নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাল খবৰঃ শুৱালকুছিৰ দুই মাতৃভাষাৰ বিদ্যালয়ত নামভৰ্তিৰ দীঘল শাৰী

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ পূর্বৰ তুলনাত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহত নতুন নামভর্তিৰ হাৰ বৃদ্ধি ৷ শুৱালকুছিৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ত নতুনকৈ নামভর্তিৰ বাবে ছাত্র–ছাত্রীৰ হেতা–ওপৰা লগা পৰিলক্ষিত হৈছে ৷ বিশিষকৈ গুণোৎসৱত ‘এ’ গ্রেড পাবলৈ সক্ষম হোৱা শুৱালকুছি গণেশ দাস হাইস্কুল আৰু শুৱালকুছি কালিৰাম কাৰিকৰ হাইস্কুলত ২০২০ বর্ষৰ বাবে নতুন নামভর্তিৰ বাবে বহুত ছাত্ৰ–ছাত্রী অহা পৰিলক্ষিত হৈছে ৷ ইয়াৰে গণেশ দাস হাইস্কুলত ষষ্ঠ শ্রেণীত নামভর্তিৰ বাবে ১৫১গৰাকী আৰু শুৱালকুছি কাঃ কাঃ হাইস্কুলত প্রায় ১০০গৰাকী শিক্ষার্থী নামভর্তিৰ বাবে আহে ৷ অৱশ্যে বিদ্যালয়সমূহত পর্যাপ্ত কোঠা আৰু শিক্ষক–শিক্ষয়িত্রীৰ অভাৱৰ বাবে বিদ্যালয় কর্তৃপক্ষ কিছু অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে ৷ তথাপিও পার্যমানে নামভর্তিৰ সুযোগ দিয়াৰ চেষ্টা চলাব কর্তৃপক্ষই ৷ শেহতীয়াকৈ অভিভাৱকৰ এনে চিন্তা–চর্চাই চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

You might also like