নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত ৭.৪ প্রাবল্যৰ ভূমিকম্প; হতাহত ৩০

নিয়মীয়া বাৰ্তা, ২৩ মেঃ চীনত ৭.৪ প্রাবল্যৰ ভূমিকম্পৰ ফলত অতিকমেও তিনিজন লোকৰ প্রাণহানি হোৱাৰ লগতে ২৭জন লোক আহত হৈছে৷ তদুপৰি এই ভূমিকম্পৰ জোকাৰণি ১২খন প্রদেশত অনুভূত হৈছে৷ তথ্য মতে চীনৰ কিনঘাই প্রদেশৰ উত্তৰ–পশ্চিম প্রান্তত য়াংবি য়ি অট’নমাছ কাউণ্টিত ৭.৪ প্রাবল্যৰ ভূমিকম্পৰ জোকাৰণিত বাসগৃহকে ধৰি আন্তঃগাঁথনি বিধ্বস্ত হয়৷ এই পৰিস্থিতিত অতিকমেও তিনিজন লোক নিহত হোৱাৰ লগতে ২৭জন লোক আহত হয়৷

বেইজিঙৰ সূত্রত প্রকাশ পোৱা মতে, ১২খন প্রদেশত ৭.৪ প্রাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হ’লেও ইয়াংবি অধিক ক্ষতিগ্রস্ত হৈছে৷ ইয়াংবিতে দুজন লোকৰ প্রাণহানি হৈছে৷ ইয়ং পিং কাউণ্টিত এজন লোক নিহত হৈছে৷ এই ভূমিকম্পৰ ফলত প্রায় ৭২ সহস্রাধিক পৰিয়াল ক্ষতিগ্রস্ত হোৱাৰ লগতে ২০ সহস্রাধিক বাসগৃহ বিধ্বস্ত হৈছে৷ চীন আর্থকুৱেক নেটৱর্কছ চেণ্টাৰ (চি ই এন চি)–এ প্রকাশ কৰা মতে ৭.৪ প্রাবল্যৰ ভূমিকম্পৰ পিছত দেশখনত ১৬৬টা জোকাৰণি অনুভূত হৈছে৷ ইয়াৰে ভিতৰত ৪টাৰ জোকাৰণি ৫.০ প্রাবল্যতকৈ অধিক৷ ভূমিকম্পটোৰ উৎপত্তিস্থল মাডু বুলি চি ই এন চিয়ে প্রকাশ কৰিছে৷ ই ভূগর্ভৰ ১৭ কিলোমিটাৰ গভীৰতাত উৎপত্তি হৈছিল৷

You might also like