৬.৯৯ শতাংশলৈ অসমত হ্রাস পালে আক্রান্তৰ হাৰঃ সোমবাৰে মৃত ৯২
নিয়মীয়া বাৰ্তা, ১৮ মে’: ৰাজ্যত এতিয়া মৃত্যুৰ কিৰীলি৷ ক’ভিডসৃষ্ট পৰিৱেশে ৰাজ্যবাসীক আতংকিত কৰি তোলাৰ সময়তে মৃত্যু হোৱা লোকৰ সংখ্যাই নিতৌ অভিলেখ ৰচিছে৷ সোমবাৰৰ দিনটোত পুনৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ৯২জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত ২৬জনেই কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি কামৰূপ জিলাৰ ১১জন, শোণিতপুৰ জিলাৰ ৭জন আৰু দৰং জিলাৰ ৬জন লোকৰ আজি ক’ভিডত মৃত্যু ঘটিছে৷ সেইদৰে কাছাৰ–ডিব্রুগড়–তিনিচুকীয়াত ৫জনকৈ, বৰপেটা–নগাঁও–নলবাৰীত ৩জনকৈ, গোলাঘাট–চৰাইদেউ–হোজাইত দুজনকৈ আৰু বিশ্বনাথ–বঙাইগাঁও–কাৰ্বি আংলং–মৰিগাঁও–দক্ষি শালমাৰা–ওদালগুৰিৰ এজনকৈ লোকৰ মৃত্যু হৈছে৷
বর্তমানলৈ ক’ভিডত মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ১,৩৪৭জন৷ মৃত্যুৰ হাৰ হৈছে ০.৬৮ শতাংশ৷ ইপিনে, বিগত ২৪ ঘণ্টাত ৰাজ্যত সামান্য পৰিমাণে হ্রাস পাইছে ক’ৰোনাত আক্রান্তৰ হাৰ৷ সোমবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৬,৩৯৪জন লোক৷ বিগত ২৪ ঘণ্টাত মুঠ ৯১,৪৮১টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ৬.৯৯ শতাংশ৷ ইপিনে, সোমবাৰে সুস্থ হোৱা ৰোগীৰ সংখ্যা হৈছে ৪,৭৩৭জন৷ সম্প্রতি ৰাজ্যৰ বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেচনত থকা ৰোগীৰ সংখ্যা হৈছে ৪৪,৯৪২জন৷