নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯৭৮ চনতে বন্ধ কানাডাৰ আৱাসিক স্কুলৰ চৌহদত ওলাল ২০০ৰো অধিক কণ কণ শিশুৰ কংকাল

নিয়মীয়া বাৰ্তা, ৩০ মেঃ ৪৩ বছৰ পূর্বে বন্ধ হৈ পৰিত্যক্ত হৈ থকা কানাডাৰ এখন আৱাসিক স্কুলত ২১৫ শিশুৰ মৃতদেহৰ অৱশিষ্ট উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ১৯৭৮ চনতে বন্ধ হৈ যোৱা ব্রিটিছ কলম্বিয়াৰ কামলুপছ ইণ্ডিয়ান ৰেছিডেঞ্চিয়েল স্কুলৰ শিক্ষার্থীসকলৰ মৃতদেহৰ অৱশিষ্ট উদ্ধাৰৰ পিছতে কানাডাৰ প্রধানমন্ত্রী জাষ্টিন ট্রুড’ই এই ঘটনা অতি বেদনাদায়ক বুলি আখ্যা দিছে৷ প্রধানমন্ত্রীগৰাকীয়্ টুইটাৰত কয়–‘মোৰ হূদয় ভাঙি পৰিছে৷ এই ঘটনাটিয়ে আমাৰ দেশৰ ইতিহাসৰ এক ক’লা আৰু লজ্জাজনক অধ্যায়ৰ বেদনাদায়ক স্মৃতি আনিছে৷’

উল্লেখ্য যে উদ্ধাৰ হোৱা ২১৫ শিশুৰ ভিতৰত কিছুসংখ্যক শিশু তিনি বছৰীয়াও আছিল৷ টিকেমলাপছ ছেকৱেপেম নেচনে বিদ্যালয়খনৰ চৌহদত ৰাডাৰ বিশেষজ্ঞৰ দ্বাৰা এই ২১৫ শিশুৰ মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ ছেকৱেপেমৰ মুৰব্বী ৰ’ছান কেছিৱিৰে বিবৃতিযোগে প্রকাশ কৰা মতে এই মৃতদেহৰ অৱশিষ্টই অনেক ৰহস্যৰ উদ্ঘাটন কৰিব৷ এই সময়ত আমাৰ মনত উত্তৰতকৈ অধিক প্রশ্ণৰহে অৱতাৰণা হৈ আছে৷

উল্লেখ্য যে কানাডাৰ আৱাসিক বিদ্যালয় ব্যৱস্থাত পৰিয়ালৰ মাজৰ পৰা বলপূর্বকভাৱে খিলঞ্জীয়া শিশুসকলক পৃথক কৰা হৈছে৷ যাৰ জৰিয়তে সাংস্কৃতিক গণহত্যাৰ প্রচেষ্টা চলোৱা হৈছে৷ ২০১৫ চনত ৬ বছৰৰ অনুসন্ধানৰ অন্তত এই তথ্য পোহৰলৈ আহিছিল৷ অৱশ্যে সম্প্রতি এনেধৰণৰ ব্যৱস্থা নাই৷ গুৰুত্বপূর্ণ যে অৱশিষ্ট মৃতদেহৰ প্রতিবেদনত প্রকাশ কৰা মতে শিশুসকলৰ ওপৰত অকথ্য শাৰীৰিক নির্যাতন, ধর্ষণ, অপুষ্টিকৰতা আৰু অন্যান্য জঘন্য অপৰাধ চলোৱা হৈছিল৷ খ্রীষ্টিয়ান চার্চৰ দ্বাৰা ১৮৪০ৰ পৰা ১৯৯০ চনলৈকে এনেধৰণৰ আৱাসিক স্কুল চলোৱা হৈছিল আৰু এই সময়ছোৱাত ডেৰ লাখতকৈ অধিক শিশু জঘন্য ঘটনাৰ বলি হৈছিল৷

You might also like