নিয়মীয়া বাৰ্তা, ১ জুনঃ দীৰ্ঘদিন ধৰি টিভি ধাৰাবাহিকত এজন আদৰ্শ পিতৃ আৰু দয়ালু স্বামীৰ চৰিত্ৰত অভিনয় কৰি অহা জনপ্ৰিয় অভিনেতা কৰণ মেহৰাৰ বিৰুদ্ধে তেওঁৰ পত্নীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। টিভি অভিনেত্ৰী নিশা ৰাৱালে কৰণৰ বিৰুদ্ধে যোৱা নিশা কাজিয়াৰ পিছত প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।
পত্নী নিশা ৰাৱালৰ এই অভিযোগৰ পিছত মঙলবাৰে ৰাতিপুৱা জনপ্ৰিয় টিভি ধাৰাবাহিক ইয়ে ৰিস্তা ক্যা কেহলাতা হে (Yeh Rishta Kya Kehlata Hai)ত মুখ্য চৰিত্ৰত অভিনয় কৰা ৩৮ বছৰীয়া অভিনেতাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল।
টাইমছ অফ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, যোৱা নিশা ঘৰুৱা বিবাদৰ বাবে দুয়ো স্বামী-স্ত্ৰী বাক-বিতন্দাত লিপ্ত হৈছিল আৰু তাৰপাছত কৰণ মেহৰাই তেওঁৰ পত্নীক দেৱালত ঠেলি দিছিল। যাৰ ফলত তেওঁৰ মূৰত আঘাত পাইছিল। আইপিচিৰ ৩৩৬ আৰু ৩৩৭ ধাৰাৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল।
গৰেগাঁও আৰক্ষীয়ে কৰণ মেহৰাৰ বিৰুদ্ধে আইপিচিৰ ৩৩৬, ৩৩৭ আৰু ৩৩২ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।
খবৰ অনুসৰি, অভিনেতাজনক মঙলবাৰে দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হ’ব।
Maharashtra | Actor Karan Mehra arrested after his wife & actor Nisha Rawal filed a complaint in Goregaon area last night. Rawal filed a complaint against Mehra following a brawl. A case has been registered: Mumbai Police
— ANI (@ANI) June 1, 2021