নতুন মুখ্যমন্ত্রীৰ সামর্থ্য আৰু প্রত্যাহ্বান
৫০–৬০ৰ দশকৰ পৰা অসমৰ জনজীৱন তথা ৰাজনৈতিক পৰিক্রমা তথা ঘটনাপ্রৱাহৰ এক জ্বলন্ত সাক্ষী আছিল হোমেন বৰগোহাঞি ডাঙৰীয়া৷ মহাপ্রয়াণৰ সময়ছোৱালৈকে তেখেত অসমৰ প্রায় সকলোবিলাক মুখ্যমন্ত্রী তথা শীর্ষ ৰাজনীতিবিদসকলৰ কর্ম দক্ষতা আৰু সামর্থ্য বিশ্লেষণ কৰি থৈ গৈছে৷ অসমৰ সদ্যনির্বাচিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাদেৱৰ বিষয়ে কৈছিল যে সাম্প্রতিক সময়ত চিন্তা–চর্চা তথা বৌদ্ধিক জ্ঞানেৰে পৰিপুষ্ট কোনোবা এগৰাকী ৰাজনীতিবিদ যদি আছে, সেয়া হৈছে ড০ হিমন্ত বিশ্ব শর্মা৷
সাম্প্রতিক সময়ত অসমত সমগ্র জাতি–গোষ্ঠী–বর্ণ–ভাষা নির্বিশেষে প্রায় সকলো লোকক এক ভাবাদর্শলৈ আনি একত্রিত কৰা ৰাজনীতিবিদগৰাকী হৈছে ড০ শর্মা৷ ৬০–৭০ দশকৰ পৰা বর্তমানলৈকে অসমৰ সমগ্র ভৌগোলিক পৰিসীমা, সমাজিক, মনস্তাত্ত্বিক দিশ সাঙুৰি ৰাজনীতি কৰা ব্যক্তি বিৰল৷ প্রায় সকলোৱে এক নির্দিষ্ট পৰিসীমাৰ মাজত তেওঁলোকৰ ৰাজনীতি পৰিচালনা কৰিছিল৷ শর্মাৰ দ্বাৰা উদ্ভাৱিত ‘ৰামধেনু সদৃশ ৰাজনৈতিক মণ্ডলে’ কেৱল যে বড়ো, কার্বি, ৰাভা, মিচিং আদি থলুৱা খিলঞ্জীয়া লোককহে সংপৃক্ত কৰিছিল এনে নহয়, সমগ্র উত্তৰ–পূর্বাঞ্চলৰ আঞ্চলিক ৰাজনৈতিক গোটসমূহক ‘নেডা’(NEDA)ৰ জৰিয়তে এক নতুন ৰাজনৈতিক সংস্কৃতিৰ(Political culture) জন্ম দিছিল ড০ শর্মাই৷
ড০ শর্মাৰ ৰাজনীতিৰ অন্য এক অনন্য দিশ হৈছে ‘সক্ষম প্রশাসন’ যাক সততে আমি‘good governance’ বুলি কওঁ৷ তেখেতৰ ১৫–১৬ বছৰৰ প্রশাসনিক অভিজ্ঞতাই তেখেতক এক অনন্য মাত্রা প্রদান কৰিছে৷ ড০ শর্মাই হৈছে ভাৰতৰ কেইগৰাকীমান ৰাজনীতিবিদৰ এগৰাকী, যাৰ দিনটোৰ ২৪ ঘণ্টাই হৈছে গণমুখী ৰাজনীতিৰ আখৰা৷ ড০ শর্মাৰ বাবে কোনো দিন–ৰাতি বুলি কথা নাই৷ সমগ্র দিনটো উজনি অসমৰ বিভিন্ন জিলাত ক’ভিডৰ পৰিস্থিতি পর্যালোচনা কৰি আকৌ পুৱতিনিশা গুৱাহাটীৰ হাস্পতালত চিকিৎসকসকলৰ তথা ৰোগীৰ খবৰ লৈছে লগতে আন্তঃগাঁথনি প্রস্তুতিৰ তদাৰক কৰিছে৷ কিন্তু এই আপাহতে ড০ শর্মাক এষাৰ কথা কোৱাটো মংগল৷ ষোল্ল অনাই সত্য যে সাম্প্রতিক মহামাৰীৰ সময়ত দিন–ৰাতি একাকাৰ কৰি কাম কৰিব লাগিব৷ কিন্তু তেজ–মঙহৰ এজন ৫০ বছৰ ঊর্ধ্বৰ ব্যক্তিৰ বাবে জিৰণিৰো সমানেই প্রয়োজন৷ তেখেতে এক দীর্ঘ ইনিংছ খেলিব লাগিব– ভাৰসাম্যতা বর্তমান সময়ৰ সবাতোকৈ গুৰুত্বপূর্ণ দিশ৷ তেখেতে দৈহিক–মানসিক–প্রশ্ন আদি সকলো কর্মৰ মাজত এক ভাৰসামন্যতা ৰক্ষা কৰক৷
নিশ্চয় ড০ শর্মাৰ বাবে সবাতোকৈ ডাঙৰ প্রত্যাহ্বান হৈছে কিদৰে ক’ভিড মহামাৰী নিয়ন্ত্রিত কৰিব পৰা যায়৷ কিন্তু এয়া সর্বজনবিদিত সমগ্র ভাৰতবর্ষতে অন্ততঃ এতিয়ালৈকে ক’ভিডক নিয়ন্ত্রিত কৰা এখন সর্বশ্রেষ্ঠ ৰাজ্য হৈছে অসম৷ বিশেষকৈ ক’ভিড হাস্পতালৰ প্রস্তুতি, অক্সিজেন যোগান আৰু উৎপাদন, ভেকচিন(vaccine) প্রদান, ঔষধৰ যোগান আদি বিভিন্ন দিশত অসমে হাবুডুবু খাব লগা হোৱা নাই৷ বা মুম্বাই, দিল্লী, বাংগালুৰুৰ দৰে চহৰৰ অৱস্থা অসমত হোৱা নাই৷ অৱশ্যে কৰণীয় বহু আছে৷ বিশেষকৈ ভেকচিনক লৈ এক অনিশ্চয়তাৰ সৃষ্টি হৈছে, ক’ভিডৰ বাবে জাৰি কৰা সান্ধ্য আইনক লৈ মানুহৰ মাজত হাহাকাৰ হৈছে৷ পেটে–ভাতে খাই থকা লোকসকল তথা ব্যক্তিগত খণ্ডৰ বহু লোকৰ মাজত এক ন যজৌ ন তস্থৌ অৱস্থাৰ সৃষ্টি হৈছে৷ এনে ব্যক্তিগত খণ্ডত কাম কৰি থকা সৰু–বৰ বা মধ্যম বর্গৰ লোকক বাধ্যত পৰি চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে৷ মই ভাবোঁ মুখ্যমন্ত্রী মহোদয়ে অনতিপলমে এনে ভুক্তভোগী বা দৈনিক কর্ম কৰি জীয়াই থকা লোকসকলৰ বাবে তাৎক্ষণিকভাৱে আঁচনি তৈয়াৰ কৰি ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰিব লাগে৷
ভেকচিনক অধিক উপলব্ধ কৰিবৰ বাবে অনেকে পালচ পলি’ৰ দৰে ঘৰে ঘৰে গৈ প্রদান কৰাৰ কথা উল্লেখ কৰে৷ এনে কৰিলে ভেকচিন কেন্দ্রবিলাকত হোৱা অভাৱনীয় ভিৰ ৰোধ কৰিব পৰা যাব৷ ভেকচিন ল’বৰ বাবে যি এক পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে, সি প্রকৃতার্থত এক বেমেজালিৰ সৃষ্টি কৰিছে৷ অসমৰ ক্ষেত্রত এক বিকল্প ব্যৱস্থা অধিক সৰলীকৃত কৰি হয়তো আমি এক ‘অসম আর্হি’(Model) গঢ়ি তুলিব পাৰোঁ৷ কিছু অভিযোগ অনুসৰি কিছু মেডিকেল সামগ্রী, যেনে– অক্সিমিটাৰ, ছেনিটাইজাৰ আদি সামগ্রীৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি হৈছে৷
তৎসত্ত্বেও আজি শতৰুৱেও স্বীকাৰ কৰিবলৈ বাধ্য হ’ব যে ড০ শর্মাৰ নেতৃত্বত ৰাইজে এক আশ্বস্ত অনুভৱ কৰিছে৷ বর্তমান ক’ভিড মেনেজমেণ্ট প্রক্রিয়া কেতিয়াও আসোঁৱাহমুক্ত নহয়৷ খেনোৱে আকৌ বর্তমানৰ ব্যৱস্থাটো ‘বিজ্ঞানসন্মত’ নহয় বুলি অভিযোগ কৰিছে৷ এনেদৰে হাস্পতাল স্থাপন কৰি, অক্সিজেনৰ যোগান আৰু উৎপাদন, মাচুলবিহীন ভেকচিন, নিৰৱচ্ছিন্নভাৱে দৰবৰ যোগান ধৰা আদি প্রক্রিয়াসমূহ যদি ‘বিজ্ঞানসন্মত’ নহয়, তেনেহ’লে বিজ্ঞান কি আমাৰ বুজিবলৈ সাঁথৰ হৈ ৰ’ল৷
অৱশ্যে ড০ শর্মাই কেৱল ক’ভিডৰ কথা চিন্তা কৰিলেই নহ’ব৷ মহামাৰীৰ পিছৰ পর্যায়ত অর্থনীতি কিদৰে সবলীকৰণ হ’ব সেয়া ড০ শর্মাৰ অন্য এক প্রত্যাহ্বান৷ ইতিমধ্যে তেখেতে এক লাখ চৰকাৰী চাকৰিৰ বাবে বিভিন্ন বিভাগৰ খালী হৈ থকা পদসমূহ পূৰণৰ বাবে প্রক্রিয়া আৰম্ভ কৰিছে৷ নির্বাচনী ইস্তাহাৰত সন্নিৱিষ্ট থকা কল্যাণমুখী আঁচনিসমূহৰ ৰূপায়ণৰ লগতে তেখেতে ভাবিব লাগিব অন্য এক দিশৰ বাবে৷ তেখেতে চৰকাৰখনক জনমুখী কৰি ৰাখিবৰ বাবে নির্বাচনী প্রতিশ্রুতি তথা আঁচনিসমূহ সম্পূর্ণৰূপে ৰূপায়ণ কৰিব, তাত কোনো সন্দেহ নাই৷
তেখেতৰ হিমালয়সদৃশ প্রত্যাহ্বান হ’ব জনমূৰি আয় বৃদ্ধি কৰা, কৃষি আৰু উদ্যোগ খণ্ডত কর্মসংস্থাপনৰ সৃষ্টি কৰা আৰু অসমক ভাৰতৰ ‘পাঁচখন সর্বশ্রেষ্ঠ ৰাজ্যৰ এখন’ কৰাটো৷ ড০ শর্মাই তেখেতৰ বিভিন্ন লেখাত অসমক আত্মনির্ভৰশীল ৰাজ্য(Self reliant state) হিচাপে স্থাপন কৰাৰ কথা প্রায়েই কৈ আহে৷ তাৰ বাবে অসমত সবাতোকৈ প্রয়োজন হৈছে দক্ষতা প্রদানৰ৷ ভৱিষ্যতে অসমত তিনিটা খণ্ডই অভাৱনীয়ভাৱে বৃদ্ধি পাব– (১) সেৱা খণ্ড(Servicr Sector) (২) কৃষি বা কৃষিৰ লগত জড়িত খণ্ড (৩) এম এছ এম ই(MSME) খণ্ড৷ আজি কেৱল অসমতেই নহয়, সমগ্র ভাৰতবর্ষত সেৱা খণ্ড অভূতপূর্বভাৱে বৃদ্ধি পাইছে৷ উত্তৰ–পূবৰ ল’ৰা–ছোৱালী এনে সেৱা(Service and hospitality) খণ্ডৰ বাবে অত্যন্ত উপযোগী৷ কৃষিৰ লগত জড়িত বিভিন্ন উৎপাদনমূলক ক্ষেত্রত অসমত ইতিমধ্যে এক নীৰৱ আন্দোলন আৰম্ভ হৈছে৷ লগতে ক্ষুদ্র, সৰু আৰু মজলীয়া(MSME) খণ্ডৰ বাবে অসম হৈছে সর্বোত্তম ৰাজ্য৷ অসম অনতিপলমে বৃহৎ উদ্যোগৰ বাবে হয়তো প্রস্তুত নহয়৷ বৃহৎ উদ্যোগে বনজ বা পৰিৱেশৰ ওপৰতো বিৰূপ প্রভাৱ পেলায়৷ এনে মুহূর্তত আমাৰ যুৱক–যুৱতী চাকৰিমুখী নহৈ কিদৰে এনে ক্ষুদ্র, মজলীয়া আদি উদ্যোগ স্থাপন কৰিব পাৰে, তাৰ বাবে চৰকাৰখনে এক উদ্যোগমুখী পৰিৱেশৰ সৃষ্টি কৰিব লাগে৷ অসমৰ ল’ৰা–ছোৱালীয়ে ব্যৱসায়–বাণিজ্য কেনেকৈ কৰিব লাগে নাজানে, কিন্তু জানিবৰ বাবে অত্যন্ত আগ্রহী৷ চৰকাৰখনে আমোলাক এনে ল’ৰা–ছোৱালীৰ ব্যৱসায়কেন্দ্রিক মনোভাব উদগনি জনাব লাগে– হেঙাৰ নহয়৷
দ্বিতীয় মহাযুদ্ধ চলি থকাৰ সময়ত চার্চিলে ইংলেণ্ডত আলুগুটি খেতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল৷ ইংলেণ্ডৰ মনোভাব আছিল যে যুদ্ধৰ সময়তে হওক বা অন্ত পৰাৰ পাছতেই হওক কৃষিজাত সামগ্রী বিশেষকৈ আলুৰ চাহিদা বিশেষভাৱে বৃদ্ধি পাব৷ সেয়েহে ইংলেণ্ডে যুদ্ধৰ সময়ত এনে উৎপাদনৰ ক্ষেত্রত বিশেষ গুৰুত্ব আৰোপ কৰিছিল৷
ড০ শর্মায়ো নিশ্চয় বুজি উঠিছে যে মহামাৰীৰ অন্তত এক সুদিন আহিব৷ কর্মসংস্থাপনৰ প্রয়োজন হ’ব– প্রয়োজন হ’ব দক্ষতাৰ৷ মানুহ পুনৰ ৰাস্তালৈ ওলাই আহিব বজাৰ–সমাৰৰ বাবে৷ ৰাইজে দুবেলা দুমুঠি নিজেই খাব– চৰকাৰখনৰ কাম হ’ল পর্যাপ্ত আন্তঃগাঁথনি আৰু সা–সুবিধাখিনি ৰাইজক প্রদান কৰা৷ ড০ শর্মালৈ অফুৰন্ত শুভকামনাৰে৷
ফোনঃ৯৪৩৫৫–৫১৭৭