জীৱিত ব্যক্তিৰ যকৃত সংৰোপণেৰে ৰোগীক সুস্থ কৰিলে চেন্নাইৰ চিকিৎসকে
নিয়মীয়া বাৰ্তা ১১ জুনঃ চিকিৎসা বিজ্ঞানত চমকপ্রদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে চেন্নাই এম জি এম হাস্পতালৰ চিকিৎসকসকলে৷ প্রথমবাৰলৈ যকৃত বিকল হৈ পৰাৰ পিছত ২৬ বছৰীয়া যুৱক এজনৰ দেহত ভাতৃৰ যকৃত সংৰোপণ কৰি যুৱকজনক সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে চিকিৎসকসকল৷ জীৱিত দাতাৰ পৰা এনেদৰে যকৃতৰ অংশ লৈ কোনো ৰোগীৰ অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰা দেশত এইটোৱে প্রথম ঘটনা৷ ৰাগুল গান্ধী নামৰ ২৬ বছৰীয়া যুৱকজন যকৃত বিকল হৈ সংজ্ঞাহীন অৱস্থাত আছিল৷ দুদিন পিছত ভাতৃৰ যকৃত সংৰোপণেৰে ৰাগুলক সুস্থ কৰি তোলে চিকিৎসকসকলে৷ স্মর্তব্য যে ৰাগুল ক’ভিড পজিটিভো আছিল৷ ক’ভিডকো জয় কৰিবলৈ সক্ষম হৈছে ৰাগুলে৷