লে কনটেইনমেণ্ট জ’ন ঘোষণা কৰাৰ লগতে জিলাখনত সংক্রমিত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱালৈ চাই আৰ টি পি চি আৰ পৰীক্ষাৰ সংখ্যা দৈনিক ৫০০লৈ বৃদ্ধিৰো পৰামর্শ দিয়ে৷

You might also like