নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্লেক ফাংগাছতকৈ ভয়াৱহ আন এক ভেঁকুৰৰ উপস্থিতিঃ পাটনাৰ চিকিৎসালয়ত ধৰা পৰিল মাৰাত্মক হোৱাইট ফাংগাছ

নিয়মীয়া বাৰ্তা, ২১ মে: ঘাতক ক’ভিড–১৯ৰ সমান্তৰালকৈ ব্লেক ফাংগাছক লৈ দেশবাসী শংকিত হৈ থকাৰ সময়তে এইবাৰ বিহাৰত ধৰা পৰিল অতি মাৰাত্মক হোৱাইট ফাংগাছ৷ বিহাৰ     চিকিৎসা মহাবিদ্যালয় হাস্পতালত চাৰিজন ৰোগীৰ দেহত হোৱাইট ফাংগাছ ধৰা পৰিছে৷

ব্লেক ফাংগাছতকৈও ভয়াৱহ এই ফাংগাছত আক্রান্ত হৈছে এজন চিকিৎসকো৷ ব্লেক ফাংগাছৰ লেখীয়াই যদিও অতি ভয়ানক হোৱাইট ফাংগাছে হাঁওফাঁওৰ লগতে দেহৰ নখ, ছাল, পাকস্থলী, বৃক্ক, মগজু, গোপন অংগ আৰু মুখত সংক্রমণ হয়৷

চিকিৎসকৰ মতে, হোৱাইট ফাংগাছৰ হাঁওফাঁওত সংক্রমণ ক’ভিড–১৯ পৰীক্ষণৰ দৰেই চিনাক্ত কৰা হয়৷ পাটনা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাইক্র’বায়’লজীৰ মুৰব্বী ডাঃ এছ এন সিঙে প্রকাশ কৰা মতে, ক’ৰোনা ভাইৰাছৰ লেখীয়া উপসর্গ আক্রান্ত চাৰিজন ৰোগীৰ দেহত হোৱাইট ফাংগাছৰ সংক্রমণ ধৰা পৰিছে৷ কিন্তু এই ৰোগীকেইজন ক’ভিড–১৯ পজিটিভ নহয়৷

ডাঃ সিঙে এই কথাও স্পষ্ট কৰি দিয়ে যে এই ৰোগী চাৰিজনৰ হাঁওফাঁওত হোৱাইট ফাংগাছৰ সংক্রমণ ধৰা পৰাৰ পিছত তেওঁলোকক এণ্টি ফাংগাল মেডিচিন দিছে আৰু লাহে লাহে সুস্থ হোৱাৰ দিশে আগবাঢ়িছে৷

ব্লেক ফাংগাছৰ লেখীয়াই হোৱাইট ফাংগাছৰো সংক্রমণ হয় যদিও ই তুলনামূলকভাৱে অতি ভয়াৱহ৷ এই ফাংগাছে প্রতিৰোধী ক্ষমতা দুর্বল লোকৰ দেহত সহজে সংক্রমণ কৰিব পাৰে৷ ডায়েবেটিছ ৰোগীৰ লগতে দীর্ঘদিন ধৰি ষ্টেৰয়ড লৈ অহা লোকৰ বাবে এই ভয়াৱহ হোৱাইট ফাংগাছ বিপজ্জনক৷ যিসকল ক’ৰোনা ভাইৰাছত আক্রান্ত ৰোগী অক্সিজেনৰ সমর্থন লৈ চিকিৎসাধীন হৈ থাকে, তেনে ৰোগীক এই হোৱাইট ফাংগাছে সহজে সংক্রমিত কৰে৷ ফাংগাছটোৱে হাঁওফাঁওত প্রত্যক্ষভাৱে প্রভাৱ পেলায়৷

চিকিৎসকৰ মত অনুসৰি কর্কট ৰোগীসকলে এই ফাংগাছত সহজতে আক্রান্ত হোৱাৰ সম্ভাৱনা থাকে৷ এনে ক্ষেত্রত তেনে ৰোগীসকল সাৱধান হোৱা উচিত৷ আনপিনে, শিশু, মহিলা আদিকো এই ফাংগাছটোৱে সংক্রমিত কৰিব পাৰে৷

You might also like