মুখ্যমন্ত্রীৰ আহ্বানৰ পিছতেই পৰেশ বৰুৱাৰ সঁহাৰিঃ ৪ দিনৰ ভিতৰত মুক্তি দিব অপহূত ৰিতুলক
নিয়মীয়া বাৰ্তা, ২১ মে: অৱশেষত আলফা (স্বাধীন)–এ অ’ এন জি চিৰ অপহূত কর্মচাৰী ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছে৷ অহা চাৰি দিনৰ ভিতৰত শইকীয়াক মুকলি কৰি দিব বুলি আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ঘোষণা কৰে৷ ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দায়িত্বশীল, বস্তুনিষ্ঠ আহ্বানৰ প্রতি সঁহাৰি জনাই সংগঠনটোৱে এই সিদ্ধান্ত গ্রহণ কৰে৷
উল্লেখ্য যে মুখ্যমন্ত্রী ড০ শর্মাই খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এখন সংবাদ মেলত অ’ এন জি চিৰ অপহূত কর্মচাৰী ৰিতুল শইকীয়াৰ মুক্তিৰ জৰিয়তে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক সদিচ্ছাৰ বাতাৱৰণ সৃষ্টি কৰিবলৈ আহ্বান জনায়৷ অইল–’ এন জি চিৰ পৰা ৰাজ্যখনৰ বাবে অধিক যি আদায় কৰাৰ প্রসংগ উত্থাপিত হৈছে, সেই দায়িত্ব মুখ্যমন্ত্রী হিচাপে তেওঁৰ ওপৰত এৰি দিয়াৰ আহ্বান জনাই ড০ শর্মাই কয় যে অইল–’ এন জি চিয়ে অসমৰ অর্থনীতিৰ ওপৰত অধিক কাম কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে প্রচেষ্টা কৰিব লাগিব৷ সেইটো চৰকাৰ হিচাপে আমাৰ দায়িত্ব৷ মুখ্যমন্ত্রী হিচাপে সেই দায়িত্ব মোৰ মূৰৰ ওপৰত এৰি দিয়ক৷ সেয়া আমাৰ দায়বদ্ধতা৷ এইক্ষেত্রত অহা ৫ বছৰত আমাক সোঁৱৰাই দিয়াৰ প্রয়োজন নহ’ব৷ ইতিমধ্যে অইল আৰু অ’ এন জি চি দুয়োটা কোম্পানীয়ে তেওঁক অসমৰ বাবে যিমান পাৰি সিমানেই কাম কৰিব বুলি প্রকাশ কৰিছে৷
তেওঁ আৰু কয় যে ৰিতুল শইকীয়াৰ অপহৰণেৰে সমস্যাৰ সমাধান নহয়৷ সেয়ে তেওঁ এজন অসমীয়া যুৱক হিচাপে পৰেশ বৰুৱাক বিনম্রতাৰে ৰিতুল শইকীয়াক মুকলি কৰি দিবলৈ অনুৰোধ জনায়৷ ৰিতুলৰ পিতৃ–মাতৃ–পত্নী আৰু কণমানি সন্তানটিৰ অৱস্থালৈ চাই ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ আহ্বান জনায়৷
ৰিতুল শইকীয়াৰ জীৱন কাহিনীৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০০৬ চনলৈকে ৰিতুলে ঘৰতে খেতি–বাতি কৰি আছিল৷ ২০০৬ চনত পুনেৰ এটা মাৰুতি কোম্পানীৰ ৱর্কশ্বপত মেকানিক হিচাপে যোগদান কৰে৷ ২০১৬ চনলৈ সেই কামত নিয়োজিত হৈ থকাৰ সময়তে ৰিতুলে ভায়েকক পঢ়াই–শুনাই মানুহ কৰাৰ লগতে দেউতাকৰো পেচমেকাৰ লগালে৷ ২০১৬ চনত আইটিআই পাছ কৰাৰ পিছত লাকুৱাৰ অ’ এন জি চিত নিম্নবর্গৰ সহায়ক (টেকনিকেল) হিচাপে কামত যোগদান কৰে৷
সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাৰ সেই আহ্বান প্রত্যক্ষ কৰি তৎমুহূর্ততে আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সংবাদ মাধ্যমলৈ টেলিফোন কৰি অহা ১ৰ পৰা ৪ দিনৰ ভিতৰত ৰিতুল শইকীয়াক মুকলি কৰি দিয়া হ’ব বুলি ঘোষণা কৰে৷ সংবাদ মাধ্যমক বৰুৱাই কয়– ‘মুখ্যমন্ত্রীয়ে কোৱা কথা একান্তমনে শুনিছিলোঁ৷ সেয়ে ময়ো শ্রদ্ধাসহকাৰে ক’ব বিচাৰিছোঁ যে তেওঁৰ এইটো আবেদন নহয়, বস্তুনিষ্ঠ আহ্বান৷ য’ত এয়া মুখ্যমন্ত্রী হিচাপে দায়িত্বশীল আহ্বান কৰিছে৷ এই দায়িত্বশীল আহ্বান অসমৰ সকলো স্তৰৰ লোকে বুজি পাইছে৷ আমিও কথাবিলাক বুজি পাইছোঁ৷ সেয়েহে আলফা (স্বাধীন)ৰ তৰফৰ পৰা তেওঁক ধন্যবাদ জনাইছোঁ৷ তেওঁ যি বস্তুনিষ্ঠ আহ্বান জনাইছে, আৰু আমি অসমৰ থলগিৰি মানুহৰ বাবে অইলেই হওক, আই অ’ চি বা অ’ এন জি চিয়েই হওক, অসমৰ বাবে কি কৰিব পাৰে বা মুখ্যমন্ত্রীৰ তত্ত্বাৱধানত অইল, আই অ’ চি বা অ’ এন জি চিয়ে কি কৰিব লাগিব, সেয়া মুখ্যমন্ত্রীয়ে ভালকৈ বুজাই দিছে৷ ৰিতুল আমাৰ লগত সুস্থ শৰীৰে আছে৷ তেওঁ সোনকালে ঘৰলৈ উভতিব৷ ইট ইজ ন’ট এ মেটাৰ অৱ মান্থ, ইট ইজ মেটাৰ অৱ অনলী ডেইজ৷ এই কথাটো মই ৰিতুলৰ পৰিয়াল বিশেষকৈ তেওঁৰ পৰিবাৰ, পিতৃ–মাতৃ, ভাতৃক আশ্বস্ত কৰিব বিচাৰিছোঁ, দৃঢ়তাৰে কৈছোঁ সপ্তাহ নহয়, কেইদিনমান লাগিব, এদিন–দুদিন–তিনি দিন লাগিব৷ চাৰি দিনৰ ওপৰত নহয়, তেওঁ ঘৰত গৈ উপস্থিত হ’ব৷’ মুখ্যমন্ত্রী ড০ শর্মাক ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে ৬০ৰ দশকৰ পৰা বহু মুখ্যমন্ত্রী দেখিবলৈ পালোঁ৷ কিন্তু ড০ হিমন্ত বিশ্ব শর্মাৰ দৰে কোনো মুখ্যমন্ত্রীয়ে ইমান দৃঢ়তাৰে কথা কোৱা নাছিল৷ ড০ শর্মাই দায়িত্বশীল মুখ্যমন্ত্রী হিচাপে অসমৰ স্বার্থৰ বাবে অইল–’ এন জি চিক কাম কৰাব বুলি দৃঢ়তাৰে ক’ব পাৰিছে৷ এনেদৰে দৃঢ়তাৰে ক’ব পৰা তেওঁ প্রথমজন মুখ্যমন্ত্রী৷ মুখ্যমন্ত্রীয়ে গম পাইছে আমাৰ উদ্দেশ্য নিপীড়িত মানুহৰ সৈতে জড়িত হৈ আছে৷ তেওঁ সেয়া পূৰণ কৰিম বুলি কৈছে৷ অইল–’ এন জি চিৰ পৰা ৰাজ্যখনে বছৰি ১৪ হাজাৰ কোটিতকৈও অধিক টকা লাভ কৰে বুলি তেওঁ আজি জনাইছে৷ সেয়ে আমি দৃঢ়তাৰে কৈছোঁ– ১ৰ পৰা ৪ দিনৰ ভিতৰত ৰিতুল শইকীয়া সোঁশৰীৰে ঘৰত উপস্থিত হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাৰ দায়িত্বশীল, বস্তুনিষ্ঠ আহ্বানৰ লগতে ৰিতুল শইকীয়াৰ পৰিয়াল, কণমানি শিশু, বৃদ্ধ পিতৃ–মাতৃৰ আহ্বানৰ প্রতি সঁহাৰি জনাই এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷
আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এই সিদ্ধান্তৰ বিষয়ে সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাক আঙুলিয়াই দিয়াত তেওঁ কয় যে যদি বৰুৱাই তেনে বিবৃতি দিছে, চৰকাৰৰ তৰফৰ পৰা আদৰণি জনাইছোঁ৷ ইপিনে, সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই আলফা (স্বাধীন)–এ তিনি মাহৰ বাবে ঘোষণা কৰা অস্ত্রবিৰতিৰ প্রসংগত কয় যে তেওঁলোকে ক’ভিড পৰিস্থিতিৰ পৰিপ্রেক্ষিতত তিনি মাহৰ বাবে অস্ত্রবিৰতিৰ কথা কোৱাৰ লগতে টিভিৰ মাধ্যমত কিছু ইতিবাচক কথা আৰু মোৰ প্রসংগতো কিছু আশাব্যঞ্জক কথা কৈছে৷ এইক্ষেত্রত সদিচ্ছাৰ বাতাৱৰণ সৃষ্টি কৰিলে বহুদূৰ আগুৱাব পাৰি৷ ৰিতুল শইকীয়াৰ মুক্তিৰ জৰিয়তে সেই সদিচ্ছাৰ বাতাৱৰণ সৃষ্টি কৰক৷ আলফাৰে আলোচনাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইক্ষেত্রত ৰাজ্য চৰকাৰৰ ভূমিকা সীমিত৷ শান্তিৰ যদি প্রকৃত প্রস্তাৱ আহে, প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সদিচ্ছাৰ অভাৱ নহ’ব৷ এই সমস্যা পুলিচ–মিলিটেৰীৰে সমাধান কৰিব পৰা সমস্যা নহয়৷ পুলিচ মৰিলেও অসমীয়াই মৰে, আলফা মৰিলেও অসমীয়াই মৰে৷ সেয়ে এই সমস্যা সমাধানৰ ক্ষেত্রত ৰাজনৈতিক মীমাংসাৰ প্রয়োজনীয়তা আছে৷ আলফা আগবাঢ়ি আহিলে ভাৰত চৰকাৰো সমানে আগবাঢ়ি যাব৷
সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই অইল–’ এন জি চিৰ পৰা বছৰি ৰয়েল্টী, জি এছ টি আৰু কৰৰ কেন্দ্রীয় অংশ হিচাপে সকলো মিলাই ১৪ হাজাৰ কোটিতকৈ বেছি টকা লাভ কৰি অহাৰ কথা উল্লেখ কৰে৷ ২০১৭–১৮ বর্ষত ১৪,৭২৬ কোটি টকা, ২০১৯–২০ বর্ষত ১৬,০০৭ কোটি টকা লাভ কৰিছে৷ তদুপৰি এন আৰ এলত ৯ মিলিয়ন মেট্রিকটন উৎপাদন বৃদ্ধিৰ বৃহৎ প্রকল্পৰ কাম চলি আছে৷ একেদৰে গেছ উৎপাদন নহ’লে লাকুৱা তাপবিদ্যুৎ প্রকল্প, চাহ ফেক্টৰী, গেছ ক্রেকাৰ চলাব নোৱাৰা হ’ব৷ সেয়ে অইল–’ এন জি চি চলি থাকিবলৈ দিব লাগিব৷ অৱশ্যে অসমৰ বাবে তেওঁলোকে আৰু অধিক কাম কৰিব লাগিব৷ সেই কাম কৰোৱাৰ দায়িত্ব চৰকাৰে ল’ব লাগিব৷ সেই সিদ্ধান্ত ৰাজ্য চৰকাৰে কেন্দ্রৰ লগত আলোচনা কৰি গ্রহণ কৰিব লাগিব৷ মুখ্যমন্ত্রী হিচাপে তেওঁ সেই কাম কৰাৰ নিশ্চয়তা প্রদান কৰে৷ তেওঁ আৰু কয় যে অইল–’ এন জি চিৰ পৰা অসমে যি ধন লাভ কৰে, সেই ধনেৰে ৰাজ্যখন চাৰি মাহৰ ওপৰত চলিব নোৱাৰে৷ চাহ উদ্যোগৰ পৰা অসমে এটকাও নাপায়৷ বহিঃৰাজ্য মহাৰাষ্ট্র, গুজৰাটত উৎপাদিত সামগ্রীৰ পৰা কেন্দ্রই যি ৪২ শতাংশ কেন্দ্রীয় কৰ লাভ কৰে, তাৰ অংশও অসম চৰকাৰে পাই আহিছে বাবেই আমি চলি আহিছোঁ৷