নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাল ক’ৰোনাই প্রাণ কাঢ়িলে পিতৃ–মাতৃৰ, দেশত অনাথ ৯,৩৪৪ শিশু

  • মধ্যপ্রদেশ–উত্তৰ প্রদেশত সর্বাধিক পিতৃ–মাতৃহাৰা
  • ছুপ্রিম ক’ৰ্টত দাখিল কৰা শপতনামাত ছয়দফীয়া আঁচনি প্রস্তুতৰ প্রসংগ উল্লেখ

নিয়মীয়া বাৰ্তা, ২ জুনঃ  কালান্তক ক’ৰোনাই দেশৰ লক্ষ লক্ষ পৰিয়াললৈ অমানিশা নমাই আনিছে৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে নিঠৰুৱা কৰিলে ৯ সহস্রাধিক শিশুক৷ কাল ক’ৰোনাই পিতৃ–মাতৃৰ প্রাণকাঢ়ি নিয়াৰ পিছত দেশজুৰি ৯,৩৪৪ শিশু অনাথ হৈছে৷ হূদয়বিদাৰক তথা উদ্বেগজনক এই তথ্য মঙলবাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে নেচনেল কমিছন ফৰ প্রটেকচন চাইল্ড ৰাইটছ (এনচিপিচিআৰ)–এ৷

ক’ভিড–১৯ত পিতৃ–মাতৃ উভয়কে হেৰুওৱা কিম্বা পিতৃ–মাতৃ এজনক হেৰুওৱা অনাথ শিশুৰ ক্ষেত্রত ৬ দফীয়া আঁচনি গ্রহণ কৰাৰ বাবে এন চি পি চি আৰে আজি উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰে৷ এই শপতনামাত এন চি পি চি আৰে অলপতে মুকলি কৰা বালস্বৰাজ পর্টেলত দেশৰ ৯,৩৪৬ শিশুৱে ক’ৰোনাত পিতৃ–মাতৃক হেৰুওৱা বুলি তথ্য উপলব্ধ হোৱা বুলি তথ্য উল্লেখ কৰিছে৷

৯,৩৪৬ শিশুৰ ভিতৰত ১,৭৪২জনে পিতৃ–মাতৃ উভয়কে হেৰুৱাইছে৷ ৭,৪৬৪জনে মাতৃক হেৰুৱাইছে৷ আনপিনে ১৪০জন অকলশৰীয়া অৱস্থাত আছে৷ ২০২০ মার্চৰ পৰা ২৯ মে’ ২০২১লৈকে দেশত উল্লিখিত শিশুসকল অনাথ হোৱা বুলি তথ্যত প্রকাশ পাইছে৷

মন কৰিবলগীয়া যে ১,২২৪জন বর্তমান এগৰাকী অভিভাৱকৰ অধীনত বাস কৰি থকাৰ বিপৰীতে ৯৮৫জন কোনোবা পৰিয়ালত বসবাস কৰি আছে৷ যিটো পৰিয়ালত আইনীভাৱে অভিভাৱক নাই৷ তেনেদৰে ৬,৬১২জন শিশু একক পিতৃ পৰিয়ালত বাস কৰি আছে৷

আনপিনে, ৩১জন শিশুক ইতিমধ্যে বিশেষ দত্তক সংস্থালৈ প্রেৰণ কৰা হৈছে৷ উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত সর্বাধিক অনাথ আৰু পৰিত্যক্ত শিশু মধ্যপ্রদেশত, একক অভিভাৱকৰ অধীনত থকা শিশুৰ শীর্ষস্থানত উত্তৰ প্রদেশ৷ ৰাজ্যখনত ১,৮৩০জন শিশু একক অভিভাৱক পৰিয়ালত বসবাস কৰি আছে৷

তেনেদৰে উত্তৰ প্রদেশত সর্বাধিক বিপজ্জনক অৱস্থাত ২,১১০জন শিশু আছে৷ দেশজুৰি অনাথ হোৱা শিশুৰ ভিতৰত ৪ৰ পৰা ৭ বছৰৰ ভিতৰত ১,৫১৫জন, ৮ৰ পৰা ১৩ বছৰলৈ ৩,৭১১জন, ১৪ৰ পৰা ১৫লৈ ১,৬২০জন আৰু ১৬ৰ পৰা ১৭ বছৰ বয়সলৈকে ১,৭১২জন আছে৷

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ত এন চি পি চি আৰে দেশজুৰি অনাথ হোৱা শিশুৰ সংখ্যাসহ শপতনামা দাখিলৰ দুদিন পূর্বে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই অনাথ শিশুসকলৰ সুৰক্ষা আৰু ভৱিষ্যতৰ প্রতি লক্ষ্য ৰাখি পিএম কেয়ার্ছ ফৰ চিলড্রেন আঁচনি ঘোষণা কৰিছে৷ এই আঁচনি অনুসৰি ১৮ বছৰ বয়সলৈকে শিশুসকলক বিনামূলীয়াকৈ শিক্ষা প্রদান কৰাৰ লগতে চৰকাৰী সা–সুবিধা প্রদান কৰিব৷

You might also like