নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮০ নিযুত ড’জ ভেকচিনৰ সাহায্য আমেৰিকাৰ

নিয়মীয়া বাৰ্তা, ১৯ মেঃ ক’ভিড মহামাৰীৰ বিৰুদ্ধে বিশ্বজুৰি যুঁজৰ প্রধান অংশীদাৰ হ’বলৈ আগবাঢ়িছে আমেৰিকা৷ দেশখনৰ ৰাষ্ট্রপতি জ’ বাইডেনে উল্লেখ কৰিছে যে আমেৰিকাত আগন্তুক ছসপ্তাহৰ ভিতৰত ৮০ নিযুত ড’জ ক’ভিড ভেকচিন বিশ্বৰ বিভিন্ন দেশলৈ আগবঢ়াব৷ ইয়াৰ ভিতৰত আছে ২০ নিযুত ড’জ মডার্না, ফাইজাৰ আৰু জনছন এণ্ড জনছনৰ ভেকচিন৷

উল্লেখনীয় যে জুনৰ শেষলৈ দেশখনত প্রস্তুত হোৱা মুঠ ভেকচিনৰ ১৩ শতাংশ অন্য দেশলৈ প্রেৰণ কৰা দেশ হিচাপে চিহ্ণিত হ’ব আমেৰিকা৷ ৰাষ্ট্রপতি বাইডেনে হোৱাইট হাউছত এক কার্যসূচীত অংশগ্রহণ কৰি কয় যে ক’ভিড যুঁজত বিশ্বক সহায় কৰিবলৈ আমেৰিকা আগ্রহী৷ গতিকে আগন্তুক ছসপ্তাহত অতিৰিক্তভাৱে ৮০ নিযুত ড’জ ভেকচিন বিভিন্ন দেশলৈ আগবঢ়াব হোৱাইট হাউছ প্রশাসনে৷ মহামাৰীৰ অৱসান নোহোৱালৈকে আমেৰিকা কেতিয়াও সম্পূর্ণৰূপে নিৰাপদ নহয় বুলি উল্লেখ কৰি বাইডেনে কয় যে বিশ্বজুৰি মহামাৰীৰ সংক্রমণ বৃদ্ধি পোৱাটো আশংকাৰ বিষয়৷

আমেৰিকা নিৰাপদ হ’বলৈ হ’লে বিশ্বৰ সকলো দেশেই ক’ভিডৰ পৰা নিৰাপদ হ’ব লাগিব বুলি উল্লেখ কৰে বাইডেনে৷ আজিৰ সময়ত বিশ্বৰ অন্য দেশ মহামাৰীত আক্রান্ত হৈ থাকিলে আমেৰিকা কেতিয়াও নিৰাপদে থাকিব নোৱাৰে বুলিও মন্তব্য কৰে ৰাষ্ট্রপতিগৰাকীয়ে৷ গতিকে দেশখনে মহামাৰীৰ দ্রুত সংক্রমণৰ সন্মুখীন হোৱা দেশসমূহক তাৎক্ষণিকভাৱে ভেকচিন প্রদানেৰে সহায় কৰিবলৈ সংকল্প লোৱা বুলি উল্লেখ কৰিছে নেতাগৰাকীয়ে৷

You might also like