নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’লযাত্রীৰ ভাৰা সামান্য বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ নৱবৰ্ষৰ পহিলা দিনটোৰে পৰা কার্যকৰী হোৱাকৈ ৰে’ল বিভাগে যাত্রীৰ ভাৰাৰ সামান্য সংশোধন কৰিছে৷

অৱশ্যে ছিজন টিকট আৰু ছাব–আৰবান ৰে’ল ভাৰাৰ ক্ষেত্রত কোনোধৰণৰ পৰিৱর্তন নহ’ব৷

সেই অনুসৰি সাধাৰণ এচি নথকা শ্রেণীৰ প্রতিজন যাত্রীৰ এক কিলোমিটাৰৰ ভ্রমণত ০১ পইচাকৈ বৃদ্ধি কৰা হৈছে৷ মেইল নাইবা এক্সপ্রেছ এচি নথকা শ্রেণীৰ ক্ষেত্রত কিলোমিটাৰ অনুযায়ী প্রতিজন যাত্রীৰ ভাৰা ০২ পইচাকৈ বৃদ্ধি হৈছে৷ এচি শ্রেণীৰ ক্ষেত্রত কিলোমিটাৰ হিচাপত প্রতিজন যাত্রীয়ে ভৰিব লাগিব ০৪ পইচা৷

অৱশ্যে সংৰক্ষণ মাচুল, ছুপাৰ ফার্ষ্ট ৰে’লৰ চাৰচার্জ আদিৰ ক্ষেত্রত ভাৰাৰ কোনো পৰিৱর্তন নহয়৷

You might also like