নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বার্তা’ৰ কার্যালয়ত শ্রদ্ধাঞ্জলি অনুষ্ঠানঃ আদ্যশ্রাদ্ধত কথাশিল্পী হোমেন বৰগোহাঞিক সশ্রদ্ধ স্মৰণ

নিয়মীয়া বাৰ্তা, ২২ মেঃ স্বনামধন্য কথাশিল্পী প্রয়াত হোমেন বৰগোহাঞিক শনিবাৰে আদ্যশ্রাদ্ধৰ দিনটোত ৰাজ্যজুৰি শ্রদ্ধাৰে স্মৰণ কৰা হয়৷ কঠোৰ ক’ভিড প্রট’কলৰ মাজতো তেওঁৰ গুণমুগ্ধ, সাহিত্যৰ অনুৰাগীসকলে অনুষ্টুপীয়াকৈ শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে৷ যশস্বী সাহিত্যিক–সাংবাদিক মৃত্যুৰ দিনটোলৈ কার্যনির্বাহ কৰি যোৱা ‘নিয়মীয়া বার্তা’ৰ কার্যালয়তো প্রয়াত মুখ্য সম্পাদকগৰাকীলৈ গভীৰ শ্রদ্ধা নিবেদন কৰা হয়৷

কার্যালয় চৌহদত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত স্বর্গগামী কথাশিল্পীগৰাকীৰ প্রতিচ্ছবিত পুষ্পাঞ্জলি অর্পণ কৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মা, ডেপুটী চিইঅ’ ভৱেশ ডেকা, ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক ছৈয়দ জাৰিৰ হুছেইন, ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতা, কার্যবাহী সম্পাদক অমল দাস আদিয়ে৷

সংবাদ গোষ্ঠীটোৰ অভিভাৱকস্বৰূপ প্রয়াত বৰগোহাঞিৰ অৱদানৰ বিষয়ে স্মৰণ কৰি ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতাই কয় যে বিগত ১৩ বছৰ ধৰি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ সৈতে জড়িত হৈ আছিল হোমেন বৰগোহাঞি৷ ‘নিয়মীয়া বার্তা’ কাকতখনৰ সৈতেও তেওঁৰ ৭ বছৰৰ সম্পর্ক আছিল৷ প্রথম দুবছৰ বাহিৰৰ পৰাই দিহা–পৰামর্শ দি অহাৰ পাছত বিগত পাঁচ বছৰ ধৰি কাকতখনৰ সম্পাদনা উপদেষ্টা আৰু মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰিছিল৷ আনকি জীৱনৰ অন্তিম দিনটোলৈ কাকতখনৰ মুখ্য সম্পাদক হিচাপে কার্যনির্বাহ কৰিছিল৷ তেওঁৰ সকলো সৃষ্টি সংৰক্ষণ আৰু প্রকাশৰ ব্যৱস্থা কৰা হ’ব বুলি সদৰী কৰি ‘নিয়মীয়া বার্তা’ৰ সম্পাদকগৰাকীয়ে লগতে কয় যে হোমেন বৰগোহাঞি কায়িকভাৱে আঁতৰি গ’ল যদিও সৃষ্টিৰাজিৰ জৰিয়তে সদায়ে অমৰ হৈ থাকিব৷ সেই বাবেই ‘নিয়মীয়া বার্তা’ত প্রতি দেওবাৰে প্রকাশিত ‘মোৰ টোকাবহীৰ পৰা’ শিতানটো নিয়মীয়াকৈ প্রকাশ কৰি যোৱাৰ সিদ্ধান্ত লোৱা হৈছে৷ তেওঁৰ পূর্বৰ ৰচনাসমূহ পুনৰ মুদ্রণ কৰি পঢ়ুৱৈৰ বাবে আগবঢ়াই নিয়া হ’ব এই জনপ্রিয় শিতানটো৷

ইফালে প্রয়াত বৰগোহাঞিৰ বিশেষ উদ্যোগত জন্ম হোৱা দিব্যাংগসকলৰ কল্যাণৰ বাবে গঠিত সংগঠন ‘কৰুণাধাৰা’ৰ সদস্যসকলেও ভার্চুৱেল মাধ্যমেৰে অনুষ্ঠানটোৰ পিতৃপুৰুষগৰাকীক স্মৰণ কৰে৷ একেদৰে ডি পি আৰ চিৰ গুৱাহাটীৰ লাষ্টগেট আৰু বৰপেটা কেন্দ্রত দিনৰ ১১.৩০ বজাত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ গুৱাহাটীৰ কেন্দ্রত আয়োজিত অনুষ্ঠানত মহীৰূহ সাহিত্যিকগৰাকীলৈ সেৱা জনাই তেওঁৰ অৱদানৰ বিষয়ে স্মৰণ কৰে জ্যেষ্ঠ সাংবাদিক দিগন্ত দাস, প্রাণজিৎ শইকীয়া, গীতিমালিকা নেওগ আদিয়ে৷ এইদৰে ৰাজ্যৰ প্রান্তে প্রান্তে অসমৰ জাতীয় জীৱনৰ নক্ষত্রস্বৰূপ ব্যক্তিগৰাকীক সশ্রদ্ধ স্মৰণ কৰা হয়৷

You might also like