নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত কয়দীৰ ক’ভিড পৰীক্ষাঃ ১,১৬৫জন কাৰাবন্দীৰ সকলো নিগেটিভ

নিয়মীয়া বাৰ্তা, ২১ মে: ক’ৰোনা মহামাৰীক লৈ গুৱাহাটী মহানগৰীৰ চৌদিশে আতংকময় পৰিৱেশ বিৰাজ কৰিছে৷ ক’ৰোনাৰ হটস্পটত পৰিণত হোৱা গুৱাহাটী মহানগৰীত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে গুৱাহাটীৰ কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ থকা কয়দীসকলৰ ক’ভিড পৰীক্ষা কৰা হয়৷

কেন্দ্রীয় কাৰাগাৰৰ এক বিশ্বস্ত সূত্রই জনোৱা মতে, অলপতে কাৰাগাৰত বন্দী হৈ থকা ১,৩০০জন কয়দীৰ ক’ভিড পৰীক্ষা কৰা হয়৷ ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে ক’ভিড পৰীক্ষা কৰাৰ পিছত আটইকেইজন কয়দীৰ ফলাফল নিগেটিভ ওলায়৷ অৱশ্যে ইয়াৰে কিছুসংখ্যক কয়েদীক এইচ পি চিৰ নির্দেশনা অনুসৰি জামিন মঞ্জুৰ কৰা হৈছে যদিও বর্তমান কাৰাগাৰত ১,১৬৫জন কয়দী আছে৷

ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি নিয়মিতভাৱে কাৰাগাৰ চৌহত ছেনিটাইজ কৰাৰ লগতে স্বাস্থ্য বিভাগৰ নির্দেশনা অনুসৰি ক’ভিড প্রট’কল মানি চলাৰ উপৰি প্রতিজন কয়দীক হাত ধোৱা আৰু মাস্ক পৰিধান কৰাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ইপিনে, কাৰাগাৰত আজিৰে পৰা ক’ভিড টিকাকৰণ আৰম্ভ কৰা হৈছে৷ প্রতিজন কয়দীক কেন্দ্রীয় কাৰাগাৰ কর্তৃপক্ষই এই ক’ভিড টিকাকৰণত সামৰি লোৱাৰ যাৱতীয়া ব্যৱস্থা গ্রহণ কৰিছে বুলি কেন্দ্রীয় কাৰাগাৰৰ এক বিশ্বস্ত সূত্রই জানিবলৈ দিছে৷

গুৱাহাটীৰ কেন্দ্রীয় কাৰাগাৰত যাতে ক’ৰোনা মহামাৰীৰ সংক্রমণ হ’ব নোৱাৰে তাৰ বাবে বিভাগীয় কর্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷ উল্লেখ্য যে শিৱসাগৰ জিলা কাৰাগাৰত বন্দী হৈ থকা পাঁচ শতাধিক কয়দীৰ ক’ভিড পৰীক্ষা কৰাৰ পিছত ৭৬জনৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে৷

You might also like