সামুদ্রিক ধুমুহা ‘যশ’ অতি ভয়াৱহ হ’ব
নিয়মীয়া বাৰ্তা, ২৩ মেঃ বংগোপ সাগৰত সৃষ্ট সামুদ্রিক ধুমুহাই অতি ভয়াৱহ ৰূপত ওড়িশা আৰু পশ্চিমবংগত খুন্দিয়াব বুলি সতর্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)–এ৷ বিভাগে প্রকাশ কৰা মতে, ২৬ মে’ৰ সন্ধিয়া অতি তীব্র বেগেৰে ঘূর্ণি ‘যশ’ ওড়িশা আৰু পশ্চিমবংগ অতিক্রম কৰি বাংলাদেশলৈ ধাৱমান হ’ব৷ ভয়াৱহ সামুদ্রিক ধুমুহাৰ ক্ষতিৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে দুয়োখন ৰাজ্যত হাই এলার্ট ঘোষণা কৰা হৈছে৷ সম্ভাব্য পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এন ডি আৰ এফকে ধৰি বায়ু–স্থলসেনাক সাজু কৰি ৰখা হৈছে৷
বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে ২৩ মে’ৰ পুৱা সামুদ্রিক ঘূর্ণিৰ উদ্ভৱ হৈ লাহে লাহে ই তীব্র ৰূপ ল’ব৷ ২৪ মে’ত ই উত্তৰ–পশ্চিম দিশে ধাৱমান হৈ অতি দ্রুতবেগেৰে ২৪ ঘণ্টাৰ ভিতৰত ওড়িশা আৰু পশ্চিমবংগৰ উপকূলীয় অঞ্চলত খুন্দা মাৰিব৷ পাছলৈ ২৬ মে’ৰ সন্ধিয়া ই বাংলাদেশলৈ ধাৱমান হ’ব৷ উল্লেখ্য যে কিছুদিন পূর্বে সামুদ্রিক ধুমুহা টাউটিয়ে মহাৰাষ্ট্র, গুজৰাট, কেৰালা, গোৱা, কর্ণাটক আদি ৰাজ্যত সংহাৰী ৰূপ লৈছিল৷