নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন এক আতংকঃ ব্লেক–হোৱাইট য়েলোৰ পিছত এইবাৰ এছপাৰগিলোছিছ

নিয়মীয়া বাৰ্তা, ২৯ মেঃ কালান্তক ক’ৰোনাৰ মাজতে ব্লেক–হোৱাইট আৰু য়েলো ফাংগাছৰ সংক্রমণে আতংকৰ সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ আন এক আতংক হিচাপে ধৰা পৰিছে এছপাৰগিলোছিছ৷

দেশৰ বিভিন্ন ৰাজ্যত ব্লেক–হোৱাইট আৰু ইয়েলো ফাংগাছৰ সংক্রমণে ক’ভিড আক্রান্ত ৰোগীৰ জীৱনলৈ শংকা নমাই অনাৰ সময়তে গুজৰাটত ধৰা পৰিছে আন এক মাৰাত্মক এছপাৰগিলোছিছৰ সংক্রমণ৷ গুজৰাটৰ বদোদৰাৰ চিকিৎসালয়ত ক’ভিড–১৯ত আক্রান্ত লোকৰ দেহত এছপাৰগিলোছিছ ফাংগাছ ধৰা পৰিছে৷

চিকিৎসালয়খনত এছপাৰগিলোছিছত আক্রান্ত অতি কমেও আঠজন ৰোগী ধৰা পৰাৰ পাছত চিকিৎসকসকলে বিশেষভাৱে চিকিৎসা চলাই আছে৷ উল্লেখ্য যে এই এছপাৰগিলোছিছত আক্রান্ত হোৱা ৰোগীসকলৰ ভিতৰত ক’ভিডত আক্রান্ত হৈ থকা ৰোগীৰ লগতে ক’ভিডৰ পৰা সুস্থ হোৱা লোকো আছে৷

চিকিৎসকৰ মতে নাকেৰে শৰীৰত প্রৱেশ কৰা এছপাৰগিলিয়াছ ফাংগাছে হাঁওফাঁওত আক্রমণ কৰে আৰু লোকজনক দুর্বল কৰি তোলে৷ চিকিৎসকৰ মতে দুর্বল লোকসকলে এই ফাংগাছত আক্রান্ত হ’লে মৃত্যু হোৱাৰ সম্ভাৱনা থাকে৷ সাধাৰণ লোকৰ নাকেৰে এছপাৰগিলিয়াছ ফাংগাছ শৰীৰত প্রৱেশ কৰিলেও ই বিশেষ ক্ষতি কৰিব নোৱাৰে যদিও ক’ভিড ৰোগী তথা ক’ভিডত আক্রান্ত হৈ সুস্থ হোৱা লোকৰ হাঁওফাঁওত ক্ষতি কৰে৷

উল্লেখ্য যে ব্লেক ফাংগাছ প্রথমতে গুজৰাটৰ চিকিৎসালয়ত ধৰা পৰাৰ পাছত মহাৰাষ্ট্র, দিল্লী, কর্ণাটক, অসমকে ধৰি কেইবাখনো ৰাজ্যত ক’ভিড ৰোগীৰ দেহত এই মাৰাত্মক ফাংগাছটো ধৰা পৰে৷ এই ফাংগাছটোত আক্রান্ত হৈ ইতিমধ্যে দেশজুৰি ৭ সহস্রাধিক লোকৰ প্রাণ হেৰাইছে৷ ঠিক তেনেদৰে হোৱাইট ফাংগাছ আৰু ইয়েলো ফাংগাছত সংক্রমিত ৰোগীৰ সংখ্যাও বর্ধিত হৈ আছে৷ এনে সময়তে আন এক ফাংগাছৰ স্থিতি ক’ভিড ৰোগীৰ দেহত ধৰা পৰাত চিকিৎসকসকলৰ বাবে ক’ভিড ৰোগীৰ চিকিৎসাত এক প্রত্যাহ্বান আহি পৰিছে৷

You might also like