এমাহৰ পিছত আজি ঘৰ পাবহি ৰিতুল শইকীয়া; গভীৰ উৎকণ্ঠাৰে অপেক্ষা কৰিছে পিতৃ–মাতৃ–পত্নীয়ে
নিয়মীয়া বাৰ্তা, ২২ মে: অ’ এন জি চিৰ অপহূত কর্মচাৰী, বৰহোলাৰ ৰিতুল শইকীয়াক আলফাই শনিবাৰে মুক্তি দিয়াৰ লগে লগে অধিক উৎকণ্ঠিত হৈ পৰিছে পৰিয়ালবর্গ৷ ৰিতুলৰ মুখখন চোৱাৰ হেঁপাহত অধীৰ আগ্রহেৰে বাট চাই ৰৈছে বৃদ্ধ পিতৃ–মাতৃ–পত্নী আৰু ভাতৃসকল৷
উল্লেখ্য যে সম্পূর্ণ এটা মাহৰ জল্পনা–কল্পনাৰ অন্ত পেলাই বৃহস্পতিবাৰে আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সংবাদ মাধ্যমযোগে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে চাৰি দিনৰ ভিতৰত সুস্থভাৱে মুকলি কৰি দিয়া হ’ব অপহূত ৰিতুল শইকীয়াক৷ ইয়াৰ পিছতে স্বাভাৱিকতে ৰিতুল শইকীয়াৰ পৰিয়ালবর্গ আনন্দিত হৈ পৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা, স্থানীয় দল–সংগঠন আৰু সংবাদকর্মীসকলক বাৰম্বাৰ ধন্যবাদ জ্ঞাপন কৰিছে৷ অপহূত পুত্রক বিচাৰি হাহাকাৰ কৰা অসুস্থ পিতৃ–মাতৃয়ে সম্পূর্ণ এটা মাহ দিন–ৰাতি কেনেকৈ পাৰ কৰিছে সেয়া অবর্ণনীয়৷
ইফালে, স্বামী ঘৰলৈ ঘূৰি আহিব বুলি জানি কিছু আনন্দিত হৈ পৰা দেখা গৈছে পত্নী শতাব্দী হাজৰিকাক৷ দেউতাকৰ বোকাচাত উঠি উমাল মৰমত উমলি থকা ৰিতুলৰ চাৰিমহীয়া অবুজ সন্তানটিয়ে এমাহে লাভ কৰা নাই দেউতাকৰ সান্নিধ্য৷ ভাল খবৰ এয়ে যে ৰিতুলৰ ঘৰখনত আজি কান্দোনৰ ৰোল নাই৷ সকলো অপেক্ষাৰত মাথোঁ স্বগৃহলৈ ৰিতুলক আদৰাৰ৷ বৃদ্ধ পিতৃ–মাতৃয়ে আজিও সংবাদ মাধ্যমৰ আগত আৱেগিক মাতেৰে কয় যে আমাৰ পুত্র ৰিতুল ঘৰলৈ ঘূৰি আহিব বুলি শুনি বহুত আনন্দিত হৈছোঁ৷ পুত্রৰ কথা চিন্তা কৰি এমাহ দিন–ৰাতি কিমান কষ্টৰে পাৰ হ’ল বুজাব নোৱাৰোঁ৷ ৰিতুল ঘৰলৈ ঘূৰি অহাৰ ক্ষেত্রত, বিশেষকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জনাইছোঁ৷ তেওঁ ৰিতুলৰ মুক্তিৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিলে৷ পৰিয়ালটোৰ মর্মবেদনা উপলব্ধি কৰি ৰিতুলক সুস্থভাৱে মোকলাই দিয়াৰ সিদ্ধান্ত লোৱাৰ বাবে পৰেশ বৰুৱাকো ধন্যবাদ জনায় ৰিতুলৰ মাতৃয়ে৷